অসম

assam

আপুনি বিচৰা ধৰণে সজাই ল’ব পাৰিব WhatsApp ৰ ChatPage - Whatsapp new Feature

By ETV Bharat Tech Team

Published : 5 hours ago

Whatsapp Theme Chat Feature: জনপ্ৰিয় মেছেজিং এপ WhatsApp ত সংযোগ হ’ব আন এক নতুন বৈশিষ্ট্য । গ্ৰাহকক উন্নত অভিজ্ঞতা প্ৰদান কৰিবলৈ চেট থিম বৈশিষ্ট্য সংযোগ হ’ব WhatsApp ত । এই বৈশিষ্ট্য অতি সোনকালে বিটা ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ হ’ব ।

Etv Bharat
আপুনি বিচৰা ধৰণে সজাই ল’ব পাৰিব WhatsApp ৰ ChatPage (ETV Bharat)

নিউজ ডেস্ক, 22 ছেপ্টেম্বৰ:ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপে নিজক সদায়ে উন্নত কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে । সময়ে সময়ে WhatsApp এ নতুন নতুন বৈশিষ্ট্য সংযোজন কৰিছে । সমান্তৰালভাৱে, ব্যৱহাৰকাৰীৰ সুৰক্ষাৰ দিশলৈ লক্ষ্য ৰাখি বহু বৈশিষ্ট্য আনিছে । ব্যৱহাৰকাৰীসকলক উন্নত অভিজ্ঞতা প্ৰদান কৰিবলৈ নতুন বৈশিষ্ট্য উপলব্ধ কৰা হৈছে । শেহতীয়াকৈ WhatsApp এ যোগাযোগ ব্যৱস্থা সহজ কৰি তুলিবলৈ Voice Note Transcripts নামৰ এটা বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে । শেহতীয়াকৈ আন এটা থিম Chat নামৰ নতুন এটা বৈশিষ্ট্য আনিবলৈ সাজু হৈছে। কেতিয়া উপলব্ধ হ’ব এই সুবিধা ? সবিশেষ আপোনাৰ বাবে---

WhatsApp Chat থিমৰ বৈশিষ্ট্য:

  • WhatsApp ৰ নতুন ফিচাৰৰ সহায়ত ব্যৱহাৰকাৰীয়ে নিজৰ Chat ত বিভিন্ন থিম যোগ কৰিব পাৰিব ।
  • নিজৰ পছন্দৰ ৰঙেৰে ভৰাই ল’ব পাৰিব ।
  • অৰ্থাৎ ব্যৱহাৰকাৰীৰ পছন্দ অনুসৰি Chat পৃষ্ঠাটো তৈয়াৰ কৰিব পাৰি ।
  • WhatsApp এ এই সুবিধা আনিছে কেৱল ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰাই নহয়, Chat ক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ ।

এই বৈশিষ্ট্য কেতিয়াৰ পৰা উপলব্ধ হ’ব?

  • বৰ্তমান এই নতুন থিম চেট বৈশিষ্ট্য উন্নীতকৰণৰ কাম চলি আছে ।
  • এইখিনি মেছেজিং এপ হোৱাটছএপ সন্দৰ্ভত নিয়মীয়াকৈ আপডেট প্ৰদান কৰা Wabita Info ই নিজৰ ব্লগত শ্বেয়াৰ কৰিছে ।
  • অতি সোনকালে ব্যৱহাৰকাৰীৰ বাবে Beta উপলব্ধ হ’ব ।
  • লগতে সম্পৰ্কীয় স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে।

ইনষ্টা ষ্টাইলত টেগ

  • সাধাৰণতে ইনষ্টাগ্ৰামত আমি এটা কাহিনী পোষ্ট কৰাৰ সময়ত আমাৰ ভাল লগা মানুহবোৰক টেগ কৰো ।
  • অৰ্থাৎ ব্যক্তিজনে এটা জাননী লাভ কৰিব যে আমি এটা ষ্ট’ৰী পোষ্ট কৰিছো । ইয়াৰ লগে লগে তেওঁলোকে আমাৰ ষ্ট’ৰীটো চাব ।
  • হোৱাটছএপেও এনে সুবিধা আনিবলৈ বিচাৰিছে ।
  • অৰ্থাৎ হোৱাটছএপত ষ্টেটাছ দিয়াৰ সময়ত আমি বিচৰা মানুহখিনিক টেগ কৰিব পাৰো।
  • অৱশ্যে টেগ কৰা ব্যক্তিজনৰ নাম হোৱাটছএপত সকলোৰে দৃষ্টিগোচৰ নহয়।
  • এই বৈশিষ্ট্য ব্যৱহাৰকাৰীৰ গোপনীয়তা বিঘ্নিত নকৰাকৈ অনা হ’ব।

লগতে পঢ়ক:পুৰণি স্মাৰ্টফোনটোৰ পৰা WhatsApp Chat বেকআপ কৰিব বিচাৰিছে; সহজ পদ্ধতি জানি লওঁক - Mobile data transfer

হোৱাটছএপত নতুন ফিচাৰ সংযোজন: ভিডিঅ’ আৰু ফটোত কেনেদৰে সহজে ৰিয়েক্ট কৰিব ? - WHATSAPP FEATURE

হোৱাটছএপ আৰু ফেচবুকত দেখিবলৈ পোৱা নীলা বৃত্তটোৱে ভবাই তুলিছে নেকি আপোনাক ? - Meta AI llama on platforms

ABOUT THE AUTHOR

...view details