হায়দৰাবাদ: আজি ভাৰতত মুকলি হ’ল Xiaomi ৰ মিড ৰেঞ্জ Redmi Note 14 ছিৰিজ । ঠিক যোৱা বছৰৰ দৰেই ৰেডমি নোট ছিৰিজত তিনিটা ডিভাইচ থাকিব - ৰেডমি নোট 14, ৰেডমি নোট 14 প্ৰ’ আৰু ৰেডমি নোট 14 প্ৰ’+ । Redmi Note 14 Pro series ৰ বিষয়ে জানিবলগীয়া সকলো কথা ইয়াত উল্লেখ কৰা হৈছে ।
Redmi Note 14 ৰ প্ৰত্যাশিত বৈশিষ্ট্য
Redmi Note 14 ত সম্ভৱতঃ 6.67 ইঞ্চি AMOLED ডিছপ্লে থাকিব ৷ য’ত 2,100 নিটৰ শীৰ্ষ উজ্জ্বলতা আৰু 120Hz পৰ্যন্ত ৰিফ্ৰেছ ৰেট আছে । ফোনটো মিডিয়াটেক ডাইমেনচিটি 7025 আল্ট্ৰা প্ৰচেছৰৰ দ্বাৰা চালিত হ’ব ।
অপটিক্সৰ ক্ষেত্ৰত ভেনিলা নোট 14 50 এমপি প্ৰাইমেৰী চেন্সৰ আৰু 2MP ছেকেণ্ডাৰী শ্বুটাৰৰ সৈতে ডুৱেল কেমেৰা ছেটআপৰ সৈতে আহিব । সন্মুখত চেলফি আৰু ভিডিঅ’ কলৰ বাবে 16MP শ্বুটাৰ থাকিব । ডিভাইচটোত 45W ফাষ্ট চাৰ্জিঙৰ সমৰ্থনৰ সৈতে 5,110mAh বেটাৰী থাকিব ।
Redmi Note 14 Pro প্ৰত্যাশিত বৈশিষ্ট্য
Redmi Note 14 Pro ত Corning Gorilla Victus 2 প্ৰটেকচন আৰু 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.67 ইঞ্চি 1.5K AMOLED ডিছপ্লেও থাকিব । মিড ৰেঞ্জ ডিভাইচটো মিডিয়াটেক ডাইমেনচিটি 7300 আল্ট্ৰা প্ৰচেছৰৰ দ্বাৰা চালিত হ’ব ।
অপটিক্সৰ বাবে এই ফোনটোত 50MP প্ৰাইমেৰী শ্বুটাৰ, 8MP আল্ট্ৰা-ৱাইড এংগেল আৰু 2MP মেক্ৰ’ শ্বুটাৰ থাকিব । ইয়াৰ সন্মুখত 50MP চেলফি শ্বুটাৰ থাকিব । ইয়াত 45W ফাষ্ট চাৰ্জিঙৰ সৈতে 5,500mAh বেটাৰী থাকিব ।
Redmi Note 14 Pro+ প্ৰত্যাশিতবৈশিষ্ট্য