নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ:BSNL ব্যৱহাৰকাৰীৰ বাবে সুখবৰ । টেলিকম কোম্পানীটোৱে 5G সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে । BSNL এ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে অতি সোনকালে ব্যৱহাৰকাৰীয়ে এই সেৱা ব্যৱহাৰ কৰিব পাৰিব ।
ভাৰত সঞ্চাৰ নিগম লিমিটেডে বিগত কেইমাহমানৰ পৰা টেলিকম খণ্ডত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । ৰিচাৰ্জ পৰিকল্পনাৰ পৰিৱৰ্তনৰ পৰা আৰম্ভ কৰি 4G নেটৱৰ্ক ঠিক কৰালৈকে এই চৰকাৰী টেলিকম কোম্পানীটোৱে এতিয়া লাহে লাহে ব্যক্তিগত কোম্পানীসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে । জানিব পৰা মতে, কোম্পানীটোৱে ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ বাবে শীঘ্ৰে 5G সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে ।
2025 চনৰ জানুৱাৰী মাহত 5G সেৱা আৰম্ভ: BSNL ৰ অন্ধ্ৰপ্ৰদেশৰ প্ৰধান মহাপ্ৰবন্ধক এল.শ্ৰীণুৱে সংবাদমেলত ঘোষণা কৰে যে BSNL এ 2025 চনৰ জানুৱাৰী মাহত 5G সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে । কোম্পানীটোৱে 5G ৰোলআউটৰ সুবিধা অতি সোনকালে সহজ কৰি তুলিবলৈ নিজৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ইয়াৰ ভিতৰত টাৱাৰ আৰু অন্যান্য প্ৰয়োজনীয় সঁজুলিও অন্তৰ্ভুক্ত ।