হায়দৰাবাদ: Oneplus এ নিজৰ ফ্লেগশ্বিপ ছিৰিজ Oneplus 13 আৰু Oneplus 13R ৰ মুকলিৰ তাৰিখ নিশ্চিত কৰিছে । Oneplus এ ইয়াৰ এক্স একাউণ্টত এই সন্দৰ্ভত তথ্য আগবঢ়াইছে । ৱানপ্লাছ ক্লাবে জনোৱা মতে, 2025 চনৰ 7 জানুৱাৰীৰ দিনা নিশা 9 বজাত ভাৰতত মুকলি কৰা হ’ব ৱানপ্লাছ 13 ছিৰিজ । ৱানপ্লাছে নিজৰ এক অনুষ্ঠানত এই দুয়োটা ফোন মুকলি কৰিব । ইতিমধ্যে চীনত মুকলি কৰা হৈছে OnePlus 13 series । OnePlus 13 ৰ সম্ভাৱ্য বৈশিষ্ট্য আৰু মূল্য জানো আহক...
OnePlus 13 বৈশিষ্ট্যসমূহ
ডিছপ্লে
Oneplus 13 ত 6.82 ইঞ্চিৰ ডিছপ্লে থাকিব, যিটো ৱানপ্লাছ 12 ৰ সৈতে একে । ৱানপ্লাছ 13ৰ ৰিফ্ৰেছ ৰেট হ’ব 120 হাৰ্টজ আৰু QHD+ ৰিজ’লিউচন ।
প্ৰচেছৰ
হুডৰ তলত ৱানপ্লাছ 13ত আহিব কোৱালকমৰ শেহতীয়া স্নেপড্ৰেগন 8 এলিট চিপছেট । ডিভাইচটো অক্সিজেনঅ’এছ 15ত চলিব, যিটো এণ্ড্ৰইড 15 ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে । ৱানপ্লাছে এতিয়াও ৱানপ্লাছ 13ৰ বাবে চফট্ ৱেৰ আপডেট নিশ্চিত কৰা নাই যদিও পূৰ্বৰ মডেলৰ ভিত্তিত ই চাৰি বছৰলৈকে এণ্ড্ৰইড আপডেট আৰু ইয়াৰ বাবে নিৰাপত্তা আপডেট দিয়াৰ সম্ভাৱনা আছে পাঁচ বছৰলৈ ।
বেটাৰী
OnePlus 13 ত ডাঙৰ উন্নীতকৃত বেটাৰী থাকিব । OnePlus 12 ত পোৱা 5,400mAh ইউনিটৰ তুলনাত OnePlus 13 ত 6,000mAh বেটাৰী আছে । কোম্পানীটোৱে দাবী কৰিছে যে এই ফোনটো প্ৰায় দুদিন পৰ্যন্ত চলিব পাৰে । ডিভাইচটোৱে 100W তাঁৰযুক্ত চাৰ্জিং আৰু 50W বেতাঁৰ চাৰ্জিং সমৰ্থন কৰিব ।