ETV Bharat / state

যুৱকক প্ৰহাৰ কৰা পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন - OC OF POLICE STATION SUSPENDED

যুৱকৰ ওপৰত আৰক্ষীৰ বীৰত্ব । ভুগিলে ফল ।

OC of police station suspended
পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 11:08 PM IST

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত যুৱকক প্ৰহাৰ কৰি নিলম্বন হ'ল পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰা । 'মাৰি পেলাম মাৰি পেলাম' বুলি কৈ প্ৰহাৰ কৰিছিল যুৱকজনক । উত্থাপিত অভিযোগ মতে, যুৱকজনৰ মুখত উপৰ্যুপৰি ঘোচা মাৰিছিল আৰক্ষী বিষয়াজনে ।

ফাঁচী বজাৰত শুকুৰবাৰে আৰক্ষী বিষয়াজনে সামগ্ৰী ডেলিভাৰী কৰা যুৱক এজনক সামান্য় কথাতে ৰাজহুৱাভাৱে মাৰধৰ কৰে । এই দৃশ্য ম'বাইলত বন্দী হৈছিল । এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । তাৰ পিছতেই তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক ।

পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন (ETV Bharat Assam)

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত উল্লেখ কৰিছে যে পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ আচৰণ গ্ৰহণযোগ্য নহয় । তেওঁক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ লগতে বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে । মহানগৰ আৰক্ষী আয়ুক্তক তাৎক্ষণিকভাৱে আন এজন বিষয়াক নিযুক্তি দিবলৈ পৰামৰ্শ দিয়া হৈছে।

এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চি পি আই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়,"এজন আৰক্ষী বিষয়াই এজন যুৱকৰ ওপৰত যিধৰণৰ গুণ্ডাৰ দৰে আক্ৰমণ কৰিলে এয়া আমাৰ ৰাজ্যৰ আইন-শৃঙ্খলা যে বেয়া হ'ব ধৰিছে তাৰেইঅন্যতম উদাহৰণ । এই বিষয়াজনে ছাত্ৰ-ছাত্ৰীয়ে দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ বিৰুদ্ধে কৰা শান্তিপূৰ্ণ আন্দোলনত দুৰ্ব্য়ৱহাৰ কৰিছিল । আৰক্ষীৰ হাতত সকলো ক্ষমতা এৰি দিয়াৰ প্ৰৱণতাৰ বাবে এনে আচৰণ হ'ব ধৰিছে । কিছুমান আৰক্ষী বিষয়াৰ ক্ষমতাই মূৰত ধৰিছে । অনতি পলমে অসমত এইবিলাক বন্ধ হওক । এই ঘটনাৰ উচিত তদন্ত কৰি আৰক্ষী বিষয়াজনক শাস্তি বিহিব লাগে ।"

লগতে পঢ়ক:জিৰিবামত হিংসাত্মক পৰিস্থিতি: অসম-মণিপুৰ সীমান্তত কঠোৰ নিৰাপত্তা

বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ দুখনকৈ হোটেলত আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.