হায়দৰাবাদ: প্ৰতিদিনে বজাৰলৈ নতুন নতুন স্মাৰ্টফোন আহি থকা এই যুগত স্মাৰ্টফোনৰ বিকল্পৰ অভাৱ নাই, কিন্তু কোনটো বাছি ল’ব সেয়া নিৰ্বাচন কৰাৰ ক্ষেত্ৰত প্ৰায়ে সকলোৱে বিভ্ৰান্তিত পৰা দেখা যায় ৷ সাধাৰণ মানুহে সদায় কম বাজেটত উন্নত বৈশিষ্ট্যযুক্ত ফোন বিচাৰি থাকে ৷ এইক্ষেত্ৰত এগৰাকী ক্ৰেতাই ফোনটোৰ কেমেৰা, বেটাৰী, ষ্ট’ৰেজ আৰু পাৰফৰমেন্সৰ দিশটোলৈ লক্ষ্য কৰে ।
সাধাৰণ মানুহে যেতিয়া ফোন এটা কিনাৰ বাবে সিদ্ধান্ত লয়, তেতিয়া তেওঁলোকে বিচৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ’ল ভাল কেমেৰা আৰু উন্নত বেটাৰী । বেছিভাগ মানুহেই এটা ফোনত 20 হাজাৰ টকা পৰ্যন্ত বাজেট নিৰ্ধাৰণ কৰে । ফটোগ্ৰাফীৰ বাবে ভাল কেমেৰা আৰু ভাল বেটাৰী ক্ষমতা থকা কোনবোৰ স্মাৰ্টফোনৰ দাম 20 হাজাৰ টকাতকৈ কম চাওঁ আহক । তলত 108 MP কেমেৰা আৰু 5000mAh বেটাৰী ক্ষমতা থকা আগশাৰীৰ কোম্পানীসমূহৰ শ্ৰেষ্ঠ স্মাৰ্টফোনসমূহ দিয়া হ’ল ---
1. Honor 200 Lite 5G
উৎকৃষ্ট ভিডিঅ’ মানৰ কেমেৰা, 10x ডিজিটেল জুম আৰু এআই ফিচাৰৰ সৈতে অনাৰৰ এই ফোনটো 20 হাজাৰ টকাৰ ভিতৰত স্মাৰ্টফোন বিচৰাসকলৰ বাবে এক উত্তম বিকল্প । Honor 200 Lite স্মাৰ্টফোনৰ কেমেৰা ছেটআপত আছে 108 MP ৱাইড এংগল প্ৰাইমেৰী কেমেৰা, 5 MP আল্ট্ৰা ৱাইড লেন্স, 2 MP মেক্ৰ’ কেমেৰা আৰু 50 MP ৱাইড এংগল চেলফি কেমেৰা । এই ফোনটোৰ আমাজনত মূল্য 19,999 টকা । 8GB ৰেম আৰু 256 GB পৰ্যন্ত ষ্ট’ৰেজৰ সৈতে অহা এই ফোনটোত 4500 এমএএইচৰ বেটাৰী আছে ।
2. Infinix Note 40 Pro 5G
OIS ৰ সৈতে 108MP কেমেৰাৰ সৈতে Infinix ৰ এই ফোনটো 20,000 টকাৰ তলৰ এটা ডাঙৰ কেমেৰা ফোন । ফোনটোৰ কেমেৰাটোত ছুপাৰ জুমিং ফিচাৰ আছে । ইনফিনিক্স নোট 40 প্ৰ’ৰ কেমেৰা ছেটআপত আছে 108 MP প্ৰাইমেৰী কেমেৰা, 2 MP কেমেৰা আৰু 32MP ফ্ৰন্ট কেমেৰা । ইয়াত 5,000 mAh বেটাৰী আছে । 8GB ৰেম আৰু 256GB পৰ্যন্ত ষ্ট’ৰেজৰ সৈতে অহা এই ফোনটো দুটা ৰঙৰ বিকল্পত উপলব্ধ হ’ব । আমাজনত ভিনটেজ গ্ৰীণ ৰঙৰ বিকল্পৰ মূল্য 18,979 টকা আৰু টাইটান গোল্ড ৰঙৰ বিকল্পৰ মূল্য 19,390 টকা ।
3. OnePlus Nord CE 3 Lite 5G