অসম

assam

ETV Bharat / technology

নতুন ৰূপত Venue, Grand i10 Nios আৰু Verna - 2025 UPDATES FOR HYUNDAI CARS

হুণ্ডাই ইণ্ডিয়াই নিজৰ তিনিখন গাড়ী Venue, Grand i10 Nios আৰু Verna ৰ 2025 চনৰ আপডেট দিছে । মডেলকেইটাৰ নতুন ভেৰিয়েন্টো প্ৰকাশ হৈছে ।

hyundai-venue-verna-and-grand-i10-nios-line-ups-gets-update-for-2025-details-in-assamese
নতুন ৰূপত Venue, Grand i10 Nios আৰু Verna (Hyundai India)

By ETV Bharat Tech Team

Published : Jan 9, 2025, 4:57 PM IST

হায়দৰাবাদ: গাড়ী নিৰ্মাতা কোম্পানী হুণ্ডাই ইণ্ডিয়াই 2025 চনৰ বাবে নিজৰ তিনিটা মডেলৰ লাইন আপ আপডেট কৰিছে । এই মডেলসমূহৰ ভিতৰত আছে হুণ্ডাই ভেনিউ কম্পেক্ট এছ ইউ ভি, ভাৰ্না মিড চাইজ ছেডান আৰু গ্ৰেণ্ড i10 নিঅ’ছ হেচবেক । তথ্য অনুসৰি ক্ৰমে তিনিওখন গাড়ীৰ লাইনআপত নতুন মিড স্পেক ভেৰিয়েণ্ট সংযোজন কৰা হৈছে, আনহাতে নিৰ্বাচিত ট্ৰিমত অতিৰিক্ত বৈশিষ্ট্য দিয়া হৈছে ।

2025 চনৰ হুণ্ডাই গ্ৰেণ্ড i10 Nios ৰ আপডেট

কোম্পানীটোৱে গ্ৰেণ্ড i10 Nios ৰ Sportz (O) ট্ৰিম মেনুৱেল গিয়াৰবক্স আৰু AMT অপচনৰ সৈতে প্ৰৱৰ্তন কৰিছে । এই ভেৰিয়েন্টটো 7.72 লাখৰ পৰা 8.29 লাখ টকাৰ ভিতৰত প্ৰৱৰ্তন কৰা হৈছে । কোম্পানীটোৱে নতুন স্প’ৰ্টজ (0)ত 15 ইঞ্চিৰ ডাইমণ্ড কাট এলয় হুইল আৰু 8 ইঞ্চিৰ ইনফ’টেইনমেণ্ট টাচস্ক্ৰীণ দিছে ।

নতুন ৰূপত Venue, Grand i10 Nios আৰু Verna (Hyundai India)
ভেৰিয়েণ্ট নতুন মূল্য পুৰণি মূল্য পাৰ্থক্য
CorporateMT 7.09 লাখ 6.93 লাখ 16,000
Sportz (O) MT 7.72 লাখ - -
Corporate AMT 7.74 লাখ 7.58 লাখ 16,000
Sportz (O) AMT 8.29 লাখ

ইয়াৰ উপৰিও এই ভেৰিয়েন্টত অটোমেটিক ক্লাইমেট কণ্ট্ৰল, এণ্ড্ৰইড অটো আৰু এপল কাৰপ্লে, কিলেছ এণ্ট্ৰি আৰু গ’ আৰু ক্ৰ’ম বাহিৰৰ দুৱাৰৰ হেণ্ডেলৰ দৰে বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও হুণ্ডাই ইণ্ডিয়াই নিজৰ কৰ্পৰেট ভেৰিয়েণ্টটোও আপডেট কৰিছে, যিটো মেনুৱেল আৰু এএমটি ৰূপতো উপলব্ধ, য’ত প্ৰজেক্টৰ হেডলাইট আছে । 16 হাজাৰ টকা বৃদ্ধি পাইছে নিয়ছ কৰ্পৰেটৰ মূল্য ।

2025 চনৰ হুণ্ডাই ভেন্যু আপডেট

নতুন ৰূপত Venue, Grand i10 Nios আৰু Verna (Hyundai India)

নতুন আপডেটৰ অধীনত কোম্পানীয়ে এতিয়া 1.2 লিটাৰৰ, প্ৰাকৃতিকভাৱে এস্পিৰেটেড পেট্ৰ’ল (82 বিএইচপি শক্তি) ইঞ্জিনযুক্ত হুণ্ডাই ভেনিউৰ এছএক্স এক্সিকিউটিভ ভেৰিয়েণ্ট প্ৰৱৰ্তন কৰিছে । আৰম্ভণি মূল্য 10.79 লাখ টকা আৰু ইয়াত 8 ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট, অটোমেটিক ক্লাইমেট কণ্ট্ৰ’ল, বেতাঁৰ এণ্ড্ৰইড অটো আৰু এপল কাৰপ্লে, কিলেছ এণ্ট্ৰি আৰু গ’ আৰু ছানৰুফৰ দৰে বৈশিষ্ট্য উপলব্ধ ।

