নিউজ ডেস্ক, 1 অক্টোবৰ:ছ’চিয়েল নেটৱৰ্কিং প্লেটফৰ্ম LinkedIn ত চাৰিটা ভাৰতীয় আঞ্চলিক ভাষাকে ধৰি 10 টা নতুন ভাষাৰ বিকল্প সংযোজন কৰা হৈছে । ইয়াত চাৰিটা ভাৰতীয় ভাষা অন্তৰ্ভুক্ত কৰা হৈছে । বাংলা, মাৰাঠী, তেলেগু, পাঞ্জাবী চাৰিটা ভাৰতীয় আঞ্চলিক ভাষাৰ লগতে ভিয়েটনামী, গ্ৰীক, পাৰ্চী, ফিনিছ, হিব্ৰু, হাংগেৰিয়ান ভাষাৰ বিকল্প সংযোজন কৰা হৈছে । নতুন ভাষাৰ জৰিয়তে LinkedIn এ হিন্দীকে ধৰি পাঁচটা ভাৰতীয় ভাষাক সমৰ্থন কৰিব বুলি এক বিবৃতিত উল্লেখ কৰা হৈছে ।
LinkedIn ত পাঁচটা ভাৰতীয় ভাষা সংযোজন: নতুনকৈ যোগ কৰা ভাষাসমূহৰ ভিতৰত আছে ভিয়েটনামী, পাৰ্চী, গ্ৰীক, হিব্ৰু, ফিনিছ আৰু হাংগেৰিয়ান । লগতে, ব্যৱহাৰকাৰীয়ে এতিয়া ভাৰতীয় ভাষা যেনে বাংলা, মাৰাঠী, পাঞ্জাবী, তেলেগুত LinkedIn ব্যৱহাৰ কৰিব পাৰিব । LinkedIn এ ইতিমধ্যে হিন্দী ভাষাক সংযোগ কৰিছে, যাৰ ফলত LinkedIn ত ভাৰতীয় ভাষাৰ মুঠ সংখ্যা পাঁচটালৈ বৃদ্ধি পাইছে ।
মুঠ 26 টা ভাষা ব্যৱহাৰ কৰা হৈছে: এই ভাষাসমূহে LinkedIn প্লেটফৰ্মত ব্যৱহৃত ভাষাৰ মুঠ সংখ্যা 26 টালৈ বৃদ্ধি কৰিছে । ইয়াৰ দ্বাৰা বিশ্বৰ পেছাদাৰীসকলক অধিক ফলপ্ৰসূভাৱে সংযোগ আৰু যোগাযোগ কৰাত সহায়ক হ’ব বুলি LinkedIn ৰ মুখ্য প্ৰডাক্ট অফিচাৰ টমাৰ কোহেনে কয় ৷