নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ:বজাৰত বৃদ্ধি পাইছে ভাঁজ কৰিব পৰা ফোনৰ গুৰুত্ব ৷স্মাৰ্টফোন নিৰ্মাতা কোম্পানীবোৰে এতিয়া সাধাৰণ ফোনৰ পৰিৱৰ্তে ফ্লিপ কৰিব পৰা ফোনত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । Infinix য়েও সদ্যহতে নিৰ্মাণ কৰি উলিয়াইছে ভাঁজ কৰিব পৰা ফোন । কোম্পানীটোৱে অতি সোনকালে এটা ভাঁজ কৰিব পৰা স্মাৰ্টফোন বজাৰত মুকলি কৰিব বুলি জানিব পৰা গৈছে । এইটোৱেই কোম্পানীটোৰ প্ৰথমটো ভাঁজ কৰিব পৰা ম’বাইল ফোন হ’ব । ফোনটোৰ ডিজাইন, বৈশিষ্ট্যৰ বিষয়ে জানো আহক ---
ভাৰতত Infinix Zero Flip 5G ৰ দাম কিমান?
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভাৰতকে ধৰি বিশ্বৰ বজাৰত শীঘ্ৰে মুকলি হ’ব Infinix Zero Flip 5G ফোন । ভাৰতত ইয়াৰ মূল্য 50 হাজাৰৰ পৰা 55 হাজাৰ টকা পৰ্যন্ত হ’ব । ছেমছাঙে ভাৰতত মুকলি কৰিছে Galaxy Z Flip 6 ফোন, যিটোৰ দাম 1,09,999 টকা । কিন্তু Infinix এ এই ফল্ডেবল ফোনটো ভাৰতীয় বজাৰত ছেমছাঙৰ আধা দামত বিক্ৰী কৰিব বুলি জানিব পৰা গৈছে ।
Infinix Zero Flip 5G ৰ বৈশিষ্ট্য
- 6 NM মিডিয়াটেক ডাইমেনচিটি 8020 চিপছেট
- 8 GB ৰেম আৰু 512 GB ষ্ট’ৰেজ
- 6.9 ইঞ্চিৰ Full HD+ LTPO AMOLED স্ক্ৰীণ
- 3.64 ইঞ্চিৰ কভাৰ ডিছপ্লে
- 120Hz ৰিফ্ৰেছ ৰেট
- 4,720 mAh বেটাৰী
- চাইড ফিংগাৰপ্ৰিণ্ট চেন্সৰ
- ডুৱেল স্পীকাৰ
- প্ৰস্থ 7.64 মিলিমিটাৰ (অনফল্ড) আৰু 16.04 মিলিমিটাৰ (ভাঁজ কৰা)
- 70W চাৰ্জিং
- গেৰিলা গ্লাছ সুৰক্ষা
ৰঙৰ বিকল্প