হায়দৰাবাদ: OnePlus এ ফ্লেগশ্বিপ স্মাৰ্টফোন ছিৰিজৰ পৰা আৰম্ভ কৰি এই বছৰ বহু স্মাৰ্টফোন মুকলি কৰিবলৈ ওলাইছে । মাত্ৰ কেইসপ্তাহমানৰ পূৰ্বে কোম্পানীটোৱে ভাৰতত মুকলি কৰিছিল OnePlus 13 Series । টিপষ্টাৰৰ মতে, কোম্পানীটোৱে ৱানপ্লাছ 13 মিনি, ৱানপ্লাছ S ছিৰিজ আনকি ৱানপ্লাছ 14 ৰ দৰে বহু স্মাৰ্টফোন মুকলি কৰিব পাৰে ।
এই ফোনসমূহৰ ভিতৰত প্ৰথমটো হ’ব পাৰে OnePlus 13 Mini, যিটো কোম্পানীয়ে 2025 চনৰ এপ্ৰিল মাহত মুকলি কৰিব পাৰিব । এই তথ্য প্ৰকাশ কৰিছে ডিজিটেল চেট ষ্টেচনে চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ৱেইব’ৰ জৰিয়তে । চীনা ভাষাত কৰা পোষ্টটো অনুবাদ কৰাৰ পিছত দেখা গ’ল যে এপ্ৰিল মাহত ৱানপ্লাছ 13 মিনি (যাক ৱানপ্লাছ 13T বুলিও জনা যায়) আৰু মে’ মাহত ৱানপ্লাছ S5 ছিৰিজৰ নতুন ফোন মুকলি কৰিব । OnePlus Ace 5 series ৰ দুটা ফোন থাকিব পাৰে, যাৰ নাম OnePlus Ace 5V আৰু OnePlus Ace 5S । এই দুয়োটা মডেলৰ স্ক্ৰীণ ডাঙৰ হ’ব বুলি আশা কৰা হৈছে ।
ৱানপ্লাছ 14 ৰ প্ৰস্তুতিও আৰম্ভ হৈছে