অসম

assam

উন্নত ষ্ট’ৰেজ আৰু বেটাৰীৰ ফোন ক্ৰয় কৰক 15000 তকৈও কম মূল্যত - Smartphones Under 15000

By ETV Bharat Tech Team

Published : Aug 23, 2024, 5:10 PM IST

Budget friendly smartphones: বিভিন্ন উন্নত বৈশিষ্ট্য সম্বলিত লগতে বাজেট ফ্ৰেণ্ডলি স্মাৰ্টফোন এটা ক্ৰয় কৰিম বুলি পৰিকল্পনা কৰি আছে নেকি ? কিন্ত বজাৰত বিভিন্ন ব্ৰেণ্ডৰ বিভিন্ন স্মাৰ্টফোন উপলব্ধ হোৱাৰ বাবেই চিনাক্তকৰণত অসুবিধা হৈছে ৷ বৰ্তমান স্মাৰ্টফোনৰ বজাৰখনত কোনবোৰ স্মাৰ্টফোনে লাভ কৰিছে অত্যাধিক চাহিদা তথা সুলভ মূল্যত উপলব্ধ ফোন আটাইবোৰ কথা জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন---

Best smartphones Under 15000 in india
উন্নত ষ্ট’ৰেজ আৰু বেটাৰীৰ ফোন ক্ৰয় কৰক 15000 তকৈও কম মূল্যত (ETV Bharat)

নিউজ ডেস্ক, 23 আগষ্ট: এয়া স্মাৰ্টফোনৰ যুগ ৷ সকলোৰে হাতে হাতে স্মাৰ্টফোন ৷ তথ্য-প্ৰযুক্তিৰ এই যুগত সকলোৱে উন্নত কেমেৰা, ডিছপ্লে, চিপছেট আৰু উন্নত বেটাৰীযুক্ত এটা স্মাৰ্টফোন পছন্দ কৰে । কিন্তু গ্ৰাহকসকলে যেতিয়াই ক্ৰয়ৰ কথা চিন্তা কৰে তেতিয়াই গ্ৰাহকসকল বিভ্ৰান্ত হৈ পৰা পৰিলক্ষিত হয় ৷ কাৰণ প্ৰতিমাহেই কমেও 2-4 টা মডেলৰ নতুন ফোন বজাৰলৈ আহে। যাৰ বাবে নতুন ফোন এটা কিনাৰ কথা চিন্তা কৰা গ্ৰাহকসকলেও কোনটো ফোন বাছি ল’ব সেই সন্দৰ্ভত বিভ্ৰান্ত হৈ পৰে ।

বজাৰত উপলব্ধ আৰু 15 হাজাৰ টকাৰ তলৰ শ্ৰেষ্ঠ স্মাৰ্টফোনৰ তালিকা তলত দিয়া হ'ল--

Samsung Galaxy M34 5G

দক্ষিণ কোৰিয়াৰ চেমচাং কোম্পানীয়ে বিশ্বজুৰি বিভিন্ন ইলেক্ট্ৰনিক ডিভাইচ বিক্ৰী কৰে । গ্ৰাহকক আকৰ্ষণ কৰিবলৈ কোম্পানীটোৱে নিয়মিতভাৱে নতুন মডেলৰ স্মাৰ্টফোনৰ প্ৰৱৰ্তন কৰে । সেইদৰে শেহতীয়াকৈ ছেমছাঙে ভাৰতীয় বজাৰত মুকলি কৰিছে ছেমছাং গেলেক্সি এম34 5জি নামৰ ‘এম’ ছিৰিজৰ স্মাৰ্টফোনটো ।

এই ফোনটোত আছে 6.5 ইঞ্চি ফুল এইচডি AMOLED ডিছপ্লে, Exynos 1280 চিপছেট, 6GB ৰেম + 128GB ষ্ট’ৰেজ আৰু 8GB ৰেম + 128GB ষ্ট’ৰেজ । ইয়াৰ উপৰিও এণ্ড্ৰইড 13ত চলিব আৰু ইয়াৰ বেক কেমেৰা 50 মেগাপিক্সেল । তিনিটা ৰঙত উপলব্ধ এই স্মাৰ্টফোনটো 13888 টকাৰ পৰা আৰম্ভ কৰি ফ্লিপকাৰ্টত উপলব্ধ ৷ এই ফোনটোত মেইন কেমেৰা আৰু 13 মেগাপিক্সেল ফ্ৰন্ট কেমেৰাৰ সৈতে ট্ৰিপল কেমেৰা, 6000 এমএএইচ বেটাৰী, 25 ৱাট চাৰ্জিং চাপ’ৰ্ট আদি বৈশিষ্ট্য আছে ।

