অসম

assam

ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে পিকআপ ট্ৰাকৰ প্ৰয়োজন : এই তালিকাৰ পৰা বাচনি কৰক আপোনাৰ শ্ৰেষ্ঠ পিকআপ ট্ৰাকখন - Budget friendly pickup trucks

By ETV Bharat Tech Team

Published : Aug 25, 2024, 6:03 PM IST

Pick Up Trucks: যদি আপুনি আপোনাৰ সৰু ব্যৱসায়টোৰ সহায়ক হ’বৰ বাবে এখন সৰু পিকআপ বাহন ক্ৰয় কৰাৰ পৰিকল্পনা মনত পুহি ৰাখিছে, যাৰ বাবে অধিক ধনো ব্যয় কৰিব নালাগে আৰু লগতে আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণতো সহায়ক হয়, তেন্তে পঢ়ক আমাৰ এই বিস্তৃত প্ৰতিবেদন---

Pickup Truck Cars Under 10 Lakh in India
শ্ৰেষ্ঠ পিকআপ ট্ৰাক (Mahindra, Tata, Ashok Leyland)

নিউজ ডেস্ক, 25 আগষ্ট:আপুনি যদি আপোনাৰ সৰুকৈ আৰম্ভ কৰা ব্যৱসায়টোৰ সুবিধাৰ্থে লঘু বাহনৰ সন্ধান চলাই আছে তেন্তে বৰ্তমান আপোনাৰ হাতত বহু বিকল্প আছে । আপুনি কম দামতে ক্ৰয় কৰিব পাৰে লঘু বাহন । এই প্ৰতিবেদনত আমি আপোনালোকৰ সুবিধাৰ্থে আপোনাৰ ক্ষুদ্ৰ ব্যৱসায় অনুযায়ী পাঁচখন এনে সামগ্ৰী কঢ়িওৱা বাহনৰ কথা উল্লেখ কৰিম যাৰ মূল্য 10 লাখ টকাতকৈও কম ।

1/ TATA S Gold

টাটা কমাৰ্চিয়েল ভেহিকেলছৰ এই সৰু সামগ্ৰী কঢ়িয়াই নিয়া বাহনখন মানুহৰ প্ৰথম পছন্দ । ‘ছোটা হাতী’ নামেৰেও এইখন জনপ্ৰিয় । এই বাহনখনত আছে 694 চিচি মাল্টি-পইণ্ট ফিউৱেল ইনজেকচন, 4 ষ্ট্ৰ’ক ৱাটাৰ কুল্ড ইঞ্জিন, যিয়ে 30 এইচ পি শক্তি আৰু 55 নিউটন মিটাৰ টৰ্ক প্ৰদান কৰে । এই বাহনখন চিএনজি (1630 কিলোগ্ৰাম ওজন ক্ষমতা ) আৰু পেট্ৰ’ল (1615 কিলোগ্ৰাম ওজন ক্ষমতা) দুয়োটা বিকল্পৰ সৈতে উপলব্ধ । বজাৰত 3.99 লাখৰ পৰা 6.69 লাখ টকা (এক্স শ্ব’ৰুম) মূল্যত বিক্ৰীৰ বাবে উপলব্ধ ৷

2) Mahindra JEETO

এই তালিকাৰ দ্বিতীয় স্থানত আছে মহিন্দ্ৰাৰ জনপ্ৰিয় সৰু পিকআপ ট্ৰাক মহিন্দ্ৰ জীতো । এই পিকআপ ট্ৰাকখনৰ মূল্য 4.38 লাখৰ পৰা 5.08 লাখ টকা (এক্স শ্ব’ৰুম) পৰ্যন্ত । ইয়াত 625 চিচি ফোৰ ষ্ট্ৰ’ক, পজিটিভ ইঞ্জিন ইগনিচন ইঞ্জিন আছে, যিয়ে 20.1 এইচ পি শক্তি আৰু 44 নিউটন মিটাৰ টৰ্ক প্ৰদান কৰে । এই পিকআপ ট্ৰাকখনৰ 1485 কিলোগ্ৰাম ওজন টানিব পৰা ক্ষমতা আছে ।

