অসম

assam

ETV Bharat / technology

অহ ! ফোনটো পানীত পৰিল...এতিয়াও সময় আছে; এই পদ্ধতিৰে কৰক ঠিক - Protect Phone Water Damage Tips

Protect Phone From Water Damage : যদি আপোনাৰ ফোনটো হঠাতে পানীত পৰি যায় বা বৰষুণত তিতি যায়, তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই । এই টিপছসমূহ মানি চলি আপুনি আপোনাৰ ফোনটোক পানীৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিব । জানি লওক তলত উল্লেখিত এই টিপছসমূহ ।

Protect Your Mobile Phone From Water Damage Follow These Tips
অহ! ফোনটো পানীত পৰিল...এতিয়াও সময় আছে; এই পদ্ধতিৰে কৰক ঠিক

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 12:13 PM IST

নেশ্যনেল ডেস্ক, 23 মাৰ্চ :বৰ্তমান সময়ত সকলোৰে হাতে হাতে ম’বাইল ফোন ৷ অৰ্থাৎ ম’বাইল ফোন মানুহৰ অন্যতম প্ৰাথমিক প্ৰয়োজন হৈ পৰিছে ৷ এনে পৰিস্থিতিত যদি ফোনটো হেৰাই যায় বা ক্ষতিগ্ৰস্ত হয়, তেন্তে ক্ষতিৰ আনুমানিক হিচাপ কৰাটো কঠিন হৈ পৰে ৷

ৰঙৰ উৎসৱ হোলী ওচৰ চাপি আহিছে ৷ গতিকে হোলী খেলাৰ সময়ত ভুলবশতঃ আপোনাৰ ফোনটো পানীত ভিজাৰ ফলত যদি ফোনটো নষ্ট হয়, তেন্তে চিন্তাৰ কোনো কাৰণ নাই ৷

অহ! ফোনটো পানীত পৰিল...এতিয়াও সময় আছে; এই পদ্ধতিৰে কৰক ঠিক

হয় ! কাৰণ আজি এই প্ৰতিবেদনত দিয়া এইসমূহ সহজ টিপছ গ্ৰহণ কৰি আপুনি আপোনাৰ স্মাৰ্ট ফোনটোক সুৰক্ষিত কৰি ৰাখিব পাৰে ৷ তেন্তে অপেক্ষা কিহৰ ? লগে লগে এই টিপছবোৰৰ জৰিয়তে কৰক আপোনাৰ এই সমস্যাৰ সমাধান -

লগে লগে ম’বাইল বন্ধ কৰক

  • প্ৰথম কথা, যদি ফোনটো পানীত ডুব যায় বা পানীৰ ফলত ক্ষতিগ্ৰস্ত হয়, তেন্তে আপুনি সক্ৰিয় হ’ব লাগিব আৰু দ্ৰুতগতিত কাম কৰিব লাগিব ৷ যিমান সোনকালে টিপছ প্ৰয়োগ কৰিব সিমানেই ফোনটো নষ্ট হোৱাৰ পৰা ৰক্ষা কৰাৰ সম্ভাৱনা বৃদ্ধি পাব ৷ পানীৰ পৰা উলিয়াই দিয়াৰ লগে লগে ফোনটো বন্ধ কৰক ৷ যাতে আপোনাৰ ফোনটো শ্বৰ্ট চাৰ্কিটৰ পৰা সুৰক্ষিত হয় ৷
  • ইয়াৰ পিচত শুকান কাপোৰ বা টাৱেলেৰে ফোনটো শুকুৱাই লওক ৷
  • এতিয়া আপোনাৰ ফোনটোৰ পৰা বেটাৰী, চিম কাৰ্ড আৰু মেম’ৰী কাৰ্ড উলিয়াই আটাইখিনি শুকুৱাই লওক ৷
  • এই সময়ত সাৱধান হওক আৰু ফোনত কোনো বুটাম টিপিব নালাগে ৷
  • আপোনাৰ ক্ষতিগ্ৰস্ত ফোনটো চাউলৰ বেগত ৰাখক, যাতে ই সকলো পানী শোষণ কৰে ৷ ম’বাইলটো শুকুৱাবলৈও চিলিকা জেল পেক ব্যৱহাৰ কৰিব পাৰে ৷
  • ম’বাইলটো ঠিক কৰাৰ সময়ত ফোনটো পোনে পোনে থিয় কৰি ৰাখিব আৰু পৰ্টটো তললৈ কৰি ৰাখিব, যাতে ফোনটোৰ ভিতৰত আবদ্ধ হৈ থকা পানী ওলাই আহিব পাৰে ৷
  • আপোনাৰ ফোনটো পুনৰ অন কৰিবলৈ এদিন বা দুদিন সময় দিয়ক আৰু তাৰ পিচত আকৌ খুলিবলৈ চেষ্টা কৰক ৷

লক্ষণীয় যে

যদি এই সকলোবোৰ কাম কৰাৰ পিচতো আপোনাৰ ফোনটো ষ্টাৰ্ট হোৱা নাই, তেন্তে চিন্তাৰ কাৰণ নাই আৰু আপোনাৰ ফোনটো মেৰামতিৰ বাবে ম’বাইল চাৰ্ভিচ চেণ্টাৰলৈ লৈ যাওক ।

লগতে পঢ়ক :এইবাৰ হোলীত অতি কম মূল্যত আকৰ্ষণীয় ফিচাৰ থকা স্মাৰ্টফোন কিনিব বিচাৰে নেকি ? তেন্তে এয়া লওক তালিকা

ABOUT THE AUTHOR

...view details