হায়দৰাবাদ: কিছুদিন পূৰ্বে চীনৰ মোবাইল নিৰ্মাতা কোম্পানী হুৱেইয়ে প্ৰথমটো ট্ৰাই-ফল্ড স্মাৰ্টফোন মুকলি কৰিছিল । শেহতীয়াকৈ তথ্য প্ৰকাশ পাইছে যে ছেমছাঙে এটা ট্ৰাই ফল্ড ফোন নিৰ্মাণৰ বাবেও কাম কৰি আছে, যিটো অহা বছৰ মুকলি কৰিব বুলি জানিব পৰা গৈছে । উল্লেখ কৰা প্ৰয়োজন যে Huaweiয়ে চীনত নিজৰ Mate XT Ultimate Edition ৰ মূল্য 19,999 CNY (প্ৰায় 2,37,000 টকা) নিৰ্ধাৰণ কৰিছে ।
এতিয়া দক্ষিণ কোৰিয়াৰ কোম্পানী ছেমছাঙে নিজৰ প্ৰতিদ্বন্দ্বী Huaweiতকৈ আগুৱাই যাবলৈ শীঘ্ৰে এই ফোনটো মুকলি কৰিব লাগিব । ছেমছাঙৰ উপৰিও Xiaomi, Honor আৰু Oppoৰ দৰে আন স্মাৰ্টফোন নিৰ্মাতা কোম্পানীসমূহেও তেওঁলোকৰ ট্ৰাই ফ’ল্ড ডিছপ্লে স্মাৰ্টফোনৰ কাম কৰি আছে ।
জেডডিনেট কোৰিয়াই উদ্যোগৰ সূত্ৰৰ উদ্ধৃতি দি (কোৰিয়ান ভাষাত) ৰিপৰ্ট কৰিছে যে ছেমছাং ইলেক্ট্ৰনিক্সে এণ্ট্ৰি লেভেল ক্লেমশ্বেল ষ্টাইলৰ ফোল্ডেবল ফোনটোৰ লগতে ট্ৰাই-ফল্ড মডেলৰ কাম কৰি আছে । ইয়াৰ স্ক্ৰীণখন দুবাৰ ভাঁজ কৰিব পাৰি । এই দুয়োটা ফোন 2025 চনত কোম্পানীটোৱে মুকলি কৰিবলৈ সক্ষম হ’ব ।
প্ৰকাশনটোত এটা সূত্ৰৰ উদ্ধৃতি দি দাবী কৰা হৈছে যে ট্ৰাই-ফল্ড মডেলৰ উপাদানসমূহৰ বাণিজ্যিকীকৰণৰ পৰিকল্পনা আৰু বিকাশ ইতিমধ্যে ছেমছাং ডিছপ্লেৰ অংশীদাৰসকলে সম্পূৰ্ণ কৰিছে । অৱশ্যে এই স্মাৰ্টফোনটো মুকলি কৰাৰ সিদ্ধান্ত ছেমছাং ইলেক্ট্ৰনিকছৰ এমএক্স বিভাগৰ মুৰব্বীৰ ওপৰত নিৰ্ভৰশীল ।