নিউজ ডেস্ক, 30 আগষ্ট:যদিও এতিয়া মানুহে স্মাৰ্টফোনত 5G নেটৱৰ্ক সেৱা লাভ কৰিছে, কিন্তু দেশৰ বহু ঠাইত এতিয়াও লেহেমীয়া ইন্টাৰনেটৰ সমস্যা আছে । ইয়াৰ বাহিৰেও কেতিয়াবা ফোনটোৰ বাবে দ্ৰুত ইন্টাৰনেট ব্যৱহাৰ কৰাত সমস্যাৰ সৃষ্টি হয় । এনে পৰিস্থিতিত আপুনি ভিডিঅ’ ষ্ট্ৰীমিং, ছ’চিয়েল মিডিয়া ব্ৰাউজিং বা আনকি যাতায়তৰ সময়ত কাম কৰাৰ সময়তো বহু অসুবিধাৰ সন্মুখীন হয় ।
স্মাৰ্টফোনত ইণ্টাৰনেট লেহেমীয়া হোৱাৰ বহু কাৰণ থাকিব পাৰে ৷ পুৰণি চফট্ ৱেৰৰ পৰা বেকগ্ৰাউণ্ড এপলৈকে যিকোনো কাৰণৰ বাবে ইণ্টাৰনেটৰ গতি লেহেমীয়া হৈ পৰিব পাৰে । অৱশ্যে বহু উপায় আছে যাৰ সহায়ত আপুনি আপোনাৰ স্মাৰ্টফোনৰ ইণ্টাৰনেট সেৱা উন্নত কৰিব পাৰে । ইয়াত আমি আপোনালোকক এনে কিছুমান কৌশলৰ বিষয়ে ক’ম, যাৰ সহায়ত আপুনি আপোনাৰ ফোনটোৰ ইণ্টাৰনেটৰ গতি বৃদ্ধি কৰিব পাৰে ।
1) ফোনটো পুনৰ আৰম্ভ কৰক: সময়ৰ লগে লগে আপোনাৰ ফোনটোৱে চফ্টৱেৰৰ গ্লিচৰ সন্মুখীন হ’ব পাৰে যাৰ ফলত ই লেহেমীয়া হ’ব পাৰে । ফোনটোৰ চফটৱেৰ অবিৰতভাৱে চলি থাকিলেও বিজুতি ঘটিব পাৰে । আপুনি চফ্টৱেৰটো সতেজ কৰিবলৈ আপোনাৰ ফোনটো পুনৰাৰম্ভ কৰিব পাৰে ।
2) বেকগ্ৰাউণ্ড এপ বন্ধ কৰক: বহু সময়ত বহু এপ আপোনাৰ ফোনটোৰ বেকগ্ৰাউণ্ডত চলি থাকে, যিয়ে আপোনাৰ ফোনৰ বহু ডাটা খৰচ কৰে । ইয়াৰ ফলত আপোনাৰ ফোনটোৰ ইণ্টাৰনেট লেহেমীয়া হৈ পৰিব পাৰে । ডাটা চেভ কৰিবলৈ আৰু ইণ্টাৰনেটৰ গতি বৃদ্ধি কৰিবলৈ আপুনি ব্যৱহাৰ নকৰা এপবোৰ বন্ধ কৰিব লাগে ।
3) এড ব্লকাৰৰ ব্যৱহাৰ: স্মাৰ্টফোনত বহু ধৰণৰ এড পপ-আপ যেনে ছবি আৰু লিংক দেখা দি থাকে, এইবোৰৰ বাবেও আপোনাৰ স্মাৰ্টফোনৰ ডাটা শেষ হৈ যায় আৰু ইণ্টাৰনেটৰ গতি লেহেমীয়া হয় । এই বিজ্ঞাপনসমূহ বন্ধ কৰিবলৈ আপুনি এড ব্লকাৰ এপ ব্যৱহাৰ কৰিব পাৰে । গুগল প্লে ষ্ট’ৰত আপুনি বহু ধৰণৰ এড ব্লকাৰ এপ পাব, যাৰ ভিতৰত আপুনি এটা উন্নত এপ বাছি ল’ব পাৰিব ।
4) চফট্ ৱেৰ আপডেটৰ বাবে পৰীক্ষা কৰা: আপোনাৰ নেটৱৰ্ক শক্তিশালী হোৱাৰ পাচতো পুৰণি চফ্টৱেৰৰ বাবেও আপোনাৰ ফোনটোৰ পৰিৱেশন বেয়া হোৱাৰ এটা সাধাৰণ কাৰণ হ’ব পাৰে । সেয়েহে আপুনি সদায় চফট্ ৱেৰ বা এপ আপডেটৰ ওপৰত চকু ৰাখিব লাগে আৰু উন্নত প্ৰদৰ্শনৰ বাবে তৎক্ষণাত ইনষ্টল কৰিব লাগে ।