হায়দৰাবাদ: শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা শততম ৰকেট উৎক্ষেপণৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) । বুধবাৰে দ্বিতীয়টো উৎক্ষেপণ পেডৰ পৰা ক্ষন্তেকতে NVS-02 উপগ্ৰহৰ সৈতে উৎক্ষেপণ কৰিব GSLV-F15 ।
এই অভিযান এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে কাৰণ ই এই মহাকাশ কেন্দ্ৰৰ পৰা ইছৰোৰ 100 সংখ্যক উৎক্ষেপণক প্ৰতিনিধিত্ব কৰে, যিয়ে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান ক্ষমতাক প্ৰতিপন্ন কৰিছে ।
কেতিয়া আৰু কেনেদৰে চাব ?
আজি 29 জানুৱাৰীৰ পুৱা 6.23 বজাত মহাকাশ কেন্দ্ৰত থকা দ্বিতীয়টো লঞ্চ পেডৰ পৰা 17 সংখ্যক উৰণত থকা আৰু থলুৱা ক্ৰাইজেনিক আপাৰ ষ্টেজ থকা জিঅ’চিনক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল (জিএছএলভি)ৰ দ্বাৰা উৎক্ষেপণ কৰা হ’ব নেভিগেচন উপগ্ৰহ NVS-02 ।
GSLV-F15 জিঅ’চিনক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল প্ৰগ্ৰেমৰ অংশ আৰু ই NVS-02 উপগ্ৰহক জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিট (জিটিঅ’)ত উপস্থাপন কৰিব ।
NVS-02 হৈছে ভাৰতৰ নেভিগেচন উইথ ইণ্ডিয়ান কনষ্টেলেচন (নেভিআইচি) ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ উপাদান, যাৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতত আৰু ইয়াৰ সীমাৰ বাহিৰত 1500 কিলোমিটাৰ পৰ্যন্ত সঠিক অৱস্থান, বেগ, আৰু সময় (পিভিটি) সেৱা প্ৰদান কৰা ।