অসম

assam

ETV Bharat / technology

অসম আৰক্ষীৰ সতৰ্কবাণী: ভাৰা বেংক একাউণ্টৰ জৰিয়তে জনসাধাৰণক শোষণ চাইবাৰ প্ৰৱঞ্চকৰ - CYBER FRAUD COMPLAINTS

Financial Fraud In Assam:10 মাহত 28 কোটি টকা লুটৰ গোচৰ ৰুজু চি আই ডিত ৷ আৰক্ষীৰ সহযোগত ভুক্তভোগীয়ে পাবলৈ সক্ষম হৈছে 4.23 কোটি টকা ৷

assam-police-issues-warning-cyber-fraudsters-exploiting-public-by-renting-bank-accounts
অসম আৰক্ষীৰ সতৰ্কবাণী: ভাৰা বেংক একাউণ্টৰ জৰিয়তে জনসাধাৰণক শোষণ চাইবাৰ প্ৰৱঞ্চকৰ (ETV Bharat)

By ETV Bharat Tech Team

Published : Nov 9, 2024, 10:56 AM IST

গুৱাহাটী: চাইবাৰ অপৰাধীৰ পৰা সাৱধান হওক আপুনি । চাইবাৰ অপৰাধীৰ কৱলত পৰি কষ্টোপাৰ্জিত ধন হেৰুৱাই সৰ্বস্বান্ত হ'ব পাৰে আপুনিও ! চিন্তনীয় বিষয় যে চাইবাৰ অপৰাধীয়ে দৈনিক ধন লুটাৰ গোচৰ বিভিন্ন আৰক্ষী থানাৰ চাইবাৰ কোষত ৰুজু হৈ আহিছে । আৰক্ষীৰ প্ৰচেষ্টাত ভুক্তভোগী দুই এজনে কিছু সংখ্যক ধন ঘূৰাই পাইছে যদিও গৰিষ্ঠসংখ্যকেই সমস্ত ধন হেৰুৱাবলগীয়া হৈছে ৷ আৰক্ষী-প্ৰশাসন এইক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে যদিও ৰোধ কৰিব পৰা নাই এই সংখ্যা ৷ ন ন কৌশলেৰে চাইবাৰ অপৰাধীয়ে জাল পেলাবলৈ চেষ্টা কৰি থকা তথা সফল হোৱা পৰিলক্ষিত হৈছে ।

28 কোটি টকা লুটৰ গোচৰ

জানিব পৰা মতে, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ ( চি আই ডি ) ৰ চাইবাৰ কোষত কেবাহাজাৰ এনে গোচৰ ৰুজু হৈছে । সংশ্লিষ্ট কৰ্তৃপক্ষৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, চলিত বৰ্ষৰ 5 জানুৱাৰীৰ পৰা 31 অক্টোবৰলৈ চি আই ডিৰ চাইবাৰ কোষত কেইবাশ গোচৰ ৰুজু হৈছে আৰু হৰলুকি কৰা মুঠ ধনৰ পৰিমাণ 28 কোটি টকা । এই 10 মাহত চাইবাৰ অপৰাধীয়ে লুট কৰা 28 কোটি টকাৰ 4.23 কোটি টকাহে আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ কৱলৰ পৰা উভতাই আনি ভুক্তভোগীক দিবলৈ সক্ষম হৈছে ।

বেংক একাউণ্ট ভাৰাত লৈ অপৰাধ সংঘটিত

1930 টোল ফ্ৰী নম্বৰত যোগাযোগ কৰি চাইবাৰ ফ্ৰড ৰিপৰ্টিং এণ্ড মেনেজমেন্ট চিষ্টেমৰ জৰিয়তে এই অভিযোগ দাখিল কৰা হৈছে । এই 28 কোটি টকা চাইবাৰ অপৰাধীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি বেংক একাউণ্ট, ৱালেট, মাৰচেন্ট, বীমা আদিৰ জৰিয়তে লুটি নিয়া বুলি তদন্তত তথ্য পোহৰলৈ আহিছে ।

শেহতীয়াকৈ চাইবাৰ অপৰাধীসকলে এক নতুন কৌশল অৱলম্বন কৰিছে । চাইবাৰ প্ৰৱঞ্চকসকলে বিভিন্ন ধৰণেৰে বিভিন্ন ঠাইৰ দৰিদ্ৰ, নিবনুৱা আৰু সাধাৰণ মানুহক প্রলোভিত কৰি ৰাজ্যৰ বেংক একাউন্টসমূহ ভাৰাত লৈ সন্দেহজনক লেনদেনৰ জৰিয়তে চাইবাৰ অপৰাধ সংঘটিত কৰি আহিছে । যাৰ ফলত এনে বেংক একাউণ্টৰ গৰাকীসকল বিভিন্ন আইন ৰক্ষক সংস্থাৰ দ্বাৰা হাৰাশাস্তিৰ সম্মুখীন হ’বলগীয়া হৈছে । কেতিয়াবা জেলৰ ভাতো খাবলগীয়া হৈছে বুলি চাইবাৰ কোষে এক প্ৰেছ বিবৃতিযোগে জনায় ।

সাৱধানতা

সেয়েহে এনে হাৰাশাস্তিৰ পৰা পৰিত্ৰাণৰ বাবে কোনো ধৰণৰ প্রলোভন, কমিচন বা লোভৰ বাবে আপোনাৰ বেংক একাউণ্ট আন কোনো ব্যক্তিক ব্যৱহাৰ কৰিবলৈ নিদিব ৷ যদি কোনো বেংকৰ কৰ্মীয়ে চাইবাৰ অপৰাধৰ লগত জড়িত সন্দেহজনক একাউন্ট খোলাত সহায় কৰে তেন্তে তেনে বেংক কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক: বিত্তীয় প্ৰৱঞ্চনাৰ পৰা নিজক কেনেকৈ বচাই ৰাখিব ? - OTP Scam increasing

অৱশেষত জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন

বিত্তীয় প্ৰৱঞ্চনাৰ পৰা নিজক কেনেকৈ বচাই ৰাখিব ? - OTP Scam increasing

ABOUT THE AUTHOR

...view details