অসম

assam

ETV Bharat / technology

CCPA ৰ নিৰ্দেশৰ পাচতে গ্ৰাহকৰ সমস্যা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ Ola Electric ৰ

Ola ইলেক্ট্ৰিকে গ্ৰাহকৰ 99.1% অভিযোগৰ সমাধান কৰিছে বুলি দাবী কৰিছে । শেহতীয়া বিতৰ্কৰ মাজতে গ্ৰাহক আৰু বিনিয়োগকাৰীৰ মাজত আস্থা ঘূৰাই অনাৰ লক্ষ্য লৈছে কোম্পানীটোৱে ।

Etv Bharat
CCPA ৰ নিৰ্দেশৰ পাচতে গ্ৰাহকৰ সমস্যা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ Ola Electric ৰ (X And ​​Ola)

By ETV Bharat Assamese Team

Published : 5 hours ago

হায়দৰাবাদ:কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ জাননীৰ পিছত অলা ইলেক্ট্ৰিকে গ্ৰাহকৰ 99.1% অভিযোগৰ সমাধান কৰিছে । শেহতীয়াকৈ বিতৰ্কৰ মাজতে গ্ৰাহক আৰু বিনিয়োগকাৰীৰ মাজত আস্থা ঘূৰাই অনাৰ লক্ষ্য লৈছে কোম্পানীটোৱে ।

গ্ৰাহকৰ অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ জাননীৰ প্ৰতি সঁহাৰি জনাইছে OLA ইলেক্ট্ৰিক এ । কোম্পানীটোৱে দাবী কৰিছে যে 10,644 টা অভিযোগৰ ভিতৰত 99.1 শতাংশ সমস্যা সমাধান কৰিছে । সোমবাৰে প্ৰেৰণ কৰা এখন পত্ৰত Ola ৰ মুখ্য বিত্তীয় বিষয়া হৰিশ আবিচান্দনীয়ে কয় যে কোম্পানীটোৱে CCPA ক প্ৰয়োজনীয় সকলো তথ্য প্ৰদান কৰিছে আৰু বেছিভাগ অভিযোগৰ সমাধান কৰিছে ।

চলিত মাহৰ আৰম্ভণিতে CCPA য়ে কোম্পানীটোক বিভ্ৰান্তিকৰ বিজ্ঞাপন আৰু অন্যায় কাম কৰাৰ অভিযোগ উত্থাপন কৰি Ola লৈ কাৰণ দেখুৱাৰ জাননী প্ৰেৰণ কৰিছিল । OLA ৰ পত্ৰখনে নিশ্চিত কৰিছে যে অভিযোগ চম্ভালিবলৈ তেওঁলোকৰ ব্যৱস্থা ফলপ্ৰসূ আৰু CCPA ৰ পৰা তেওঁলোকে লাভ কৰা 10,644 টা অভিযোগৰ ভিতৰত 99.1 শতাংশ অভিযোগ গ্ৰাহকৰ সন্তুষ্টিৰ বাবে সমাধান কৰা হৈছিল ।

পত্ৰখনত অলা ইলেক্ট্ৰিকে দাবী কৰিছে যে তেওঁলোকে গ্ৰাহকৰ সমস্যা সমাধান আৰু সকলো নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তা পূৰণৰ বাবে কৰ্তৃপক্ষৰ সৈতে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । কোম্পানীটোৱে আশা কৰিছে যে এই সঁহাৰিয়ে শেহতীয়াকৈ হোৱা বিতৰ্কৰ পিছত গ্ৰাহক আৰু বিনিয়োগকাৰী উভয়ৰে পৰা আস্থা ঘূৰাই পোৱাত Ola ক সহায় কৰিব ।

