অসম

assam

ETV Bharat / technology

ইনষ্টাগ্ৰামত অচিৰেই উপলব্ধ হ’ব নগ্নতা সুৰক্ষা সুবিধা - Instagram Nudity Protection Feature - INSTAGRAM NUDITY PROTECTION FEATURE

ইনষ্টাগ্ৰাম এক জনপ্ৰিয় ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ৷ অচিৰেই ইনষ্টাগ্ৰামত উপলব্ধ হ’ব নগ্নতা সুৰক্ষা সুবিধা ৷ বৃহস্পতিবাৰে এটা ব্লগ পোষ্টত উল্লেখ কৰা অনুসৰি যৌন কেলেংকাৰী আৰু "ছবিৰ অপব্যৱহাৰ"ৰ নিচিনা ভয়ংকৰ অপৰাধ ৰুধিবলৈ এই ব্যৱস্থা হাতত লোৱা হৈছে ৷

Instagram Nudity Protection Feature
ইনষ্টাগ্ৰামত অচিৰেই উপলব্ধ হ’ব নগ্নতা সুৰক্ষা সুবিধা

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 7:37 PM IST

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়া আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগলৈ পৰিৱৰ্তিত হৈছে ৷ ইনষ্টাগ্ৰামো ইয়াৰো ভিতৰত অন্তৰ্ভুক্ত ৷ সাধাৰণতে ইনষ্টাগ্ৰাম যুৱ প্ৰজন্মে অত্যধিক ব্যৱহাৰ কৰা দেখা যায় ৷

বৃহস্পতিবাৰে ইনষ্টাগ্ৰামে ঘোষণা কৰে যে তেওঁলোকে এনে কিছুমান ফীচাৰৰ ওপৰত কাম কৰি আছে যিয়ে বৰ্তমান সময়ত সংঘটিত হৈ থকা বহু অপৰাধমূলক কাৰ্যৰ পৰা সুৰক্ষিত কৰিব পাৰিব ৷ সাম্ভাৱ্য প্ৰৱঞ্চকে যাতে ইনষ্টাগ্ৰামৰ যোগেদি নগ্নতা সম্বলিত পোষ্টসমূহৰ লগতে এনে সমলবোৰ ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে পদক্ষেপ ল’ব ৷

শেহতীয়াকৈ ইনষ্টাগ্ৰাম আৰু অন্যান্য সামাজিক মাধ্যমৰ প্ৰতিষ্ঠানসমূহে যুৱ প্ৰজন্মৰ পৰ্যাপ্ত সুৰক্ষাৰ ক্ষেত্ৰত কাম নকৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল । ইনষ্টাগ্ৰামৰ স্বত্বাধিকাৰী লগতে মেটা প্লেটফৰ্মৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে এই বৰ্ষৰ আৰম্ভণিতে চিনেটৰ শুনানিৰ সময়ত এনে ধৰণৰ ঘটনাৰ উৎপীড়নৰ বলি হোৱাসকলৰ অভিভাৱকৰ ওচৰত ক্ষমা বিচাৰিছিল ।

ইনষ্টাগ্ৰাম মেছেজত নগ্নতাৰ সুৰক্ষা

ইনষ্টাগ্ৰামে জনাই যে শীঘ্ৰেই ইনষ্টাগ্ৰাম মেছেজত নতুনকৈ নগ্নতা সুৰক্ষাৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে কাম কৰা হ’ব ৷ যি সমূহ ছবিত নগ্নতা থকা বুলি ধৰা পৰা সেই ছবিবোৰ অস্পষ্ট হৈ পৰিব ৷ এই সুবিধাই এজন লোকক নগ্ন ছবি প্ৰেৰণ কৰাৰ পূৰ্বে বাৰম্বাৰ ভাবিবলৈ বাধ্য কৰিব । এই সুবিধাটো কেৱল মেছেজতেই অবাঞ্ছিতভাৱে নগ্নতা দেখাৰ ক্ষেত্ৰতেই নহয় ই প্ৰৱঞ্চকৰ পৰাও সুৰক্ষিত কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে ৷ কিছু প্ৰৱঞ্চকে নিজৰ ছবি প্ৰেৰণ কৰিবলৈ প্ৰৱঞ্চনা কৰিবলৈ তেওঁলোকৰ নগ্ন ছবি প্ৰেৰণ কৰিব পাৰে ।

18 বছৰৰ তলৰ কিশোৰৰ বাবে

বিশ্বব্যাপী 18 বছৰৰ তলৰ কিশোৰসকলৰ বাবে নগ্নতা সুৰক্ষা ডিফল্টভাৱে অন কৰা হ'ব আৰু প্ৰাপ্তবয়স্কসকলক প্লেটফৰ্মৰ দ্বাৰা জাননী দিয়া হ'ব ৷ তেওঁলোকক ইয়াক অন কৰিব পাৰিব ৷

সাৱধানতা বাৰ্তা

যেতিয়া নগ্নতা সুৰক্ষা ফীচাৰটো অন কৰা হ’ব, তেতিয়া নগ্ন ছবি প্ৰেৰণ কৰা লোকসকললৈ সংবেদনশীল ফটো প্ৰেৰণ কৰাৰ বাবে সতৰ্ক হ'বলৈ সোঁৱৰাই দিয়া বাৰ্তা স্ক্ৰীণত দেখিব ৷

আনহাতে যিকোনো ব্যক্তিয়ে তেওঁলোকে লাভ কৰা নগ্ন ছবি এখন ফৰৱাৰ্ড কৰিবলৈ চেষ্টা কৰিলে তেওঁলোকক পুনৰ বিবেচনা কৰিবলৈ এটা বাৰ্তা প্ৰেৰণ কৰাৰ হ’ব ৷ যেতিয়া কোনোবাই নগ্নতা থকা ছবি এখন ৰিচীভ কৰে তেতিয়া স্ক্ৰীণৰ তলত সতৰ্কবাণী নটিফিকেশ্যন লাভ কৰাৰ লগতে স্বয়ংক্ৰিয়ভাৱে ফটোখন অস্পষ্ট কৰা হ'ব ৷ অৰ্থাৎ ৰিচিভ কৰাগৰাকীয়ে নগ্ন ছবিখন দেখা নাপায় ৷

সুৰক্ষাৰ পৰামৰ্শ

ইনষ্টাগ্ৰামে জনাই যে এই ছবিবোৰ প্ৰেৰণ বা প্ৰাপ্ত কৰোঁতে ব্যৱহাৰকাৰীসকলক সুৰক্ষাৰ পৰামৰ্শ অপশ্যনটোলৈ নিৰ্দেশনা দিয়া হ'ব ।

এই পৰামৰ্শবোৰত অন্তৰ্ভুক্ত থাকে যে মানুহে আপোনাৰ অজ্ঞাতে স্ক্ৰীণশ্বট অথবা ছবি প্ৰেৰণ কৰিছে ৷ আপোনাৰ তেওঁৰ সৈতে ভৱিষ্যতে সম্পৰ্ক কেনেকুৱা থাকিব ৷ আপুনি প্ৰ'ফাইল সাৱধানে সমীক্ষা কৰিহে মেছেজ ৰীকুৱেষ্ট গ্ৰহণ কৰা উচিত ।

লগতে পঢ়ক:তৃতীয় পক্ষৰ এপ ব্যৱহাৰ নকৰাকৈ কেনেকৈ ইনষ্টাগ্ৰামৰ ৰীল ডাউনলোড কৰিব ? - HOW TO DOWNLOAD INSTAGRAM REELS

ABOUT THE AUTHOR

...view details