হায়দৰাবাদ: অহা সপ্তাহত বিশ্ব বজাৰত মুকলি কৰা হ’ব Oppo Find N5 । কোম্পানীয়ে এই ফোল্ডেবল স্মাৰ্টফোনৰ লঞ্চৰ তাৰিখ নিশ্চিত কৰিছে । এই ফোনটো চীনৰ লগতে বিশ্বৰ অন্যান্য বজাৰতো মুকলি কৰা হ’ব । এই ফোনটোক 3D প্ৰিণ্টেড টাইটানিয়াম এলয় হিঞ্জ দিব পাৰে, যাৰ সৈতে ট্ৰিপল কেমেৰা ছেটআপ দিয়াৰ আশা কৰা হৈছে । কোম্পানীয়ে এই ফোনটোৰ ডিজাইন আৰু ৰংও নিশ্চিত কৰিছে । এই ফোনটোৰ বিষয়ে বিতংভাৱে জানো আহক---
Oppo Find N5 মুকলিৰ তাৰিখ নিশ্চিত কৰা হৈছে
20 ফেব্ৰুৱাৰীত ছিংগাপুৰত আয়োজিত এক অনুষ্ঠানত মুকলি কৰা হ’ব Oppo Find N5 । ভাৰতীয় সময় অনুসৰি সন্ধিয়া 4.30 বজাৰ পৰা আৰম্ভ হ'ব এই অনুষ্ঠান । অৰ্থাৎ এই ভাঁজ কৰিব পৰা ফোনটো চীনৰ লগতে বিশ্ব বজাৰতো মুকলি কৰা হ’ব । চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ৱেইব’ত পোষ্ট কৰা এটা টিজাৰৰ জৰিয়তে এই ফোনটোৰ ৰঙৰ বিকল্পৰ বিষয়ে প্ৰকাশ পাইছিল যদিও এতিয়া কোম্পানীটোৱে নিজেই ফোনটোৰ ৰং নিশ্চিত কৰিছে ।
কোম্পানীটোৱে এই ফোনটো কচমিক ব্লেক, মিষ্টি হোৱাইট আৰু টুইলাইট পাৰ্পল ৰঙত লঞ্চ কৰিব । কিন্তু ইউটিউবত মুকলি কৰা এই স্মাৰ্টফোনটোৰ গ্ল’বেল লঞ্চ ইভেণ্টৰ টিজাৰ ভিডিঅ’ত বেঙুনীয়া ৰঙৰ ভিন্নতা দেখা পোৱা নাই । অৰ্থাৎ কোম্পানীটোৱে সম্ভৱতঃ কেৱল চীনতহে বেঙুনীয়া ৰঙৰ ভিন্নতা আৰু বাকী দুটা ৰঙৰ ভিন্নতা বিশ্ব বজাৰত মুকলি কৰিব পাৰে ।
নিশ্চিত আৰু লিক কৰা স্পেচিফিকেশনসমূহ
কোম্পানীটোৱে এই ফোনটোৰ বিষয়ে আনুষ্ঠানিকভাৱে বিশেষ তথ্য এতিয়াও দিয়া নাই যদিও Oppo Find N5 ৰ About Phone পেজৰ ফাদিল স্ক্ৰীণশ্বটৰ জৰিয়তে এই ফোনটোৰ কিছুমান বিশেষ কথাৰ তথ্য লাভ কৰা হৈছে । অৱশ্যে আমি এই তথ্য নিশ্চিত নকৰো । এই লিক হোৱা স্ক্ৰীণশ্বট অনুসৰি এই ফোনটোৰ ইণ্টাৰনেল ডিছপ্লে 8.12 ইঞ্চি হ’ব পাৰে । ফোনটোৰ বাহ্যিক ডিছপ্লে সম্পৰ্কে কোনো তথ্য দিয়া হোৱা নাই । এই ফোনত প্ৰচেছৰৰ বাবে ব্যৱহাৰ কৰা হ’ব 7 কোৰ স্নেপড্ৰেগন 8 এলিট চিপছেট । কোম্পানীটোৱে এই কথা নিশ্চিত কৰি কয় যে এই চিপছেটৰ সৈতে অহা ই হ’ব বিশ্বৰ প্ৰথমটো ভাঁজ কৰিব পৰা স্মাৰ্টফোন ।
ফোনটোৱে 16GB ৰেমৰ লগতে 12GB ভাৰ্চুৱেল ৰেম সমৰ্থনও লাভ কৰিব পাৰে, যিটো 512GB ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতেও আহিব পাৰে । এই ফোনত 5600mAh বেটাৰী থাকিব বুলি আশা কৰা হৈছে, যিটো 80W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে আহিব । এই ফোনটো Android 15 ৰ ওপৰত ভিত্তি কৰি ColorOS 15 ত চলিব ।