নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ:বৈদ্যুতিক বাহনৰ প্ৰতি বৃদ্ধি হৈছে দেশবাসীৰ গুৰুত্ব ৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সোমবাৰে কয় যে দেশবাসীয়ে বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা অহা দুবছৰৰ ভিতৰত বৈদ্যুতিক বাহনৰ ব্যয় পেট্ৰ’ল আৰু ডিজেল বাহনৰ সৈতে প্ৰায় সমান হৈ পৰিব ।
নতুন দিল্লীত অটোমোটিভ কম্পোনেণ্ট মেনুফেকচাৰ্ছ এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই (ACMA) আয়োজন কৰা এক অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে অটোমোবাইল কোম্পানীসমূহক পথ সুৰক্ষাৰ পদক্ষেপসমূহত অৰিহণা যোগাবলৈও আহ্বান জনায় ৷ পথ সুৰক্ষা মন্ত্ৰণালয়ৰ বাবে বৰ্তমানেও এক উল্লেখযোগ্য চিন্তাৰ বিষয় হৈয়েই আছে ।
গাডকাৰীয়ে লগতে কয়, "দহ বছৰৰ আগতে যেতিয়া মই বৈদ্যুতিক বাহনৰ বাবে হেঁচা প্ৰয়োগ কৰিছিলো, তেতিয়া ভাৰতৰ অটোম’বাইল খণ্ডই মোক গুৰুত্বসহকাৰে লোৱা নাছিল । এতিয়া, তেওঁলোকে মোক কয় যে তেওঁলোকে হয়তো বাছখন হেৰুৱাই পেলাইছে ।"
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বৈদ্যুতিক বাহনৰ বাবে তেওঁ কোনো অতিৰিক্ত ৰাজসাহায্য বা উত্সাহ প্ৰদানৰ উদ্দেশ্য গ্ৰহণ কৰা কোনো ব্যৱস্থাৰ বিৰোধী নহয় আৰু বিত্ত মন্ত্ৰণালয় আৰু বৃহৎ উদ্যোগ মন্ত্ৰণালয়ে যদি বৈদ্যুতিক বাহনক অধিক ৰাজসাহায্য দিব বিচাৰে তেন্তে তেওঁৰ কোনো সমস্যা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।
নতুন বৈদ্যুতিক বাহন (ইভি) নিৰ্মাণ নীতিৰ লক্ষ্য হৈছে বিশ্বৰ গ্ৰাহকসকলক ভাৰতলৈ আকৰ্ষণ কৰা যদিও ঘৰুৱা মূল্য সংযোজনৰ ওপৰতো গুৰুত্ব দিয়া হৈছে ।