3) Maruti Suzuki Super Carry

মাৰুতি চুজুকিয়ে নিজৰ ছুপাৰ কেৰী সৰু পিকআপ ট্ৰাকখনেই আছিল বাণিজ্যিক বাহন শাখাৰ প্ৰথমখন বাহন ৷ মাৰুতীয়ে 1196 চিচি, জি12বি ছিৰিজৰ ইঞ্জিনযুক্ত নিজৰ ছুপাৰ কেৰী বিক্ৰী কৰিছে । এই ইঞ্জিনটো পেট্ৰ’ল আৰু চিএনজি ইন্ধন দুয়োটাতে উপলব্ধ । পেট্ৰ’লৰ সৈতে ই 72 এইচ পি শক্তি আৰু 98 নিউটন মিটাৰ টৰ্ক দিয়ে, আনহাতে, চি এন জিৰ সৈতে এই ইঞ্জিনে 64৪ এইচ পি শক্তি আৰু 85 নিউটন মিটাৰ টৰ্ক দিয়ে । ইয়াৰ মুঠ ওজন 1600 কিলোগ্ৰাম পৰ্যন্ত । ইয়াৰ মূল্য 4.14 লাখ টকা (এক্স শ্ব’ৰুম) ।

4)Tata Intra 30

টাটাৰ আন এখন সৰু পিকআপ ট্ৰাক যিখনে উৎকৃষ্ট বহন ক্ষমতা আছে সেয়া হ’ল টাটা ইন্ট্ৰা ভি 30 । ইয়াত 1.5 লিটাৰ, 4 চিলিণ্ডাৰ, বি এছ-6 ইমিছন ভিত্তিক ডিজেল ইঞ্জিন আছে, যিয়ে 70 এইচ পি শক্তি আৰু 140 নিউটন মিটাৰ টৰ্ক প্ৰদান কৰে । এই ইঞ্জিনৰ সৈতে 5 স্পীড মেনুৱেল গিয়াৰবক্স যুক্ত কৰা হৈছে । এই পিকআপ ট্ৰাকখনৰ 1300 কিলোগ্ৰাম পৰ্যন্ত বহন ক্ষমতা আছে । দামৰ কথা ক’বলৈ গ’লে এই বাহনখন উপলব্ধ 7.30 লাখৰ পৰা 7.62 লাখ টকা (এক্স শ্ব’ৰুম) মূল্যত ।

5)Ashok Leyland Dost+

তালিকাৰ শেষত অশোক লেলেণ্ডৰ শক্তিশালী পিকআপ ট্ৰাক অশোক লেলেণ্ড ডষ্ট+, যিখন মাত্ৰ এটা ডিজেল ইঞ্জিন বিকল্পত উপলব্ধ। ডষ্ট+ত 1.5 লিটাৰ, 3 চিলিণ্ডাৰ বি এছ-6 ইমিছন ভিত্তিক ডিজেল ইঞ্জিন ব্যৱহাৰ কৰা হৈছে, যিয়ে 68.9 এচপি শক্তি আৰু 170 নিউটন মিটাৰ টৰ্ক প্ৰদান কৰে। এই পিকআপ ট্ৰাকৰ পেলোড ক্ষমতা 1500 কিলোগ্ৰাম। দামৰ কথা ক’বলৈ গ’লে ইয়াক 7.75 লাখৰ পৰা 8.25 লাখ টকা (এক্স শ্ব’ৰুম) মূল্যত বিক্ৰী কৰা হৈছে ।

লগতে পঢ়ক:স্কোডাৰ নতুন SUVৰ নামকৰণ প্ৰতিযোগিতাত জয়ী প্ৰতিযোগীয়ে লাভ কৰিব SUV গাড়ী : কোন সেই সৌভাগ্যবান? - Skoda’s new suv Kylaq

টাটা নেক্সন চি এন জি সংস্কৰণত উপলব্ধ হ’ব দুটাকৈ গিয়াৰবক্স - Tata Nexon CNG

সৰ্বাধিক মাইলেজ প্ৰদান কৰা 5 খন মটৰ চাইকেল - Best Mileage Bikes

ABOUT THE AUTHOR

...view details