হায়দৰাবাদ: বিগত মাহত ভাৰতৰ লগতে বিশ্বজুৰি অ’প’ই Find X8 ছিৰিজ মুকলি কৰিছিল । এতিয়া কোম্পানীটোৱে শীঘ্ৰে Find X8 আল্ট্ৰা স্মাৰ্টফোন মুকলি কৰি এই ছিৰিজটো সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা আছে । জল্পনা-কল্পনাৰ মাজতে এজন টিপষ্টাৰে ডিভাইচটোৰ কেইবাটাও বৈশিষ্ট্য ফাদিল কৰিছে । Find X7 আল্ট্ৰাৰ উত্তৰাধিকাৰী হিচাপে আহিবলগীয়া এই হেণ্ডছেটটোত 6.82 ইঞ্চি 2K স্ক্ৰীণ, IP69 ডাষ্ট এণ্ড ৱাটাৰ ৰেজিষ্টেন্স ৰেটিং, আল্ট্ৰাছ’নিক ফিংগাৰপ্ৰিণ্ট চেন্সৰ আৰু এক্স-এক্সিছ হেপটিক মটৰ থাকিব পাৰে ।
Oppo Find X8 Ultra ৰ লিক হোৱা বৈশিষ্ট্য
চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ৱেইব’ত টিপষ্টাৰ ডিজিটেল চেট ষ্টেচনে ফাদিল কৰিছিল অ’প’ Find X8 আল্ট্ৰাৰ স্পেচিফিকেশন । জানিব পৰা মতে, Oppo Find X8 Ultra ত ডিছপ্লেৰ তলত স্থাপন কৰা আল্ট্ৰাছত’নিক ফিংগাৰপ্ৰিণ্ট চেন্সৰৰ সৈতে 6.82 ইঞ্চি 2K কোৱাড-কাৰভ ডিছপ্লে থাকিব পাৰে । ই ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে IP68 + IP69 ৰেটিংৰ সৈতে আহিব পাৰে ।
তদুপৰি, ডিভাইচটোত 6,000mAh বেটাৰী থাকিব পাৰে যিয়ে 80W বা 90W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে । ইয়াত অ’প’ৰ ইমেজিং টেকন’লজিও থাকিব পাৰে আৰু ইয়াৰ বৈশিষ্ট্য হ’ব পাৰে এক্স-এক্স ভাইব্ৰেচন মটৰ ।
Oppo Find X8 Ultra: অন্যান্য প্ৰত্যাশিত স্পেচিফিকেশন