বিবৃতিটোত কোৱা হৈছে, "আমি পুনৰ ক'ব বিচাৰো যে আমাৰ বাহন সন্দৰ্ভত উত্থাপিত অভিযোগসমূহৰ সমাধানৰ বাবে Ola ইলেক্ট্ৰিকৰ এক শক্তিশালী ব্যৱস্থা আছে । আচলতে আমি এই কথাত গুৰুত্ব দিব বিচাৰো যে CCPA ৰ পৰা আমি লাভ কৰা 10,644 টা অভিযোগৰ ভিতৰত 99.1 শতাংশ অভিযোগ গ্ৰাহকৰ সন্তুষ্টিৰ বাবে সমাধান কৰা হৈছিল ।"

কুণাল কামৰা বনাম ভবিষ আগৰৱালা

শেহতীয়াকৈ Ola ইলেক্ট্ৰিকৰ সেৱা সন্দৰ্ভত বিভিন্ন চৰ্চা চলিছে । ষ্টেণ্ড আপ কমেডিয়ান কুনাল কামৰাই কোম্পানীটোক মুকলিকৈ সমালোচনা কৰি গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে স্পষ্ট পৰিকল্পনা যুগুত কৰিবলৈ দাবী জনায় । কামৰাৰ এই মন্তব্যৰ ফলত ছ’চিয়েল মিডিয়াত Ola ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ভবিষ আগৰৱালৰ সৈতে বাকযুদ্ধ হয় ।

ইয়াৰ পিছত কোম্পানীটোৱে CCPA ৰ পৰা জাননী লাভ কৰে আৰু 8 অক্টোবৰত Ola ৰ শ্বেয়াৰ 6 শতাংশ হ্ৰাস পায় ।

কুণাল কামৰা আৰু ভৱিষ আগৰৱালাৰ মাজত সংঘাত আৰম্ভ হৈছিল যেতিয়া ষ্টেণ্ড আপ কমেডিয়ান কামৰাই Ola ইলেক্ট্ৰিক সেৱাক দুৰ্বল বুলি সমালোচনা কৰিছিল । তেওঁ আঙুলিয়াই দিয়ে যে বহু গ্ৰাহক এই সেৱাক লৈ অসন্তুষ্ট, বিশেষকৈ কোম্পানীয়ে মেৰামতি আৰু অভিযোগ সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত কামৰাই প্ৰশ্ন উত্থাপন কৰিছিল । কামৰাই X (পূৰ্বৰ টুইটাৰ) ত এটা ব্যঙ্গাত্মক পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত অ’লা স্কুটাৰৰ সেৱা লাভৰ বাবে অপেক্ষা কৰি থকা এখন ছবি দেখা গৈছিল ৷ যাৰ অৰ্থ হৈছে কোম্পানীয়ে সমস্যা সমাধানৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই ।

Ola ৰ চিইঅ’ ভবিষ আগৰৱালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই কামৰাক ব্যৰ্থ ষ্টেণ্ড আপ কমেডিয়ান বুলি উপলুঙা কৰে আৰু কোম্পানীটোক সমালোচনা কৰাৰ পৰিৱৰ্তে Ola ৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিবলৈ কয় । আগৰৱালাই লগতে কয় যে Ola ই সেৱা নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আছে আৰু সকলো সমস্যা শীঘ্ৰে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

শ্বেয়াৰ মাৰ্কেট

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ পৰা লাভ কৰা গৰিষ্ঠসংখ্যক অভিযোগৰ সমাধান কৰা বুলি ঘোষণা কৰাৰ পিছতে মঙলবাৰে আৰম্ভণিৰ ব্যৱসায়ত Ola ইলেক্ট্ৰিক মবিলিটিৰ শ্বেয়াৰৰ মূল্য 4%ৰ ওপৰলৈ বৃদ্ধি হয় । Ola ইলেক্ট্ৰিকৰ শ্বেয়াৰ 4.45% পৰ্যন্ত বৃদ্ধি পায় ৷

লগতে পঢ়ক:জনপ্ৰিয় কমেডিয়ান কুনাল কামৰাৰ বিৰুদ্ধে গৰজি উঠিল অ’লাৰ শীৰ্ষ কাৰ্যবাহী বিষয়া

অলাৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় চৰকাৰ; গ্ৰাহকৰ ধন বেংক একাউণ্টত প্ৰদানৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details