হায়দৰাবাদ: টেক জায়ান্ট গুগলে ভাৰতত নেতৃত্বৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আনিছে । কোম্পানীটোৱে প্ৰীতি লোবানাক গুগল ইণ্ডিয়াৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিছে । এছিয়া পেচিফিক অঞ্চলৰ বাবে গুগলৰ ভাইচ প্ৰেচিডেণ্ট পদত পদোন্নতি লাভ কৰা সঞ্জয় গুপ্তাৰ পৰা দায়িত্ব গ্ৰহণ কৰিব প্ৰীতিয়ে । গুগল ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে নিযুক্তি লাভ কৰা লোবানাক কোম্পানীটোৰ বিশ্বব্যাপী নেতৃত্বৰ এগৰাকী বিশিষ্ট ব্যক্তি হিচাপে চিহ্নিত কৰা হৈছে ।
প্ৰীতি লোবানা কোন?
গুগল ইণ্ডিয়াৰ নতুন ভাইচ প্ৰেচিডেণ্ট প্ৰীতি লোবানাই প্ৰযুক্তি আৰু বিত্তীয় উদ্যোগৰ ক্ষেত্ৰত 30 বছৰৰো অধিক সময়ৰ অভিজ্ঞতাপুষ্ট । যোৱা 8 বছৰ ধৰি গুগলৰ এগৰাকী প্ৰধান সদস্য হিচাপে নিজৰ নেতৃত্ব আৰু স্বচ্ছতা প্ৰদৰ্শন কৰি আহিছে । ইয়াৰ উপৰিও গুগল ইণ্ডিয়া অপাৰেচনৰ নেতৃত্ব দিব, যিয়ে কোম্পানীটোৰ বৃদ্ধি আৰু বজাৰত উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
প্ৰীতি লোবানাৰ শিক্ষাগত অৰ্হতা
শৈক্ষিক অৰ্হতাৰ কথা ক’বলৈ গ’লে লোবানা ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম) আহমেদাবাদৰ প্ৰাক্তন ছাত্ৰী । এই প্ৰতিষ্ঠানটো ভাৰতৰ অন্যতম প্ৰখ্যাত আৰু প্ৰিমিয়াৰ বিজনেছ স্কুল । প্ৰীতিৰ শৈক্ষিক অৰ্হতাই বৃহৎ সংস্থাসমূহত পৰিৱৰ্তন আৰু কাৰ্যকৰী উৎকৰ্ষতাক আগুৱাই নিয়াৰ ক্ষমতাক উজ্জ্বল কৰি তুলিছে ।