হায়দৰাবাদ: বিজ্ঞানীসকল একমত যে প্ৰায় 4.6 বিলিয়ন বছৰ আগতে গেছ আৰু ধূলিৰ আণৱিক ডাৱৰৰ পৰা সূৰ্য গঠন হৈছিল, ইয়াৰ গঠনৰ সময় অৱশ্যে সিমান স্পষ্ট নহয় । কিন্তু Nature আলোচনীত প্ৰকাশিত এক নতুন গৱেষণাৰ পৰা অনুমান কৰিব পাৰি যে সূৰ্য গঠন হ’বলৈ 1 কোটিৰ পৰা 2 কোটি বছৰ সময় প্ৰয়োজন হৈছিল ।
TRIUMF ৰ পি এইচ ডি প্ৰাৰ্থী গাই লেকেনবি আৰু এটা আন্তঃৰাষ্ট্ৰীয় দলৰ নেতৃত্বত আৰম্ভণিৰ সৌৰজগতৰ পৰা এৰি থৈ যোৱা তৰাৰ ধূলিৰ অধ্যয়নৰ ভিত্তিত এই অনুমান কৰা হৈছে । সহযোগী অধ্যাপিকা আমাণ্ডা কাৰাকাছৰ নেতৃত্বত মনাছ বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্পদাৰ্থ বিজ্ঞানীসকলে প্ৰস্তুত কৰা সঁজুলি ব্যৱহাৰ কৰি এই তথ্য লাভ কৰা হৈছে, যিয়ে ব্যাখ্যা কৰিছিল যে নক্ষত্ৰীয় বিৱৰ্তনৰ আৰ্হিই বিজ্ঞানীসকলক পাৰমাণৱিক বিক্ৰিয়াৰ ফলত তৰাৰ বয়স বৃদ্ধিৰ লগে লগে ৰাসায়নিক গঠনৰ পৰিৱৰ্তন গণনা কৰাত সহায় কৰে ।
এই মডেলসমূহৰ সহায়ত গৱেষকসকলে তৰাবোৰে কোনবোৰ মৌল উৎপন্ন কৰে আৰু এই মৌলবোৰ তাৰকাৰাজ্যলৈ কেনেকৈ বাহিৰ কৰা হয় সেইটো চিনাক্ত কৰিব পাৰে বুলিও তেওঁ লগতে কয় ।
জাৰ্মানীৰ জি এছ আই হেলমহল্টজ চেণ্টাৰত উচ্চ আধানযুক্ত থেলিয়ামৰ বিৰল ক্ষয় পৰ্যবেক্ষণ কৰি এই অধ্যয়ন আৰম্ভ কৰা হৈছিল । ড° লুগাৰো আৰু শ্বানিয়ে ড° কাৰাকাছৰ সৈতে নক্ষত্ৰীয় বিৱৰ্তনৰ আৰ্হিত সহযোগিতা কৰিছিল, শ্বানিয়ে প্ৰয়োজনীয় গণনাসমূহ সম্পন্ন কৰিছিল । সূৰ্যৰ গঠনৰ সময় অনুমান কৰিবলৈ তেওঁলোকে পুৰণি ৰঙা বিশাল তৰাৰ মনাছ মডেল আৰু শেহতীয়া পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ গৱেষণা ব্যৱহাৰ কৰি তৰাত তেজস্ক্রিয় সীহৰ মাত্ৰা বিশ্লেষণ কৰিছিল ।