ইয়াৰ উপৰিও হুণ্ডাইয়ে এই কমপেক্ট এছ ইউ ভিৰ এছ আৰু এছ+ মেনুৱেল ট্ৰিমত ৰিয়াৰ কেমেৰা আৰু বেতাঁৰ চাৰ্জাৰৰ দৰে বৈশিষ্ট্য প্ৰদান কৰিছে । S(O) MT ভেৰিয়েন্টটো কিলেছ এণ্ট্ৰি এণ্ড গ' বৈশিষ্ট্যৰ সৈতে, বেতাঁৰ চাৰ্জাৰৰ সৈতে S(O) নাইট এডিচন আৰু S(O)+ এডভেঞ্চাৰ MT ভেৰিয়েন্টটোও ওপৰৰ কিটৰ সৈতে আহিছে ।

ভেৰিয়েণ্ট নতুন মূল্য পুৰণি মূল্য পাৰ্থক্য
SMT 9.28 লাখ 9.11 লাখ 17,000
S+MT 9.53 লাখ 9.36 লাখ 17,000
S(O)MT 9.99 লাখ 9.89 লাখ 10,000
S(O)KnightMT 10.35 লাখ 10.13 লাখ 22,000
S(O)+ Adventure MT 10.37 লাখ 10.15 লাখ 22,000
SX Executive MT 10.79 লাখ - -

মন কৰিবলগীয়া যে আপডেট কৰা ভেৰিয়েন্টসমূহৰ মূল্য 10 হাজাৰ টকাৰ পৰা 22 হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে । কিন্তু হুণ্ডাই মটৰ ইণ্ডিয়াই ভেন্যু 1.0 টাৰ্বো-পেট্ৰল আৰু ডিজেল লাইন আপত কোনো সালসলনি কৰা নাই ।

নতুন ৰূপত Venue, Grand i10 Nios আৰু Verna (Hyundai India)

2025 চনৰ হুণ্ডাই ভাৰ্না আপডেট

কোম্পানীটোৱে নতুন এছ চিভিটি ভেৰিয়েণ্টত 1.5 লিটাৰৰ প্ৰাকৃতিকভাৱে এস্পিৰেটেড পেট্ৰ’ল (113বিএইচপি শক্তি) ইঞ্জিন আৰু এছ(অ’) ডিচিটি ভেৰিয়েণ্টত 1.5 লিটাৰ, টাৰ্বো পেট্ৰ’ল (158বিএইচপি শক্তি) ইঞ্জিনযুক্ত হুণ্ডাই ভাৰ্না মুকলি কৰিছে । ছানৰুফ, ড্ৰাইভ মোড (ইকো, নৰ্মেল, স্পৰ্ট) আৰু পেডেল-শ্বিফ্টাৰৰ দৰে বৈশিষ্ট্যসমূহ ভাৰ্না এছ চিভিটি ভেৰিয়েণ্টত প্ৰদান কৰা হৈছে ।

ভেৰিয়েণ্ট নতুন মূল্য পুৰণি মূল্য পাৰ্থক্য
SMT 12.37 12.05 লাখ 30,000
S-CVT 13.62 -
S(O)DCT 15.27 -

ইয়াৰ উপৰিও ব্লেক আউট 16 ইঞ্চিৰ এলয় হুইল, ৰঙা ৰঙেৰে সমাপ্ত কৰা ফ্ৰন্ট ব্ৰেক কেলিপাৰ, ছানৰুফ, 8 ইঞ্চি ইনফ’টেইনমেণ্ট টাচস্ক্ৰীণ, বেতাঁৰ এণ্ড্ৰইড অটো আৰু এপল কাৰপ্লে, অটোমেটিক ক্লাইমেট কণ্ট্ৰ’ল, বেতাঁৰ চাৰ্জাৰ আৰু পিছফালৰ কেমেৰাৰ দৰে বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হৈছে ভাৰ্না এছ(অ’) ডিচিটি । ইয়াৰ উপৰিও ভাৰ্না এছ এম টি ভেৰিয়েণ্টত এতিয়া ছানৰুফ আছে, যাৰ ফলত ইয়াৰ মূল্য 32 হাজাৰ টকা বৃদ্ধি পাইছে ।

লগতে পঢ়ক: ডিচেম্বৰত চাহিদা বাঢ়িল মাৰুতি চুজুকিৰ গাড়ীৰ

মুকলি হ’ল আকৰ্ষণীয় ডিজাইন আৰু উন্নত বৈশিষ্ট্য সম্বলিত Hyundai ALCAZAR - Hyundai ALCAZAR launched in India

ABOUT THE AUTHOR

...view details