অসম

assam

By ETV Bharat Tech Team

Published : 5 hours ago

ETV Bharat / technology

17 হাজাৰ টকীয়া Samsung Galaxy A14 লাভ কৰক মাত্ৰ 9,999 টকাত - Flipkart’s Big Billion Days Sale

Samsung Galaxy A14 5G: যদি আপুনি নতুনকৈ স্মাৰ্টফোন কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে এই খবৰ আপোনাৰ বাবে । কাৰণ আপুনি মাত্ৰ 9 হাজাৰ 999 টকাত লাভ কৰিব 17 হাজাৰ 499 টকাৰ ছেমছাং গেলেক্সি A-14-5G ফোনটো । কিন্তু, ক'ত, কেনেকৈ জানো আহক...

Etv Bharat
17 হাজাৰ টকীয়া Samsung Galaxy A14 লাভ কৰক মাত্ৰ 9,999 টকাত (Samsung)

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ:ভাৰতৰ সৰ্ববৃহৎ মোবাইল নিৰ্মাতা কোম্পানী ছেমছাঙৰ মোবাইল ফোনত গ্ৰাহকে লাভ কৰিব বৃহৎ ৰেহাই । ভাৰতৰ বেষ্ট চেলিং 5G স্মাৰ্টফোন Galaxy A14 মাত্ৰ 9999 টকাত ক্ৰয় কৰিব পাৰিব । এই ফোনটোৰ বৈশিষ্ট্য কি কি ? জানো আহক..

Samsung Galaxy A14 5G ৰ বৈশিষ্ট্যসমূহ: Samsung Galaxy A14 5G ত আপুনি চিগনেচাৰ ফ্লটিং কেমেৰা ডিজাইনৰ সৈতে ছেমছাং গেলেক্সিৰ 50 মেগাপিক্সেলৰ ট্ৰিপল ৰিয়েল কেমেৰা পাব । লগতে, ডেপথ মেক্ৰ’ লেন্স, 6.6 ইঞ্চি ফুল এইচডি+ ডিছপ্লে আৰু উচ্চমানৰ ফটোৰ বাবে ডলবি এটমছ সমৰ্থনযুক্ত এই ফোনটো ।

তিনিটা আকৰ্ষণীয় ৰঙত উপলব্ধ: ছেমছাং গেলেক্সি A14 5G তিনিটা আকৰ্ষণীয় ৰঙত উপলব্ধ - ডাৰ্ক ৰেড, লাইট গ্ৰীণ আৰু ব্লেক । এই স্মাৰ্টফোনটোত আছে Exynos 1330 প্ৰচেছৰ । এই স্মাৰ্টফোনে ছেগমেণ্টৰ আগশাৰীৰ গীকবেঞ্চ স্ক’ৰ প্ৰদান কৰে । যিয়ে আপোনাক ফোনটো ব্যৱহাৰ কৰাৰ এক মসৃণ আৰু সহজ অভিজ্ঞতা প্ৰদান কৰিব । লগতে এই স্মাৰ্টফোনটোত 6 GB ৰেম প্লাছ আছে, গতিকে একে সময়তে অধিক এপ ব্যৱহাৰ কৰিব পাৰিব ।

‘ভইচ ফ’কাচ’ বৈশিষ্ট্য: Samsung Galaxy A14 5G ত ছেমছাঙৰ অনন্য ‘ভইচ ফ’কাচ’ বৈশিষ্ট্যও আছে । যি চৌদিশৰ শব্দ আঁতৰাই কলৰ সময়ত ভয়েচৰ মান উন্নত কৰে । ইয়াৰ কাৰণে ৰে’ল, বাছ, অথবা যিকোনো ভিৰ হোৱা ঠাইতো ফোনত স্পষ্টকৈ কথা পাতিব পাৰিব । ই গুগল মিট, মাইক্ৰ’ছফ্ট টিম, হোৱাটছএপ আৰু জুম আদি ভিডিঅ’ আৰু ভইচ কলিং এপৰ ​​ক্ষেত্ৰতো কাম কিব । লগতে, শ্ৰেষ্ঠ One UI 6 চফট্ ৱেৰৰ সহায়ত ব্যৱহাৰকাৰীয়ে ভিডিঅ' ৱালপেপাৰ বা ইমোজি ব্যৱহাৰ কৰি লক স্ক্ৰীণ কাষ্টমাইজ কৰিব পাৰে ।

কেতিয়া ক্ৰয় কৰিব পাৰিব: 26 ছেপ্টেম্বৰৰ পৰা ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডেজৰ সময়ত গ্ৰাহকে এই ফোনটো ক্ৰয় কৰিব পাৰিব । এই ফোনটোৰ মূল্য 17 হাজাৰ 499 টকা । অৱশ্যে 4 GB + 128 GB ভেৰিয়েণ্টৰ বাবে আপুনি মাত্ৰ 9999 টকা দিব লাগিব । যাৰ ফলত আপুনি 6 হাজাৰ 500 টকাৰ নিয়মীয়া ৰেহাই আৰু 1000 টকাৰ দ্ৰুত ৰেহাই লাভ কৰিব । 6GB + 128 GB ভেৰিয়েন্ট কেৱল 10,999 টকাত উপলব্ধ হ’ব । এই মূল্যত 9000 টকাৰ নিয়মীয়া ৰেহাই আৰু 1000 টকাৰ এক্সপ্ৰেছ ৰেহাই অন্তৰ্ভুক্ত কৰা হৈছে । এই ফোনটোৰ মূল্য 20 হাজাৰ 999 টকা ।

লগতে পঢ়ক:Amazon Great Indian Festival ত OnePlus, Samsung ত লাভ কৰক আকৰ্ষণীয় অফাৰ - Amazon Great Indian Festival sale

Samsung Galaxy S23 ত বাম্পাৰ অফাৰ, মূল্য হ্ৰাস - Samsung Galaxy S23

ABOUT THE AUTHOR

...view details