ETV Bharat / technology

AI সুৰ ৰিমিক্সৰ ওপৰত ইউটিউবে আৰম্ভ কৰিছে পৰীক্ষা - YOUTUBE NEW FEATURE

ইউটিউবে এটা নতুন বৈশিষ্ট্যৰ ওপৰত কাম কৰি আছে যিয়ে ক্ৰিয়েটৰসকলক এটা প্ৰমপ্ট দি যিকোনো ধৰণেৰে এটা সুৰ ৰিমিক্স কৰিবলৈ অনুমতি দিব ।

YouTube testing feature to create AI remixes of songs
AI সুৰ ৰিমিক্সৰ ওপৰত ইউটিউবে আৰম্ভ কৰিছে পৰীক্ষা (ETV Bharat File Photo)
author img

By ETV Bharat Tech Team

Published : Nov 15, 2024, 5:07 PM IST

হায়দৰাবাদ: প্ৰমপ্টৰ জৰিয়তে এআইৰ দ্বাৰা সৃষ্টি হোৱা গীতসমূহকে ধৰি ক্ৰিয়েটৰসকলৰ বাবে বিভিন্ন বৈশিষ্ট্য প্ৰৱৰ্তন কৰাৰ পিছত গুগল মালিকানাধীন ইউটিউবে এতিয়া এটা নতুন বৈশিষ্ট্যৰ ওপৰত কাম কৰি আছে ৷ যিয়ে ক্ৰিয়েটৰসকলক কেৱল গীতটোৰ শৈলী কেনেকৈ সলনি কৰিব বিচাৰে সেই বিষয়ে বৰ্ণনা কৰি ট্ৰেকসমূহ ৰিমিক্স কৰিবলৈ দিব । ড্ৰিম ট্ৰেক টুলছেটৰ অধীনৰ এই বৈশিষ্ট্য প্ৰাৰম্ভিক পৰ্যায়ত নিৰ্বাচিত গীতৰ বাবে উপলব্ধ হ’ব ।

পৰীক্ষামূলক গোটৰ ক্ৰিয়েটৰসকলে এটা গীতৰ বাবে ‘Restyle a track’ বিকল্পলৈ গৈ এই বৈশিষ্ট্যৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিব পাৰিব । ইয়াৰ পিছত তেওঁলোকে গানটো কেনেকৈ ৰিমিক্স কৰিব বিচাৰে সেই বিষয়ে বৰ্ণনা কৰিব পাৰে । প্ৰমপ্টৰ পিছত বৈশিষ্ট্যই 30 ছেকেণ্ডৰ এটা স্নিপেট সৃষ্টি কৰিব যিটো ক্ৰিয়েটৰসকলে তেওঁলোকৰ শ্বৰ্টছত ব্যৱহাৰ কৰিব পাৰিব ।

“যদি আপুনি এটা গীতক এটা বেলেগ ধাৰা দিব বিচাৰে, তেন্তে আপুনি আপোনাৰ চিন্তাক ‘ৰিষ্টাইল এ ট্ৰেক’ প্ৰমপ্টত ব্যৱহাৰ কৰক আৰু অতি সোনকালে আপোনাৰ হাতত এটা কাষ্টমাইজড চাউণ্ডট্ৰেক থাকিব যিয়ে মূল গীতটোৰ কণ্ঠৰ সাৰমৰ্ম বজাই ৰাখি গীতটোক পুনৰ কাল্পনিকভাৱে সজোৱা হয় ,” টেকক্ৰাঞ্চৰ প্ৰতিবেদনৰ উদ্ধৃতি অনুসৰি আপডেটটোত পঢ়িবলৈ পোৱা গৈছে ।

গুগলে লগতে উল্লেখ কৰিছে যে এই চুটি ৰিমিক্স কৰা গীতসমূহ শ্বৰ্ট ভিডিঅ’টো নিজেই আৰু শ্বৰ্টছৰ অডিঅ’ পিভট পেজৰ জৰিয়তে মূল গীতটোৰ বাবে ক্ৰেডিট দিয়া হ’ব । কেৱল সেয়াই নহয়, ট্ৰেকটো AI ব্যৱহাৰ কৰি পৰিবৰ্তন কৰা হৈছে বুলি সূচাবলৈ কিছুমান বিশেষ লেবেল থাকিব ।

যোৱা বছৰৰ নৱেম্বৰ মাহত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তিত ইউটিউব ড্ৰিম ট্ৰেক টুলছেটটো লাইৰা সংগীত প্ৰজন্মৰ মডেলৰ দ্বাৰা সমৰ্থিত । অজ্ঞাতসকলৰ বাবে ইয়াক গুগলৰ ইন-হাউছ ৰিচাৰ্চ টিম ডিপমাইণ্ডে প্ৰস্তুত কৰিছিল ।

ইউটিউবে প্লেটফৰ্মটোক ইন্টাৰেক্টিভ কৰি তুলিবলৈ নতুন নতুন বৈশিষ্ট্যৰ ওপৰত কাম কৰি আহিছে । শেহতীয়াকৈ ই এটা নতুন বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে যিয়ে ব্যৱহাৰকাৰীক কেৱল সুৰটো গুণগুণাই গীত বিচাৰি উলিয়াবলৈ সহায় কৰিছিল । নিয়মৰ কথা ক’বলৈ গ’লে টেক জায়ান্টটোৱে ইউনিভাৰ্চেল মিউজিক গ্ৰুপ (ইউএমজি)ৰ সৈতেও অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে ।

লগতে পঢ়ক: আপুনিও প্ৰস্তুত কৰে নেকি Youtube ভিডিঅ’; তেন্তে এই থবৰ আপোনাৰ বাবে

Skip বুটাম এতিয়াও উপলব্ধ YouTube ত : জনালে YouTube ৰ মুখপাত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.