Redmi Note 13 5G

Redmi ৰ Note ছিৰিজৰ ফোনসমূহৰ নিজা বজাৰ আৰু গ্ৰাহক আছে । ইয়াৰ মূল কাৰণ হ’ল Xiaomi এ এই ছিৰিজৰ শ্ৰেষ্ঠ ফিচাৰ কম দামত মুকলি কৰিছে । সেই অনুসৰি ভাৰতৰ বজাৰত মুকলি কৰা হৈছে Redmi Note 13 5G (Redmi Note 13 5G)। ফোনটোত 6.67 ইঞ্চি 120 হাৰ্টজ, থ্ৰীডি কাৰ্ভড এমোলেড আৰু 105 কে ৰিজ’লিউচন ফিংগাৰপ্ৰিণ্ট ডিছপ্লে আছে; 7200 Mediatek Dimensity, TSMS 4nm প্ৰক্ৰিয়াৰ সৈতে চিপছেট; সমৰ্থন ৱাইফাই আৰু ডুৱেল 5জি চিষ্টেম বৈশিষ্ট্য ৷ ফোনটোত দুটা ভেৰিয়েন্টত উপলব্ধ – 6জিবি ৰেম + 128জিবি ষ্ট’ৰেজ আৰু 12জিবি ৰেম + 256জিবি ষ্ট’ৰেজ ।

লগতে, 5000 mAh বেটাৰী, 120 ৱাট হাইপাৰচাৰ্জিং সমৰ্থনৰ সৈতে 19 মিনিটত 100 শতাংশ চাৰ্জ; লছলেছ 8x চেন্সৰ জুম, OIS+EIS, ALD কোটিং, নতুন ফিল্টাৰ, বৃহৎ এপাৰচাৰ f/1.65ৰ সৈতে কেমেৰা; ডলবি ভিজন এটমছৰ দৰে বৈশিষ্ট্য বিশেষ এই স্মাৰ্টফোনটো ফ্লিপকাৰ্টত 14905 টকাৰ পৰা আৰম্ভ হৈছে ।

Motorola G64 5G

আমেৰিকাত মুখ্য কাৰ্যালয় থকা মটৰ’লা মবিলিটি চীনা কোম্পানী লেন’ভ’ৰ সহযোগী কোম্পানী । মট’ই ভাৰতত সময়ে সময়ে নতুন ফোন মুকলি কৰাটো সাধাৰণ কথা । সেই ধৰণেৰে মটৰ’লাৰ ‘জি’ ছিৰিজৰ লাইনত নতুনকৈ মুকলি কৰা হৈছে Moto G64 5G স্মাৰ্টফোন।

ফোনটোত 6.5 ইঞ্চিৰ ফুল এইচডি+ এলচিডি ডিছপ্লে আছে; মিডিয়াটেক ডেমনচিটি 7025 চিপছেট; 6000 mAh বেটাৰী; দুটা ভিন্নতাত উপলব্ধ – 8 জিবি ৰেম + 128 জিবি ষ্ট’ৰেজ আৰু 12 জিবি ৰেম + 256 জিবি ষ্ট’ৰেজ – এই ফোনটো এণ্ড্ৰইড 14 অপাৰেটিং চিষ্টেমত চলিব । লগতে মট’ই কয় যে তিনি বছৰৰ বাবে ছিকিউৰিটি আপডেট আৰু এণ্ড্ৰইড 15 আপডেট প্ৰদান কৰা হ’ব ।

ইয়াৰ উপৰিও 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আৰু 16 মেগাপিক্সেলৰ ফ্ৰন্ট ফেচিং কেমেৰাকে ধৰি দুটা কেমেৰা আছে । 5G নেটৱৰ্কৰ সৈতে তিনিটা ৰঙত উপলব্দ এই ফোনটো । লগতে 33 ৱাটৰ ফাষ্ট চাৰ্জিং সমৰ্থনৰ এই স্মাৰ্টফোনটো 14999 টকাৰ পৰা আৰম্ভ কৰি ফ্লিপকাৰ্টত উপলব্ধ ।

লগতে পঢ়ক:স্মাৰ্টফোনৰ আয়ুস থাকেনে ? নে আয়ুস বঢ়াও বুলি বঢ়াব পাৰি ? - for how many years a phone lasts

এটা এপৰ বাহাদুৰী: ফোন হেৰালেও চিন্তা নাই - How to find missing device

Samsung Galaxy S23 ত বাম্পাৰ অফাৰ, মূল্য হ্ৰাস - Samsung Galaxy S23

ABOUT THE AUTHOR

...view details