হায়দৰাবাদ: ৰেট্ৰ’-মডাৰ্ণ মটৰ চাইকেল নিৰ্মাতা কোম্পানী ৰয়েল এনফিল্ডে 2025 চনৰ প্ৰথমখন বাইক মুকলি কৰিছে ।কোম্পানীটোৱে বজাৰত মুকলি কৰিছে নতুন ৰয়েল এনফিল্ড স্ক্ৰাম 440 । এই মটৰ চাইকেলখন মুঠ দুটা ভেৰিয়েন্টত মুকলি কৰা হৈছে - ট্ৰেইল আৰু ফৰ্চ, যাৰ মূল্য ক্ৰমে 2.08 লাখ আৰু 2.15 লাখ টকা (এক্স শ্ব’ৰুম) ।
ৰয়েল এনফিল্ড স্ক্ৰাম 440 ৰ পাৱাৰট্ৰেইন
Scram 440 ত এয়াৰ/অইল-কুল্ড, 443cc, একক চিলিণ্ডাৰ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে যিয়ে 25 bhp শক্তি আৰু 34Nm শীৰ্ষ টৰ্ক উৎপন্ন কৰে । এই বৃহৎ ইঞ্জিনটো কোম্পানীটোৰ বৰ্তমানৰ 411 CC ইঞ্জিনৰ পৰা আহৰণ কৰা হৈছে, ইয়াৰ ব’ৰ 3MM বৃদ্ধি কৰা হৈছে ।
ৰয়েল এনফিল্ডে নতুন স্ক্ৰাম 440 ৰ ইঞ্জিনক 6 স্পীড গিয়াৰবক্সৰ সৈতে সংযোগ কৰাৰ বিপৰীতে 411 CC ইঞ্জিনত 5 স্পীড ইউনিটৰ সৈতে সংযুক্ত কৰা হৈছে । কোম্পানীটোৱে কয় যে তেওঁলোকে এছ অ’ এইচ চি ভালভট্ৰেইন উন্নত কৰি এন ভি এইচৰ মাত্ৰা হ্ৰাস কৰাৰ কাম কৰিছে ।
ৰয়েল এনফিল্ড স্ক্ৰাম 440 হাৰ্ডৱেৰ