অসম

assam

হেকাৰৰ কবলত উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল - SC YouTube channel hacked

By ETV Bharat Tech Team

Published : 6 hours ago

SC YouTube channel hacked: উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল হেক কৰিলে হেকাৰে । Cryptocurrency ভিডিঅ' দেখিবলৈ পোৱা গৈছিল ন্যায়ালয়ৰ ইউটিউব চেনেলত । অৱশ্যে শুকুৰবাৰেই চেনেলটো পুনৰ সক্ৰিয় কৰা হৈছে । ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলৰ সেৱা পুনৰ আৰম্ভ কৰা হৈছে ।

Etv Bharat
সৰ্বোচ্চ ন্যায়ালয় (ETV Bharat)

নিউজ ডেস্ক, 21 ছেপ্টেম্বৰ:হেকাৰৰ কবলৰ পৰা সাৰি যাব পৰা নাই দেশৰ শীৰ্ষ ন্যায়ালয় পৰ্যন্ত । হেকাৰে উচ্চতম ন্যায়ালয়ৰ অফিচিয়েল ইউটিউব চেনেল হেক কৰা বুলি জানিব পৰা গৈছে । উচ্চতম ন্যায়ালয়ৰ অফিচিয়েল ইউটিউব চেনেলত দেখা গৈছে আমেৰিকান কোম্পানী ৰিপলৰ ভিডিঅ’ । ইয়াৰ উপৰিও ইয়াত ক্ৰিপ্টোকাৰেন্সীৰ সৈতে জড়িত কিছুমান ভিডিঅ’ও দেখিবলৈ পোৱা গৈছিল । সমান্তৰালভাৱে, চেনেলৰ ফটোও সলনি কৰি পেলাইছিল হেকাৰে ।

সেৱা পুনৰ আৰম্ভ

শুকুৰবাৰে হেক কৰা উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলৰ সেৱা পুনৰ আৰম্ভ হৈছে ।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা এক জাননীযোগে কোৱা হৈছে যে, "এইটো সংশ্লিষ্ট সকলোকে জনোৱা হৈছে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলটো পুনৰ সক্ৰিয় কৰা হৈছে । ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলত সেৱা পুনৰ আৰম্ভ কৰা হৈছে ।"

উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল জনসাধাৰণৰ বাবে

উচ্চতম ন্যায়ালয়ৰ অফিচিয়েল ইউটিউব চেনেল জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে । গুৰুত্বপূৰ্ণ গোচৰৰ শুনানিৰ সময়ত ইউটিউবত লাইভ টেলিকাষ্ট কৰা হয় । যাৰ দ্বাৰা জনসাধাৰণে ঘৰতে বহি মোবাইলৰ জৰিয়তে গোচৰৰ শুনানি চাব পাৰে ।

উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলত ক্ৰিপ্টোকাৰেন্সীৰ ভিডিঅ'

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে শুকুৰবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেলটো খোচোৰে কিছু পুৰণি গোচৰৰ শুনানি চাবলৈ । কিন্তু ইউটিউবত পূৰ্বে আপলোড কৰা ভিডিঅ’বোৰ লোকজনে চাব পৰা নাছিল । হোমপেজত আমেৰিকাৰ কোম্পানী ৰিপলৰ ভিডিঅ’ লাইভ ষ্ট্ৰীমিং হৈ আছিল । চেনেলটোৰ ফটোখনো উচ্চতম ন্যায়ালয়ৰ সলনি উক্ত কোম্পানীটোৰেই আছিল । শেহতীয়াকৈ কলকাতাৰ আৰ জি কৰ হাস্পতালত মহিলা চিকিৎসকৰ সৈতে অসৎ ব্যৱহাৰ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰৰ শুনানি এই চেনেলটোত প্ৰচাৰ কৰা হৈছিল ।

উল্লেখ কৰা প্ৰয়োজন যে, বহু বিখ্যাত, বিশিষ্ট ব্যক্তি আৰু ৰাজনীতিবিদৰ ছ’চিয়েল মিডিয়া হেকাৰে হেক কৰাৰ খবৰ সময়ে-সময়ে পোহৰলৈ আহে । কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ ইউটিউব চেনেল হেক কৰা হৈছিল । যিটো সঁচাকৈয়ে এক চিন্তাৰ বিষয় ৷

লগতে পঢ়ক:আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ হেক ইৰাণৰ: চোৰাংচোৱা সংস্থাৰ দাবী - Trump election campaign hack

বেজৰ নাকতে খৰ : প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নামত ভুৱা ফেচবুক একাউণ্ট - FAKE FB OF BHASKARJYOTI MAHANTA

ABOUT THE AUTHOR

...view details