অসম

assam

ETV Bharat / technology

ছেমছাঙে ভাৰতত মুকলি কৰিব Galaxy S25 ছিৰিজ - SAMSUNG GALAXY S25 ULTRA

অতি শীঘ্ৰে ভাৰতত মুকলি হ’ব চেমচাঙৰ নিজৰ Galaxy S25 ছিৰিজ । কোৱা হৈছে যে এই ফোনটোত থাকিব 200MP কেমেৰা । বিতংকৈ পঢ়ক---

Samsung Galaxy S25 Ultra launch in India; Leaked data
ছেমছাঙে ভাৰতত মুকলি কৰিব Galaxy S25 ছিৰিজ (ETV Bharat)

By ETV Bharat Tech Team

Published : Nov 20, 2024, 4:59 PM IST

হায়দৰাবাদ: ভাৰতত চেমচাঙৰ জনপ্ৰিয়তা অতি বেছি । আনকি কিছুমান ব্যৱহাৰকাৰীয়ে আইফোনৰ সলনি চেমচাঙৰ প্ৰিমিয়াম চেটও ক্ৰয় কৰে । ইফালে দক্ষিণ কোৰিয়াৰ কোম্পানী চেমচাঙে আগন্তুক গেলাক্সি এছ 25 ছিৰিজ ভাৰতত মুকলি কৰাৰ পৰিকল্পনা কৰিছে । কোৱা হৈছে যে এই চিৰিজ অহা বছৰ মুকলি কৰিব পাৰিব । ইয়াৰ পূৰ্বৰ ছিৰিজতকৈ অধিক উন্নীতকৃত সংস্কৰণ আছে ।

তথ্য অনুসৰি কোম্পানীটোৱে 2025 চনৰ জানুৱাৰী মাহত গেলাক্সি S25 ছিৰিজ মুকলি কৰিব । এই ছিৰিজৰ অধীনত কোম্পানীটোৱে 4টা স্মাৰ্টফোন মুকলি কৰিব । ইয়াৰ ভিতৰত আছে চেমচাং গেলেক্সি এছ 25, গেলাক্সি এছ 25 প্লাছ, গেলাক্সি এছ 25 আল্ট্ৰা আৰু নতুন গেলাক্সি এছ 25 শ্লীম ভেৰিয়েণ্ট ।

Samsung Galaxy S25 মুকলিৰ দিন

চেমচাঙে এতিয়াও আনুষ্ঠানিকভাৱে চেমচাং গেলেক্সি S25 আল্ট্ৰা মুকলি কৰাৰ তাৰিখ ঘোষণা কৰা নাই যদিও সম্ভাৱ্য মুকলিৰ তাৰিখৰ বিষয়ে আলোচনা কৰা হৈছে । এক প্ৰতিবেদন অনুসৰি অহা বছৰৰ 22 জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ভাৰত আৰু অন্যান্য বজাৰত নতুন গেলাক্সি S25 আল্ট্ৰা মুকলি কৰিব পাৰে ।

দাম কিমান হ’ব ?

চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰতত আত্মপ্ৰকাশ কৰা ছেমছাং গেলেক্সি S24 আল্ট্ৰা ছিৰিজৰ মূল্য আছিল 1,29,999 টকা । আগন্তুক Samsung Galaxy S25 Ultra ৰ দাম একেধৰণৰ বুলি কোৱা হৈছে যদিও লঞ্চ ইভেণ্টত ইয়াৰ সঠিক মূল্য প্ৰকাশ কৰা হ’ব ।

কি কি বৈশিষ্ট্য উপলব্ধ?

  • চেমচাং গেলেক্সি এছ 25 আল্ট্ৰাই লাভ কৰিব কোৱালকমৰ শেহতীয়া স্নেপড্ৰেগন 8 এলিট চিপছেট ।
  • স্মাৰ্টফোনটোত নতুন গেলাক্সি এআই ফিচাৰ থাকিব পাৰে ।
  • হেণ্ডছেটটোত এডভান্স এ আই প্ৰচেছিঙৰ সৈতে 200 MP ৰ ৰিয়াৰ কেমেৰা থাকিব বুলি আশা কৰা হৈছে ।
  • Galaxy S25 Ultra ত 12MP আল্ট্ৰা-ৱাইড কেমেৰা আৰু 3x আৰু 10x অপটিকেল জুমৰ সৈতে দুটা টেলিফটো লেন্স থাকিব পাৰে ।
  • এই স্মাৰ্টফোনটোৱে 100x স্পেচিয়েল জুম দিব পাৰে ।
  • ডিছপ্লেৰ কথা ক’বলৈ গ’লে ই 120 হাৰ্টজৰ ৰিফ্ৰেছ ৰেটৰ সৈতে 6.9 ইঞ্চিৰ Dynamic AMOLED 2X ডিছপ্লে লাভ কৰিব পাৰে ।
  • পূৰ্বৰ হেণ্ডছেটটোৰ দৰেই এই হেণ্ডছেটটোতো টাইটানিয়াম ফ্ৰেম, চোকা প্ৰান্ত আৰু পাতল বেজেল (ফোনটোৰ চাৰিওফালে থকা সুৰক্ষামূলক কভাৰিং) আছে ।

লগতে পঢ়ক: Samsung Galaxy S25 এ গ্ৰহণ কৰিব মিডিয়াটেক ডাইমেনচিটি 9400 চিপ

চলিত মাহতেই ভাৰতত মুকলি হ’ব Realme GT 7 Pro

ABOUT THE AUTHOR

...view details