নিউজ ডেস্ক, 31 আগষ্ট:ডিজিটেল লেনদেন এপ Google Pay য়ে গ্ল’বেল ফিনটেক ফেষ্ট (জিএফএফ) 2024 ত কিছু নতুন বৈশিষ্ট্য ঘোষণা কৰিছে । একে সময়তে কোম্পানীটোৱে চলিত বছৰৰ শেষৰ ফালে এপটোৰ সৈতে এই বৈশিষ্ট্যসমূহ সংযুক্ত হ’ব বুলি জনায় । এই নতুন বৈশিষ্ট্যসমূহে এপটো ব্যৱহাৰকাৰীসকলক এপটোৰ জৰিয়তে পেমেণ্ট আৰু লেনদেন সহজ কৰি তুলিব বুলিও কৰ্তৃপক্ষই উল্লেখ কৰে ।
GFF ত গুগল পেই ঘোষণা কৰা কিছুমান বৈশিষ্ট্যৰ ভিতৰত আছে UPI Circle, UPI Voucher বা e-Rupi, Clickpay QR স্কেন, প্ৰিপেইড ইউটিলিটি পেমেণ্ট, RuPay কাৰ্ডৰ সৈতে Tap & Pay আৰু বহুতো । ইয়াৰ উপৰিও কোম্পানীটোৱে এই অনুষ্ঠানত কেইবাটাও অংশীদাৰিত্বৰ কথাও ঘোষণা কৰে ।
UPI পেমেণ্ট এপটোৱে এটা ব্লগ পোষ্টত নতুন বৈশিষ্ট্যসমূহৰ বিষয়ে বিতং তথ্য প্ৰদান কৰি কয় যে এই বৈশিষ্ট্যসমূহৰ দ্বাৰা ব্যৱহাৰকাৰীসকলে পেমেণ্টৰ সময়ত অথবা এপটো ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বতকৈ যথেষ্ট সুবিধা আৰু সহজ পাব । ইউ পি আই চাৰ্কল হৈছে এন পি চি আইৰ এক নতুন বৈশিষ্ট্য, যাৰ জৰিয়তে ইউ পি আই একাউণ্টধাৰীয়ে বিশ্বাসযোগ্য লোকক ডিজিটেল পেমেণ্ট কৰিব পাৰে, যদিও তেওঁলোকৰ বেংক একাউণ্ট নাথাকে ।
UPI Circle ৰ কি লাভ: এই বৈশিষ্ট্য সেইসকল বৃদ্ধ পৰিয়ালৰ সদস্যৰ বাবে উপকাৰী হ’ব পাৰে যিসকলৰ বেংক একাউণ্ট বা গুগল পে’ৰ সৈতে সংযুক্ত একাউণ্ট নাই, কিন্তু ইউপিআই পেমেণ্ট কৰিবলগীয়া হয় । এই পৰিয়ালৰ সদস্যসকলে যিকোনো এটা আংশিক বিশেষাধিকাৰ লাভ কৰিব পাৰে ।
য’ত প্ৰাথমিক ব্যৱহাৰকাৰীয়ে প্ৰতিটো লেনদেনত অনুমোদন দিব লাগে বা সম্পূৰ্ণ প্ৰতিনিধিত্বৰ বিশেষাধিকাৰ থাকিব পাৰে, তেনে ক্ষেত্ৰত তেওঁলোকে 15000 টকা পৰ্যন্ত মাহিলী সীমা লাভ কৰিব পাৰে । ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগম (এন পি চি আই)ৰ সৈতে অংশীদাৰিত্বৰে এই বৈশিষ্ট্য মুকলি কৰা হৈছে ।
UPI Voucher বা e-Rupi কি: ইউপিআই ভাউচাৰ বা ই-ৰূপী হৈছে 2021 চনত মুকলি কৰা ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ (ডিবিটি) বৈশিষ্ট্য, যিটো অতি সোনকালে গুগল পে’ত সমৰ্থিত হ’ব । এই বৈশিষ্ট্যৰ সহায়ত মানুহে এটা প্ৰিপেইড ভাউচাৰ তৈয়াৰ কৰিব পাৰে যিটো মোবাইল নম্বৰৰ সৈতে সংযুক্ত আৰু ইয়াৰ সহায়ত ডিজিটেল পেমেণ্ট কৰিব পাৰি, যদিও ব্যৱহাৰকাৰীয়ে বেংক একাউণ্টটো ইউপিআইৰ সৈতে লিংক কৰা নাই । এই বৈশিষ্ট্য এনপিচিআই আৰু বিত্তীয় সেৱা বিভাগৰ সহযোগত সংযোগ কৰা হ’ব ।