অসম

assam

ETV Bharat / technology

জিমেইল ব্যৱহাৰৰ অভিজ্ঞতা উন্নত কৰিবলৈ বিচাৰিছে নেকি ? এই 5 টা ছেটিংছ সলনি কৰক - Gmail Settings On Android - GMAIL SETTINGS ON ANDROID

Gmail Settings On Android : আমি জি-মেইলত কেতিয়াবা কিছুমান অধিসূচনা আমাৰ অজ্ঞাতে লাভ কৰো । কিন্তু আমি ছেটিংছ সলনি কৰি আমাৰ জি-মেইল এপটো ব্যৱহাৰৰ ক্ষেত্ৰত অন্য এক অভিজ্ঞতা লাভ কৰিব পাৰো ৷ এই প্ৰতিবেদনত আপোনালোকলৈ আগবঢ়াইছো তেনে 5 টা ছেটিংছ ৷ যাৰ জৰিয়তে আপোনাৰ জি-মেইল এপটো ব্যৱহাৰ কৰি বেলেগ অভিজ্ঞতা লাভ কৰিব পাৰে ৷

Gmail Settings On Android
জিমেইল ব্যৱহাৰৰ অভিজ্ঞতা উন্নত কৰিবলৈ বিচাৰিছে নেকি? এই 5 টা ছেটিংছ সলনি কৰক

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 11:52 AM IST

আজিকালি সকলোৱে জি-মেইল ব্যৱহাৰ কৰে ৷ স্মাৰ্টফোন, লেপটপ আৰু কম্পিউটাৰ থকা সকলোৰে বাবে জি-মেইল একাউণ্ট অতি আৱশ্যক । সাধাৰণতে এই জি-মেইলত বহুতো ই-মেইল আমাৰ অজ্ঞাতে সোমাই থাকে, এই সকলোবোৰ ইনবক্সত দেখা পোৱা যায় ৷

পিচে এইসমূহতো বহুতো জাংক মেইল থাকে। সেয়েহে যদি আপুনি এনে ধৰণৰ জাংক মেইল পৰিহাৰ কৰিব বিচাৰে অথবা আপোনাৰ জি-মেইলৰ অভিজ্ঞতা উন্নত কৰিব বিচাৰে, তেন্তে এই পাঁচটা ছেটিংছ সলনি কৰি চাওক ৷

মীট টেব অফ কৰক : যদি আপুনি জি-মেইলত কোনো ধৰণৰ মিটীং তথা গ্ৰুপ ভিডিঅ’ কল নকৰে, তেন্তে লগে লগে মীট টেব অফ কৰাই ভাল । ই আপোনাক অপ্ৰয়োজনীয় জাংক মেছেজ অহাত বাধা দিব ৷

ইয়াৰ বাবে প্ৰথমে আপোনাৰ ফোনত জি-মেইল এপটো খোলক । সন্ধান বাকচত থকা তিনি-ডট মেনু বুটামটো টেপ কৰক । হেমবাৰ্গাৰ মেনুত ক্লিক কৰক আৰু তলত থকা ছেটিংছত টেপ কৰক । ইয়াৰ তালিকাত থকা আপোনাৰ জি-মেইল একাউণ্ট বাছনি কৰক । ছেটিংছলৈ যাওক আৰু মীট শাখাটো বাছনি কৰক। ভিডিঅ' কলিং বিকল্পৰ বাবে মীট টেব প্ৰদৰ্শন অফ কৰক ৷

ডীফল্ট নটিফিকেশ্যন আপোনাৰ ইচ্ছানুসাৰে সলনি কৰক :আপুনি জি-মেইল এপত থকা ডীফল্ট নটিফিকেশ্যন আপোনাৰ ইচ্ছানুসাৰে সলনি কৰিব পাৰে । আপুনি পোনপটীয়াকৈ আৰ্কাইভ কৰিব বিচাৰে অথবা আপোনাৰ নটিফিকেশ্যনসমূহ বিলোপ কৰিব বিচাৰে, তেন্তে আপুনি এই ছেটিংছ সলনি কৰিব পাৰে । ই আপোনাৰ সময় ৰাহি কৰাৰ লগতে আপোনাৰ একাউণ্টটো সুৰক্ষিত ৰাখিব ।

