হায়দৰাবাদ:হোণ্ডা মটৰ চাইকেল আৰু স্কুটাৰ ইণ্ডিয়াই দেশৰ প্ৰথমখন ফ্লেক্স ফিউৱেল বাইক মুকলি কৰিছে । হোণ্ডাই ইয়াৰ নাম দিছে CB300F । কোম্পানীটোৱে জনোৱা মতে, এই নতুন হোণ্ডা ফ্লেক্স ফিউৱেল বাইকখনৰ বুকিং ইতিমধ্যে বজাৰত আৰম্ভ হৈছে । অক্টোবৰৰ শেষ সপ্তাহৰ পৰা হোণ্ডা বিগ উইং ডিলাৰশ্বিপত উপলব্ধ হ’ব এই বাইকখন । এই বাইকখনৰ দাম আৰু বৈশিষ্ট্যৰ বিষয়ে অধিক সবিশেষ জানো আহক---
Honda CB300F Flex Fuel ৰ বৈশিষ্ট্য
ইঞ্জিন: 293.52 CC
টৰ্ক: 25.6 NM
কাৰ্ব ওজন: 153 কিলোগ্ৰাম
শক্তি: 24.4 PS
মাইলেজ: 30 কিলোমিটাৰ
ব্ৰেক: ডাবল ডিস্ক
Honda CB300F Flex Fuel Engine: এই নতুন বাইকখনত 293.52CC, 4 ষ্ট্ৰ’ক, একক চিলিণ্ডাৰ পিজিএম-এফআই ইঞ্জিন আছে । ইয়াৰ দ্বাৰা 18.3 কিলোৱাট শক্তি আৰু 25.9 টৰ্ক উৎপন্ন হয় । এই বাইকখনত 6 স্পীড গিয়াৰ বক্স আৰু এচিষ্টেণ্ট স্লিপ ক্লাচ আছে । ইয়াত দুটা ডিস্ক ব্ৰেক আৰু ডুৱেল চেনেল এবিএছ আছে ।