ETV Bharat / state

সত্ৰীয়া সংস্কৃতি দিৱসৰ সামৰণি, ৰাষ্ট্ৰীয়-ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান - SATTRIYA SANSKRITI DIWAS

গোলাঘাটত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানেৰে সামৰণি পৰিল সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ ।

Assam Satra Mahasabha concludes Kendria Sattriya Sanskriti Divas in Golaghat
সত্ৰীয়া সংস্কৃতি দিৱসৰ সামৰণি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 10:58 PM IST

গোলাঘাট: সফল সামৰণি পৰিল গোলাঘাটত দুদিনীয় কাৰ্যসূচীৰে সদৌ অসম সত্ৰ মহাসভাৰ উদ্যোগত সদৌ গোলাঘাট জিলা সত্ৰ মহাসভাৰ সহযোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱসৰ । এই দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা মুকলি সভাত মাজুলীৰ শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পৰমানন্দ দেৱ গোস্বামী আৰু শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱ মহন্তক সত্ৰ সৌৰভ বঁটা, সত্ৰীয়া শিল্পী ভানু ডেকা চহৰীয়া আৰু ড৹ খগেন শৰ্মাক ৰাষ্ট্ৰীয় সত্ৰীয়া শিল্পী বঁটা , যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ পবিত্ৰ প্ৰাণ গোস্বামী আৰু নগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ কৰবী দেৱীক ৰাজ্যিক সত্ৰীয়া সংগীত শিল্পী বঁটা প্ৰদান কৰা হয় ।

সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সভাপতি সুনীল কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু জিলা আয়ুক্ত পুলক মহন্ত । অনুষ্ঠানটিত উপস্থিত থাকি নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ মজিন্দাৰে গুৰুজনাৰ অমৰ সৃষ্টি ৰাজিক বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা কৰিবলৈ সদৌ অসম সত্ৰ মহাসভাৰ বহু কৰণীয় আছে বুলি উল্লেখ কৰে ।

সত্ৰীয়া সংস্কৃতি দিৱসৰ সামৰণি (ETV Bharat Assam)

উক্ত সভাতে সত্ৰীয়া কলা-সংস্কৃতি গুৰুজনাৰ সৃষ্টি,আদৰ্শ, কৰ্মৰাজী, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা অসমৰ বিভিন্ন জিলাৰ বহুকেইজন সত্ৰাধিকাৰ আৰু সাহিত্যিকক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ বিষয়ববীয়া সকলৰ লগতে সদৌ গোলাঘাট জিলা সত্ৰ মহাসভাৰ বিষয়ববীয়া আৰু অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে । উক্ত সভাত শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পৰমানন্দ দেৱ গোস্বামীক সদৌ অসম সত্ৰ মহাসভাৰ উপ-সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ।

আনহাতে সত্ৰ সৌৰভ বঁটা গ্ৰহণ কৰি গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পৰমানন্দ দেৱ গোস্বামীয়ে কয়,"প্ৰথমতে অসমবাসী ৰাইজক ৰাসৰ শুভেচ্ছা জনালোঁ । আজি সদৌ অসম সত্ৰ মহাসভাই আমাক এনেদৰে মৰম জনালে তাৰ বাবে মই আনন্দিত হৈছো আৰু আশা কৰো অনাগত দিনত অসমৰ জনগণৰ হৈ সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰৰ বাবে আমি চেষ্টা কৰিম । তাৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ ।"

ইফালে মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰী অতুল বৰাই কয়,"সদৌ অসম সত্ৰ মহাসভাক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ । সত্ৰীয়া নৃত্যই যিদিনা স্বীকৃতি লাভ কৰিছিল সেই সময়ত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা সংগীত নাটক অকাডেমিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল । ২০২০ চনত সেইদিনাৰ পৰা সত্ৰ মহাসভাই ১৫ নৱেম্বৰ দিনটো সত্ৰীয়া সংস্কৃতি দিৱস হিচাপে উদযাপন কৰি আহিছে । গতিকে আজি বহুকেইগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক আৰু কেইবাগৰাকী সত্ৰাধিকাৰ উপস্থিত আছে খুব সুন্দৰ অনুষ্ঠান হৈছে । তেখেতসকলৰ এই প্ৰচেষ্টা অব্যাহত ৰাখক আমি তাকে কামনা কৰিছোঁ ।"

তেওঁ লগতে কয়,"ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সত্ৰসমূহৰ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । এখন সমিতি গঠন কৰা হৈছে, কাৰণ সত্ৰৰ ভুমি বেদখল হৈছে লগতে নামঘৰসমূহ অসম দৰ্পণ আঁচনি জৰিয়তে সুন্দৰকৈ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"

লগতে পঢ়ক: জাতিৰ বাবে স্মৰণীয় এটা দিন: সংগীতসূৰ্যক সুৱঁৰি সত্ৰীয়া সংস্কৃতি দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.