নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে মুকলি কৰে 3 টা পৰম ৰুদ্ৰ ছুপাৰ কম্পিউটাৰ । ইয়াৰ লগতে মোদীয়ে জলবায়ু গৱেষণাৰ বাবে উচ্চ পৰ্যায়ৰ কম্পিউটিং ব্যৱস্থাও মুকলি কৰে । থলুৱা প্ৰযুক্তিৰ ওপৰত নিৰ্মিত এই ছুপাৰ কম্পিউটাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং অভিযান (এন এছ এম)ৰ অধীনত প্ৰস্তুত কৰা হৈছে । এই উপলক্ষে মোদীয়ে কয় যে দেশৰ দৃষ্টিশক্তি বৃহৎ হ’লেহে সাফল্য লাভ কৰিব পাৰি ৷ প্ৰযুক্তিৰ উন্নীতকৰণৰ লক্ষ্য হ’ব লাগে দৰিদ্ৰ লোকসকলক সবলীকৰণ কৰা ।
ছুপাৰ কম্পিউটাৰে কি কৰিব?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰৰ সন্ধিয়া ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই 3 টা ছুপাৰ কম্পিউটাৰ দেশবাসীৰ বাবে উৎসৰ্গা কৰে । থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই কম্পিউটাৰ পুনে, দিল্লী আৰু কলকাতাত গৱেষণাৰ বাবে উপযোগী হ’ব । এই সন্দৰ্ভত মোদীয়ে কয়, "প্ৰযুক্তিৰ বিকাশৰ লক্ষ্য দৰিদ্ৰ লোকৰ সবলীকৰণ হোৱা উচিত । আজি ভাৰতত সৃষ্টি হোৱা সম্ভাৱনাই দেশত নতুন সুযোগৰ সৃষ্টি কৰিছে ।"
এই খণ্ডত সৃষ্টি হ’বলগীয়া সুযোগসমূহ