নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ:বিজ্ঞান তথ্য-প্ৰযুক্তিৰ অভূতপূৰ্ব অগ্ৰগতিৰ সময়ত বৰ্তমান সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে ৷ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতি বিশ্বজুৰি গুৰুত্ব বৃদ্ধি হোৱাৰ সময়তেসোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত আশাব্যঞ্জক বক্তব্য প্ৰকাশ কৰে ৷ এজনৰ স্থান সঠিক হ’লে কৃত্ৰিম বুদ্ধিমত্তা (AI) এটা ভাল সুযোগ হ’ব পাৰে বুলি কয় বিৰোধী দলৰ নেতাগৰাকীয়ে ।
সমান্তৰালভাৱে, ডালাছৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ সময়ত AI য়ে চাকৰি কাঢ়ি নিব বুলি সৃষ্টি হোৱা ভয়-আশংকাৰ বিষয়ে কয় গান্ধীয়ে ।
তেওঁ কয় যে প্ৰতিটো নতুন প্ৰযুক্তিয়ে একাংশ চাকৰি কাঢ়ি লৈ যায় আৰু নতুন চাকৰিৰ সৃষ্টি কৰে ।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, "প্ৰতিবাৰেই নতুন প্ৰযুক্তি অহাৰ লগে লগে যুক্তি দিয়া হয় যে ই চাকৰিৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব । যেতিয়া প্ৰথমবাৰৰ বাবে কম্পিউটাৰ আহিছিল আশংকা কৰা হৈছিল যে ই চাকৰি কাঢ়ি নিব । যেতিয়া প্ৰথমবাৰৰ বাবে কেলকুলেটৰ আহিছিল তেতিয়াও একেই আশংকা কৰা হৈছিল ৷ আনকি ‘ATM’ সেৱা আৰম্ভ হোৱাৰ সময়তো একেই আশংকা প্ৰকাশ কৰা হৈছিল ৷ কিছুমান মানুহৰ পৰা চাকৰি কাঢ়ি লৈ যায় আৰু তাৰ পিছত আন একাংশক এইবোৰত নিযুক্তি দিয়ে । চাকৰি নোহোৱা হ’ব বুলি মই নাভাবো, কিন্তু বিভিন্ন ধৰণৰ চাকৰিৰ সৃষ্টি হ’ব আৰু বিভিন্ন ধৰণৰ ব্যৱস্থাই কম-বেছি পৰিমাণে লাভৱান হ’ব ।”
নিজৰ মতামত বিশদভাৱে উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ কয়, "মই ভাবো যে উদাহৰণস্বৰূপে ভাৰতৰ IT উদ্যোগত AI এ প্ৰকৃততে এটা গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব । কিন্তু মই নাভাবো যে বাজাজ নিৰ্মাণ কৰা স্কুটাৰত এনেকুৱা হ'ব । ই কিছুমান চাকৰি কাঢ়ি নিব, কিছুমান চাকৰি যোগ কৰিব আৰু যদি আপুনি সঠিকভাৱে সকলো পৰিচালনা কৰে তেন্তে ই এটা সুযোগ আৰু যদি আপুনি বেয়াকৈ কৰে তেন্তে আপুনি বিপদত পৰিব ৷"