অসম

assam

By ETV Bharat Tech Team

Published : 5 hours ago

ETV Bharat / technology

আৱদ্ধ নাছাৰ মহাকাশচাৰীদ্বয়ক আনিবলৈ মহাকাশত উপস্থিত SpaceX Capsule - Sunita Welcomes SpaceX Capsule

Astronauts Welcome SpaceX Capsule: স্পেচএক্সৰ মহাকাশযানখনে মহাকাশত আৱদ্ধ হৈ থকা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছক আনিবলৈ ইতিমধ্যে মহাকাশত উপস্থিত হৈছে । মহাকাশত উপস্থিত হোৱাৰ পাচতে মহাকাশত থকা মহাকাশচাৰীসকলে এই কেপচুল আৰু ইয়াৰ মহাকাশচাৰীসকলক আদৰণি জনাইছে ।

Etv Bharat
আৱদ্ধ নাছাৰ মহাকাশচাৰীদ্বয়ক আনিবলৈ মহাকাশত উপস্থিত SpaceX Capsule (AP)

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ:28 ছেপ্টেম্বৰত উৎক্ষেপণ কৰা ক্ৰুড মিছনৰ ড্ৰেগন মহাকাশযানখন ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হৈছে । মহাকাশচাৰী দুগৰাকী আই এছ এছত উপস্থিত হোৱাৰ পিছত তেওঁলোকক নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু সহযোগী বাচ্চ উইলম'ৰে আদৰণি জনায় । এই দুগৰাকী মহাকাশচাৰীয়ে 2025 চনৰ ফেব্ৰুৱাৰী মাহত পৃথিৱীলৈ উভতি আহিব ।

মহাকাশত SpaceX কেপচুল

শনিবাৰে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় 10.47 বজাত ক্ৰু-9 অভিযানৰ মহাকাশ যানখনে মহাকাশলৈ যাত্ৰা আৰম্ভ কৰে । এই অভিযানৰ লক্ষ্য হৈছে যোৱা জুন মাহৰ পৰা মহাকাশত আবদ্ধ হৈ থকা মহাকাশচাৰীসকলক ঘূৰাই অনা । সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাচ্চ উইলম'ৰে বয়িঙৰ ষ্টাৰলাইন মহাকাশযানত 8 দিনৰ বাবে মহাকাশলৈ যাত্ৰা কৰিছিল । কিন্তু উক্ত মহাকাশযানখনৰ যান্ত্ৰিক বিজুতিৰ বাবে যোৱা 3 মাহ ধৰি মহাকাশত আৱদ্ধ হৈ আছে দুই মহাকাশচাৰী । তেওঁলোকক কঢ়িয়াই অনা স্পেচএক্স কেপচুল দেওবাৰে আই এছ এছত উপস্থিত হয় ।

স্পেচ এক্স কেপচুলৰ অন্যান্য মহাকাশচাৰী

ৰাছিয়াৰ মহাকাশ সংস্থাৰ নিক হাফ আৰু আলেকজেণ্ডাৰ নামৰ দুজন মহাকাশচাৰীয়ে প্ৰায় 265 মাইল (426 কিলোমিটাৰ) মহাকাশলৈ যাত্ৰা কৰিছে । লগতে অহা বছৰৰ ফেব্ৰুৱাৰী মাহলৈকে মহাকাশ কেন্দ্ৰত থাকিব । যেতিয়া তেওঁলোকে মহাকাশত উপস্থিত হয় তেতিয়া তেওঁলোকক সুনীতাকে ধৰি আন মহাকাশচাৰীয়ে আদৰণি জনায় । জানিবলৈ পোৱা গৈছে যে মহাকাশ কেন্দ্ৰত সদায় মহাকাশচাৰী থাকে । ইয়াতে থাকি বিভিন্ন ধৰণৰ গৱেষণা কৰে । বিশেষ মহাকাশযানৰ যোগেদি মহাকাশলৈ অহা-যোৱা কৰে ।

প্ৰতি 6 মাহৰ মূৰে মূৰে মহাকাশচাৰীয়ে মহাকাশ কেন্দ্ৰ সলনি কৰে

নাছাই প্ৰতি 6 মাহৰ মূৰে মূৰে মহাকাশ কেন্দ্ৰত মহাকাশচাৰীক সলনি কৰে । ইলন মাস্কৰ ৰকেট কোম্পানী স্পেচএক্সে মহাকাশলৈ টেক্সি সেৱা আগবঢ়ায় । 2020 চনৰ পৰা স্পেচএক্সে এই সেৱা আগবঢ়াই আহিছে । এতিয়া নাছাই এই সেৱাৰ বাবে বয়িং কোম্পানীৰ সহযোগিতা লৈছে ।

লগতে পঢ়ক:শীঘ্ৰে পৃথিৱীলৈ নাছাৰ মহাকাশচাৰীদ্বয় - NASA launches Crew 9 mission

পৰৱৰ্তী 6 মাহ পৰ্যন্ত মহাকাশত আৱদ্ধ 2 মহাকাশচাৰী : কেনেকৈ কটাব দিন ? - How astronauts survive in space

ABOUT THE AUTHOR

...view details