অসম

assam

বিত্তীয় প্ৰৱঞ্চনাৰ পৰা নিজক কেনেকৈ বচাই ৰাখিব ? - OTP Scam increasing

By ETV Bharat Tech Team

Published : 4 hours ago

OTP Scams in India: দিনক দিনে দেশত অ’টিপিৰ জৰিয়তে দুষ্ট চক্ৰই ধন হস্তান্তৰ কৰাৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । আৰ বি আইৰ মতে, প্ৰৱঞ্চকে নতুন কৌশল ব্যৱহাৰ কৰি মানুহক নিজৰ ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিবলৈ বাধ্য কৰাইছে । চৰকাৰৰ চাইবাৰ এজেন্সী Cert-In য়ে এনে পৰিস্থিতিৰ বিষয়ে মানুহক সতৰ্ক কৰি দিছে...

Etv Bharat
বিত্তীয় প্ৰৱঞ্চনাৰ পৰা নিজক কেনেকৈ বচাই ৰাখিব ? (ETV Bharat)

নিউজ ডেস্ক, 22 ছেপ্টেম্বৰ:ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি দেশত বৃদ্ধি পাইছে আৰ্থিক জালিয়াতিৰ ঘটনা । মানুহক সাৱধানতা অৱলম্বন কৰিবলৈ সকীয়াই দিয়া হৈছে যদিও প্ৰৱঞ্চকসকলে নিতৌ নতুন পদ্ধতি গ্ৰহণ কৰিছে । ফলত নিৰীহ লোকসকল সহজতে প্ৰৱঞ্চকৰ জালত ভৰি দিছে । যাৰ ফলত মানুহে নিজৰ কষ্টোপাৰ্জিত ধন-সম্পত্তি হেৰুৱাইছে । বিশেষকৈ প্ৰায়বোৰ প্ৰৱঞ্চনা ৱান টাইম পাছৱৰ্ড (OTP)ৰ জৰিয়তে দেখা যায় ।

যাতে সাধাৰণ জনতা চাইবাৰ প্ৰৱঞ্চকৰ বলি নহয় তাৰ বাবে ভাৰত চৰকাৰৰ চাইবাৰ এজেন্সী শ্বৰ্ট-ইন মোবাইল ব্যৱহাৰকাৰীৰ বাবে কিছু সুৰক্ষা সম্বন্ধীয় টিপছ শ্বেয়াৰ কৰিছে ।

OTP Fraud কি

বিভিন্ন কৌশল ব্যৱহাৰ কৰি মানুহৰ পৰা অ’টিপি সংগ্ৰহ কৰে প্ৰৱঞ্চকে । তাৰ পিছত তেওঁলোকে ব্যক্তিজনৰ বেংক একাউণ্ট, ডিজিটেল ৱালেট আৰু অন্যান্য স্পৰ্শকাতৰ তথ্য লাভ কৰে । প্ৰৱঞ্চকে কেতিয়াবা বেংকৰ কৰ্মচাৰীৰ ভাও ধৰে আৰু কেতিয়াবা পুলিচৰ অভিনয় কৰি মোবাইললৈ অহা অ’টিপিটো বিচাৰে । প্ৰৱঞ্চকসকলে নিৰীহ লোকক নিজৰ জালত আৱদ্ধ কৰিবলৈ এই পন্থা বাছি লোৱা পৰিলক্ষিত হৈ আহিছে ।

প্ৰৱঞ্চনা কেনেকুৱা

সাধাৰণতে দুষ্ট চক্ৰটোৱে মানুহৰ ই-মেইল বা মোবাইললৈ এছএমএছ প্ৰেৰণ কৰে । উক্ত এছএমএছটোত ভুৱা ৱেবচাইট আৰু লিংক প্ৰেৰণ কৰে । যদি কোনো ব্যক্তিয়ে অসাৱধানতাৰে উক্ত লিংকটোত ক্লিক কৰে বা তেওঁৰ ব্যক্তিগত তথ্য আৰু অ’টিপি দিয়ে তেন্তে প্ৰৱঞ্চকে ব্যক্তিজনৰ বেংক একাউণ্টত প্ৰৱেশ কৰে । কেতিয়াবা প্ৰৱঞ্চকে নিজকে গ্ৰাহক সেৱাৰ কৰ্মী বুলি দাবী কৰি মানুহৰ পৰা অ’টিপি সংগ্ৰহ কৰে ।

চৰকাৰৰ পৰামৰ্শ

এনেধৰণৰ অনলাইন জালিয়াতিৰ পৰা হাত সাৰিবলৈ চৰকাৰী সংস্থাসমূহে কিছু সুৰক্ষা সম্বন্ধীয় টিপছ শ্বেয়াৰ কৰিছে আৰু অ’টিপি জালিয়াতিৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে ।

  • বেংক বা আন কোম্পানীৰ পৰা অহা টোল ফ্ৰী নম্বৰ যেন লগা অজ্ঞাত কলবোৰৰ পৰা সাৱধান হওঁক ।
  • আপোনাৰ ক্ৰেডিট/ডেবিট কাৰ্ডৰ সবিশেষ, চিভিভি, অ’টিপি, একাউণ্ট নম্বৰ, জন্ম তাৰিখ, ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ ম্যাদ উকলি যোৱাৰ তাৰিখ ফোন বা অনলাইনযোগে শ্বেয়াৰ নকৰিব ।
  • সন্দেহ হ’লে সদায় বেংক বা যিকোনো অনুমোদিত কোম্পানীৰ অফিচিয়েল ৱেবছাইট চাওঁক ।
  • কেছবেক বা পুৰস্কাৰৰ নাম শুনি ফোন কল, ইমেইল বা এছএমএছৰ জৰিয়তে অ’টিপি শ্বেয়াৰ নকৰিব ।

লগতে পঢ়ক:সঞ্চাৰ সাথীৰ সহযোগত সংযোগ বিচ্ছিন্ন প্ৰায় 1 কোটি নম্বৰৰ - Drive against spam calls

অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্তৰ হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড - Online Trading Scam

অনলাইন ট্ৰেডিং প্ৰৱঞ্চনা ! কেনেদৰে কোটিপতি হৈছিল বিশাল ফুকন ? - ONLINE TRADING SCAM

ABOUT THE AUTHOR

...view details