হায়দৰাবাদ: চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL)ৰ ব্যৱহাৰকাৰী অন্যান্য টেলিকম কোম্পানী জিঅ’, এয়াৰটেল, ভিআইতকৈ কম হ’ব পাৰে, কিন্তু কোম্পানীটোৱে শেহতীয়াকৈ নানানটা সস্তীয়া প্লেন মুকলি কৰি বৃহৎ টেলিকম কোম্পানীবোৰক সমস্যাৰ সন্মুখীন কৰোৱাইছে । সমান্তৰালভাৱে BSNL ৰ প্ৰতি গ্ৰাহকক আকৰ্ষিতও কৰিছে ৷ শেহতীয়াকৈ ব্যৱহাৰকাৰীক আকৰ্ষণ কৰা বিএছএনএলে এতিয়া আন এক সস্তীয়া পৰিকল্পনা লৈ আহিছে । যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে আনলিমিটেড কলিঙৰ লগতে আৰু বহু সুবিধা লাভ কৰিব পাৰে । এই পৰিকল্পনাৰ বৈধতা 13 মাহৰ ।
BSNL ৰ সস্তীয়া 13 মাহৰ ৰিচাৰ্জ প্লেন
বিএছএনএলে 13 মাহৰ প্লেন মুকলি কৰিছে, অৰ্থাৎ ব্যৱহাৰকাৰীয়ে 395 দিনৰ বাবে বহু সুবিধা লাভ কৰিব পাৰিব । বি এছ এন এলৰ এই প্লেনৰ মূল্য 2399 টকা । এই প্লেনৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে যিকোনো নেটৱৰ্কলৈ বিনামূলীয়া আনলিমিটেড কলিঙৰ সুবিধা লাভ কৰিব । যদি আমি দৈনিক হিচাপত খৰচৰ হিচাপ কৰো, তেন্তে প্ৰতিদিনে খৰচ হ’ব 6 টকা ।
কিমান ডাটা উপলব্ধ হ’ব?
এই প্লেনত কল কৰাৰ লগতে প্ৰতিদিনে 100 টা বিনামূলীয়া এছএমএছ আৰু 2GB ডাটা লাভ কৰিব । এই প্লেনত 395 দিনৰ বাবে মুঠ 790GB ডাটা ব্যৱহাৰ কৰিব পাৰিব । ডাটা লিমিট শেষ হোৱাৰ পিছত আপুনি 40kbps ত ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব । যদি আপুনি এবছৰৰ বাবে ৰিচাৰ্জ কৰিবলৈ সস্তীয়া প্লেন বিচাৰি ফুৰিছে, তেন্তে এই প্লেন আপোনাৰ বাবে এটা উন্নত বিকল্প হ’ব পাৰে ।