বিশেষকৈ, আপুনি নটিফিকেশ্যন লাভ কৰাৰ লগে লগে অপ্ৰয়োজনীয় মেইল আৰু স্পাম মেইলসমূহ বিলোপ কৰিব পাৰিব ৷ প্ৰথমে আপোনাৰ জি-মেইল এপটো খোলক আৰু তিনি-ডট মেনুৰ বুটামটো টেপ কৰক । "ছেটিংছ" বাছনি কৰক, তাৰ পিচত "সাধাৰণ ছেটিংছ" । অৱশেষত "ডীফল্ট নটিফিকেশ্যনত টেপ কৰক ৷ আপুনি ডীফল্ট বিকল্পটো বাছনি কৰক ৷

ছোৱাইপ কৰক : আপুনি জি-মেইল এপত ছোৱাইপ অপশ্যনটো ক্লিক কৰিব পাৰে । ছোৱাইপ কৰিবলৈ জি-মেইল এপটো খোলক আৰু তিনি-ডট মেনু বুটামটো টেপ কৰক। "ছেটিংছ" বাছনি কৰক, তাৰ পিচত "সাধাৰণ ছেটিংছ" । বাওঁ বা সোঁ ফালৰ চুইপ অপশ্যনটো সক্ষম কৰক ।

ইয়াৰ ফলত আৰ্কাইভ, ডিলীত, পঢ়া হিচাপে চিহ্নিত, নপঢ়া, ফৰৱাৰ্ড আৰু ই-মেইল স্নুজ কৰাৰ দৰে বিকল্পবোৰ কনফিগাৰ কৰিব পাৰে ।

সকলো নটিফিকেশ্যন : এণ্ড্ৰইড ফোনত কেৱল অতি গুৰুত্বপূৰ্ণ ইমেইলৰহে নটিফিকেশ্যন প্ৰাপ্ত কৰে । তাৰ বাহিৰেও সকলো ধৰণৰ মেইলৰ বাবে ছেটিংছসমূহ সক্ষম কৰিব পাৰি ।

জি-মেইল এপটো খোলক আৰু তিনি-ডট মেনু বুটামটো টেপ কৰক । "ছেটিংছ" বাছনি কৰক আৰু তাৰ পিচত আপোনাৰ জি-মেইল একাউণ্ট বাছনি কৰক । "নটিফিকেশ্যন বুটাম"ত টেপ কৰক আৰু সকলো বাছনি কৰক ।

একশ্যন নিশ্চিতকৰণ সক্ষম কৰক : এনে বহুতো ঘটনা আছে, য'ত উত্তৰ দিওঁতে 'মেইল প্ৰেৰণ' বুটামটো দুৰ্ঘটনাক্ৰমে হেঁচি দিয়া হয় । অৱশ্যে, ভুলবশতঃ প্ৰেৰণ কৰা মেইলটো ডিলীট বা আৰ্কাইভ কৰিব পাৰি ৷

আপোনাৰ এণ্ড্ৰইড ডিভাইচত জি-মেইল এপটো খোলক আৰু তিনিটা বিন্দু থকা বুটামত টেপ কৰক । ছেটিংছলৈ যাওক আৰু সাধাৰণ ছেটিংছ বাছনি কৰক । তললৈ স্ক্ৰ'ল কৰক। আপোনাৰ পছন্দ অনুসৰি ডিলীট/আৰ্কাইভ/মেইলৰ বিকল্পসমূহ পঠিয়াওক ।

ABOUT THE AUTHOR

...view details