হায়দৰাবাদ: ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে Samsung Galaxy S25 ছিৰিজৰ বাবে অপেক্ষা কৰি আছে । এই ফ্লেগশ্বিপ ফোন ছিৰিজ মুকলিৰ বাবে ছেমছাঙে এক অনুষ্ঠান আয়োজন কৰাৰ সিদ্ধান্ত লৈছে । এই অনুষ্ঠানৰ নাম হৈছে Samsung Galaxy Unpacked 2025 ইভেণ্ট, যিটো 22 জানুৱাৰীত ভাৰতীয় সময় অনুসৰি নিশা 10.30 বজাত আমেৰিকাৰ কেলিফৰ্ণিয়াত আয়োজন কৰা হ’ব । ছেমছাং গেলেক্সি আনপেকড ইভেণ্টত এটা নতুন ফ্লেগশ্বিপ ফোন মুকলি হোৱাৰ সম্ভাৱনা আছে । এই নতুন ফোনটোৰ নাম হ’ব পাৰে Samsung Galaxy S25 Slim, যিটো এতিয়া Geekbench তালিকাতো দেখা গৈছে ।
ছেমছাং গেলেক্সি S25 শ্লীম স্পট
আচলতে ছেমছাঙে প্ৰতি বছৰে এছ ছিৰিজৰ তিনিটা স্মাৰ্টফোন মুকলি কৰে । উদাহৰণস্বৰূপে, ছেমছাঙে যোৱা বছৰ অৰ্থাৎ 2024 চনত এছ ছিৰিজৰ তিনিটা ফোন মুকলি কৰিছিল - ছেমছাং গেলেক্সি S 24, ছেমছাং গেলেক্সি S24 প্লাছ আৰু ছেমছাং গেলেক্সি এছ 24 আল্ট্ৰা, কিন্তু এইবাৰ ছেমছাঙে এই ছিৰিজত এটা নতুন ফোন যোগ কৰাৰ পৰিকল্পনা কৰিছে । এই নতুন ফোনটো এছ ছিৰিজৰ শ্লীম মডেল হিচাপে পৰিচিত হ’ব ।
যোৱা কেইবামাহো ধৰি ছ’চিয়েল মিডিয়াত ছেমছাং গেলেক্সি S 25 শ্লীমৰ উৰাবাতৰি চলি আছিল যদিও এতিয়া এই ফোনটোও গীকবেঞ্চত দেখা গৈছে মডেল নম্বৰ SM-S937U ৰ সৈতে । এই হেণ্ডছেটটো মাদাৰবৰ্ডৰ ক’ডনেম ‘ছান’ৰ সৈতে দেখা গৈছে । ছেমছাঙৰ এই নতুন ফোনটো স্নেপড্ৰেগন 8 এলিট ছ’চি চিপছেটৰ সৈতে মুকলি কৰিব পাৰিব । এই ফোনটোৱে চিংগল কোৰ টেষ্টত 3.005 পইণ্ট আৰু মাল্টিকোৰ টেষ্টত 6945 পইণ্ট লাভ কৰিছে ।