নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ:সমাগত শীতকাল । প্ৰায়ে ঘন কুঁৱলী থাকে । তেনে ক্ষেত্ৰত পথ যাত্ৰাও বহুবাৰ প্ৰত্যাহ্বানমূলক হৈ পৰে । সমান্তৰালভাৱে বাধাপ্ৰাপ্ত হয় বিমান যাত্ৰা ।
নৱেম্বৰ আৰু ডিচেম্বৰ মাহত বিমানবন্দৰসমূহে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয় । ঘন কুঁৱলী আৰু সীমিত দৃশ্যমানতাৰ বাবে লেণ্ডিং আৰু টেক অফকে ধৰি অন্যান্য কাৰ্যকলাপত বাধাৰ সৃষ্টি হয় । বিমান পৰিবহণ বিশেষজ্ঞ সুভাষ গোৱেলে এনে পৰিস্থিতিত বিমান সংস্থাসমূহে কেনেদৰে কাম কৰে আৰু ইয়াৰ বাবে কি প্ৰযুক্তি ব্যৱহাৰ কৰা হয় সেই সন্দৰ্ভত ব্যাখ্যা কৰে ।
কুঁৱলী, প্ৰদূষণ বা ধুমুহাময় বৰষুণৰ বাবে দৃশ্যমানতা বহু পৰিমাণে হ্ৰাস পায় । ভাৰতৰ বেছিভাগ বিমানবন্দৰে ইয়াৰ বাবে ইনষ্ট্ৰুমেণ্ট লেণ্ডিং চিষ্টেম (ILS) ব্যৱহাৰ কৰে । ইয়াৰ বাবে আমাৰ প্ৰথমে দ্বিতীয় শ্ৰেণীৰ আই এল এছ আছিল । দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এতিয়া তৃতীয় শ্ৰেণীৰ আই এল এছ আছে । ই বিশ্বৰ অন্যতম উন্নত লেণ্ডিং ব্যৱস্থা । যদিও বিমানসমূহ কম্পিউটাৰ নিয়ন্ত্ৰিত আৰু এইক্ষেত্ৰত পাইলটৰ ভূমিকা গুৰুত্বপূৰ্ণ, তথাপিও আই এল এছ ব্যৱস্থাৰ দৰিয়তে বিমান সংস্থাসমূহে বাধাৰ সন্মুখীন হ’বলৈ সাজু হৈছে ।
গোৱেলে কয়, "ইয়াৰ উপৰিও ক্ৰু আৰু যাত্ৰীসকলক অতিৰিক্ত সুবিধা প্ৰদান কৰা হয় । প্ৰতি 15 মিনিটৰ মূৰে মূৰে ঘোষণা কৰা হয় । বিমান সংস্থাসমূহৰ যাত্ৰীৰ যোগাযোগ নম্বৰ আছে । ইয়াৰ বাবে Artificial Intelligence(AI) লৈ ধন্যবাদ । স্বয়ংক্ৰিয় ঘোষণাই যাত্ৰীসকলক যিকোনো বিলম্বৰ বিষয়ে অৱগত কৰে । যাত্ৰীসকলক যাত্ৰাৰ তিনি ঘণ্টা পূৰ্বে বিমানবন্দৰত উপস্থিত হ’বলৈ পৰামৰ্শ দিয়া হৈছে ।"