হায়দৰাবাদ: ছ’চিয়েল মিডিয়াৰ বেয়া প্ৰভাৱৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈ মেটাই অহৰহ চেষ্টা চলাই আছে । ইয়াৰ বাবে মেটাই নিজৰ ফটো শ্বেয়াৰিং প্লেটফৰ্ম ইনষ্টাগ্ৰামত ‘টিন একাউণ্ট’ নামৰ এটা নতুন বৈশিষ্ট্য সংযোজন কৰিছে, যাৰ জৰিয়তে শিশু তথা কিশোৰ-কিশোৰীসকলক ইনষ্টাগ্ৰামত ভাইৰেল হোৱা অশ্লীল বিষয়বস্তু বা যিকোনো ধৰণৰ বেয়া প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিব পাৰিব । এতিয়া ভাৰততো আৰম্ভ হৈছে ইনষ্টাগ্ৰামৰ টিন একাউণ্ট । এই বৈশিষ্ট্যৰ বিষয়ে জানো আহক--
চলিত বৰ্ষৰ 11 ফেব্ৰুৱাৰীত নিৰাপদ ইণ্টাৰনেট দিৱস পালন কৰা হয় । এই উপলক্ষে মেটাই ভাৰতত ইনষ্টাগ্ৰাম টিন একাউণ্টৰ বৈশিষ্ট্যও মুকলি কৰে । অৱশ্যে এই বৈশিষ্ট্য ভাৰতত পৰ্যায়ক্ৰমে মুকলি কৰা হ’ব । অৰ্থাৎ যদি এই বৈশিষ্ট্য আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টত এতিয়াই দেখা নাযায়, তেন্তে আপুনি অলপ সময় অপেক্ষা কৰিব লাগিব । মেটাই ভাৰতৰ সকলো ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ একাউণ্টত টিন একাউণ্ট বৈশিষ্ট্য সংযুক্ত কৰিব বুলি জনাইছে ।
শিশু বা কিশোৰ-কিশোৰীৰ অভিভাৱকসকল সদায় চিন্তিত হৈ থাকে যে তেওঁলোকৰ সন্তানে অনলাইনত কাৰ লগত কথা পাতিছে, কেনেধৰণৰ কন্টেন্ট চাইছে তথা প্লেটফৰ্মটোত তেওঁলোকৰ সন্তান কেনেদৰে জড়িত হৈ আছে । মেটাই অভিভাৱকৰ চিন্তাৰ দিশলৈ লক্ষ্য ৰাখিয়েই ইনষ্টাগ্ৰামত 16 বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ বাবে এই বৈশিষ্ট্য আৰম্ভ কৰিছে ।
কিশোৰ-কিশোৰীসকলৰ বাবে স্বয়ংক্ৰিয় সুৰক্ষা ব্যৱস্থা
ইনষ্টাগ্ৰাম মেটাৰ ব্লগ পোষ্ট অনুসৰি কিশোৰ-কিশোৰী একাউণ্টত তলত দিয়া সুবিধাসমূহ উপলব্ধ থাকিব:
ব্যক্তিগত একাউণ্ট: কিশোৰ একাউণ্টসমূহ স্বয়ংক্ৰিয়ভাৱে ব্যক্তিগত (Private) হিচাপে খোলা হ’ব । অৰ্থাৎ তেওঁলোকে নতুন ফল’ৱাৰচক অনুমোদন দিব লাগিব আৰু ফল’ নকৰাসকলে শিশু অথবা কিশোৰৰ সৈতে মত বিনিময় কৰিব নোৱাৰিব বা তেওঁলোকৰ কোনো পোষ্ট চাব নোৱাৰিব । এই বৈশিষ্ট্য বৰ্তমান 16 বছৰৰ তলৰ আৰু নতুন ব্যৱহাৰকাৰী উভয়ৰে বাবে প্ৰযোজ্য হ'ব । ইয়াৰ উপৰিও এই বৈশিষ্ট্যই চাইন আপ কৰাৰ সময়ত 18 বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ ক্ষেত্ৰতো কাম কৰিব ।
বাৰ্তা প্ৰেৰণৰ নিষেধাজ্ঞা: কিশোৰ-কিশোৰীসকলৰ একাউণ্টৰ বাৰ্তা প্ৰেৰণ বৈশিষ্ট্যত অতি কঠোৰ ছেটিংছ থাকিব, যাৰ জৰিয়তে তেওঁলোকে কেৱল সেইসকল লোকৰ পৰাহে বাৰ্তা লাভ কৰিব পাৰিব যিসকলক তেওঁলোকে চিনি পায় আৰু যাক তেওঁলোকে ফল’ কৰে ।
সংবেদনশীল বিষয়বস্তু নিয়ন্ত্ৰণ: কিশোৰ-কিশোৰীসকলৰ একাউণ্টসমূহ স্বয়ংক্ৰিয়ভাৱে আটাইতকৈ নিষিদ্ধ ছেটিংছত ছেট কৰা হ'ব, যাৰ ফলত তেওঁলোকৰ একাউণ্টত স্পৰ্শকাতৰ কোনো পোষ্ট দেখা নাযাব ।
সীমিত পাৰস্পৰিক ক্ৰিয়া-কলাপ: কিশোৰ-কিশোৰীসকলৰ একাউণ্ট কেৱল তেওঁলোকে অনুসৰণ কৰা লোকসকলেহে টেগ বা মেনশ্যন কৰিব পাৰিব । ইয়াৰ উপৰিও তেওঁলোকৰ একাউণ্টলৈ অহা মন্তব্য আৰু ডাইৰেক্ট মেচেজৰ অনুৰোধত গালি-গালাজ কৰা ভাষা ফিল্টাৰ কৰিবলৈ শব্দ আৰু গুণ্ডাগিৰি বিৰোধী বৈশিষ্ট্য সক্ৰিয় হ’ব ।
সময় সীমা সোঁৱৰাই দিয়া: ইনষ্টাগ্ৰামত প্ৰতিদিনে 60 মিনিট বা 1 ঘণ্টা ইনষ্টাগ্ৰাম এপ ব্যৱহাৰ কৰাৰ পিছত কিশোৰ-কিশোৰীসকলক এপটো বন্ধ কৰিবলৈ সোঁৱৰাই দিয়া হ’ব ।
শ্লীপ মোড: কিশোৰ-কিশোৰীসকলৰ ইনষ্টাগ্ৰাম একাউণ্টত নিশা 10 বজাৰ পৰা পুৱা 7 বজালৈ স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হ’ব শ্লীপ মোড । সেই সময়ছোৱাত ডি এমত প্ৰেৰণ কৰা জাননী, ৰিপ্লাই আদি স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যাব ।