অসম

assam

ETV Bharat / technology

ঘূৰ্ণী বতাহৰ বাবে নাছাই পিছুৱালে ইউৰোপা ক্লিপাৰ অভিযান; আমেৰিকালৈ সৰ্তকবাণী

Europa Clipper Mission Delay: মিল্টন ঘূৰ্ণীবতাহৰ বাবে নাছা আৰু SpaceX ৰ ইউৰোপা ক্লিপাৰ অভিযান পলম হ’ব বুলি তথ্য প্ৰকাশ কৰা হৈছে ।

By ETV Bharat Tech Team

Published : 8 hours ago

Etv Bharat
ঘূৰ্ণী বতাহৰ বাবে নাছাই পিছুৱালে ইউৰোপা ক্লিপাৰ অভিযান; আমেৰিকালৈ সৰ্তকবাণী (IANS)

নিউজ ডেস্ক, 8 অক্টোবৰ:ইউৰোপা ক্লিপাৰ হৈছে বৃহস্পতিৰ চন্দ্ৰ ইউৰোপা অন্বেষণ কৰি ইয়াৰ ভূগৰ্ভস্থ সাগৰখন বাসযোগ্য নেকি সেইটো নিৰ্ণয় কৰিবলৈ নাছাই চলোৱা অভিযান । SpaceX এ ফেলকন হেভি ৰকেট উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাইছিল । কিন্তু বৰ্তমান এই অভিযান মিল্টন ঘূৰ্ণীবতাহৰ বাবে পলম হৈছে । মহাকাশ সংস্থাটোৱে জনাইছে যে এই ধুমুহা আমেৰিকাৰ ফ্ল’ৰিডাৰ কিছু অংশৰ বাবে বিপদজনক হোৱাৰ আশংকা আছে ।

ইউৰোপা ক্লিপাৰে 10 অক্টোবৰত SpaceX ৰ ফেলকন হেভি ৰকেটত উঠি ফ্ল’ৰিডাৰ নাছা কেনেডীৰ লঞ্চ কমপ্লেক্স 39 A ৰ পৰা বৃহস্পতিৰ বৰফৰ চন্দ্ৰ ইউৰোপাৰ বিশদ অনুসন্ধানৰ বাবে প্ৰথমটো অভিযান আৰম্ভ কৰিবলৈ ওলাইছিল । ইফালে আমেৰিকাৰ বহু অঞ্চলত মিল্টনৰ প্ৰভাৱ অব্যাহত আছে । উপসাগৰীয় অঞ্চলৰ উপকূলৰ ফালে বতাহ বলি থকাৰ সময়তে ফ্ল’ৰিডাৰ কিছু অংশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে । সেয়ে নাছাই এই অভিযানৰ কাম-কাজত পলম কৰিছে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ৰ জৰিয়তে নাছাই ঘোষণা কৰিছে যে নাছা আৰু SpaceX এ অঞ্চলটোত ধুমুহাৰ সম্ভাৱনাৰ বাবে 10 অক্টোবৰত ইউৰোপা ক্লিপাৰ অভিযানৰ উৎক্ষেপণ অভিযান পলম কৰিছে ।

ধুমুহাৰ প্ৰভাৱ কমি যোৱাৰ পিছত ক্ৰুসকলে কামলৈ ঘূৰি অহাৰ পূৰ্বে পুনৰুদ্ধাৰকাৰী দলসমূহে মহাকাশ কেন্দ্ৰৰ সুৰক্ষা আৰু উৎক্ষেপণ প্ৰক্ৰিয়াকৰণৰ সুবিধাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । নাছাই কয় যে যদি কোনো সমস্যা পোৱা যায় তেন্তে আমাৰ অভিযান চম্ভালি লোৱাৰ পিছতো চলি থাকিব ।

নাছাৰ উৎক্ষেপণ সেৱা কাৰ্যসূচীৰ জ্যেষ্ঠ উৎক্ষেপণ সঞ্চালক টিম ডানে এটা ব্লগ পোষ্টত কয়, "উৎক্ষেপণত জড়িত কৰ্মীৰ সুৰক্ষা আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । ইউৰোপা ক্লিপাৰ মহাকাশযানখনক সুৰক্ষা প্ৰদানৰ বাবে সকলো সাৱধানতা অৱলম্বন কৰা হ’ব ।

যদিও নাছাই পৰৱৰ্তী অভিযানৰ উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰা নাই, তথাপিও 6 নৱেম্বৰৰ ভিতৰত এই ৰকেট উৎক্ষেপণ কৰা হ’ব বুলি আমেৰিকাৰ মহাকাশ সংস্থাটোৱে প্ৰকাশ কৰিছে । 2030 চনৰ ভিতৰত ইউৰোপা ক্লিপাৰে বৃহস্পতিত উপনীত হ’বলৈ 2.6 বিলিয়ন কিলোমিটাৰ যাত্ৰা কৰিব লাগিব ।

এই সপ্তাহত হাৰিকেন মিল্টন মেক্সিকো উপসাগৰৰ পৰা মহাকাশ উপকূললৈ পূব দিশলৈ গতি কৰাৰ সম্ভাৱনা আছে । ফ্ল’ৰিডাৰ পূব উপকূলৰ কেপ কানাভেৰেল আৰু মেৰিট দ্বীপ অঞ্চলত তীব্ৰ বতাহ আৰু প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:গ্ৰহব্যাপী বৈদ্যুতিক ক্ষেত্ৰ আছে পৃথিৱীৰ : কিহৰ বাবে ই গুৰুত্বপূৰ্ণ - NASA found Electric Field on Earth

অনিৰ্বচনীয় মহাজাগতিক পৰিঘটনা; 326 নিযুত আলোকবৰ্ষ দূৰৈৰ যুৰীয়া ছায়াপথৰ ছবি প্ৰকাশ ৱেব টেলিস্কোপৰ - NASA

মংগল গ্ৰহত নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰৰ আৰোহণ - Rover Climb On Mars

ABOUT THE AUTHOR

...view details