হায়দৰাবাদ: ইলন মাস্কে শেহতীয়াকৈ গ্ৰ’ক এআইৰ প্ৰৱৰ্তন কৰিছে ৷ ইয়াৰ বিষয়ে মাস্কে দাবী কৰিছে যে গ্ৰ’ক এআইয়ে স্বাস্থ্যজনিত আঘাত নিৰ্ণয় কৰিব পাৰে । কিন্তু ইলন মাস্কৰ এই দাবীৰ সত্যতা প্ৰমাণৰ দাবী তুলিলে ভাৰতীয় চিকিৎসক চাইৰিয়াক এ বি ফিলিপছে । উল্লেখ্য যে, কোম্পানীটোৱে মুকলি কৰা Grok AI ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ৰ পেইড ব্যৱহাৰকাৰীৰ মাজতে সীমাবদ্ধ আছিল যদিও শেহতীয়াকৈ ইয়াক ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সকলো ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হৈছে ।
ইলন মাস্কে এটা পোষ্টত উল্লেখ কৰিছে, "গ্ৰ’কে চিকিৎসাজনিত আঘাত নিৰ্ণয় কৰিব পাৰে ।" এজন গ্ৰ’ক ব্যৱহাৰকাৰীয়ে এটা পোষ্টৰ উত্তৰ দি মাস্কে এই পোষ্টটো দিছিল, যিয়ে দাবী কৰিছিল যে গ্ৰ’কে তেওঁৰ ছোৱালীজনীৰ ভঙা হাতৰ ঘিলাটো ধৰা পেলাইছিল, আনহাতে চিকিৎসকে বেলেগ নিদান দিছিল ।
এক্সত এ জে নামৰ এজন ব্যৱহাৰকাৰীয়ে কয় যে তেওঁ নিজৰ ছোৱালীক জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰাইছিল, য’ত চিকিৎসকে তাইৰ হাতৰ ঘিলাটো ভাঙি যোৱা বুলি কৈছিল আৰু বিষৰ বাবে আইবুপ্ৰ’ফেন আৰু এছ ৰেপ দিছিল ।
ব্যৱহাৰকাৰীয়ে আৰু কয় যে যেতিয়া তেওঁৰ ছোৱালীজনীৰ হাতৰ বিষ নকমিল তেতিয়া তেওঁ কন্যাৰ হাতৰ ঘিলাৰ এক্স-ৰেৰ বাবে গ্ৰ’ক এআইৰ পৰামৰ্শ লৈছিল । ব্যৱহাৰকাৰীজনে নিজৰ ছোৱালীজনীৰ এক্স-ৰেৰ ছবিখন গ্ৰ’কত আপলোড কৰি এআইক সুধিলে যে এই এক্স-ৰেত কিবা অস্বাভাৱিকতা আছে নেকি ?" ব্যৱহাৰকাৰীয়ে দাবী কৰে যে কৃত্ৰিম বুদ্ধিমত্তাই ইয়াৰ উত্তৰ এনেদৰে দিছিল "...এটা স্পষ্ট ভাঙন ৰেখা আছে ।"
গ্ৰ’কক আৰু সোধাত কয়, "এইটো এটা ফ্ৰেক্টৰ লাইন ।" এ জে কেয়ে কয় যে গ্ৰ’কৰ নিদান নিশ্চিত হৈছিল যেতিয়া তেওঁ নিজৰ কন্যাক অস্থিৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ গৈছিল, যিয়ে নতুন এক্স-ৰে কৰিছিল আৰু ডৰ্জাল ডিচপ্লেচমেণ্টৰ সৈতে ডিষ্টেল ৰেডিয়েল হেড ফ্ৰেক্টৰ ধৰা পেলাইছিল ।
ইলন মাস্কক প্ৰত্যাহ্বান ভাৰতীয় চিকিৎসকৰ