অসম

assam

ETV Bharat / technology

কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰখনত ভাৰতৰ স্থান দ্বিতীয়: OpenAIৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ছেম অল্টমেন - ASHWINI VAISHNAW MET OPENAI CEO

ভাৰত ভ্ৰমণৰ সময়ত OpenAIৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ছেম অল্টমেনে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে । কি বিষয়ত আলোচনা কৰা হৈছিল জানক এই প্ৰতিবেদনযোগে...

ashwini-vaishnaw-met-openai-ceo-sam-altman-discussed-indias-ai-ambitions-and-future-collaboration-details-in-assamese
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে OpenAIৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ছেম অল্টমেন (X/AshwiniVaishnaw)

By ETV Bharat Tech Team

Published : Feb 6, 2025, 10:36 AM IST

হায়দৰাবাদ: ভাৰত ভ্ৰমণলৈ আহিছে OpenAIৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ছেম অল্টমেন ৷ বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত কেন্দ্ৰীয় ৰে’লৱে, ইলেক্ট্ৰনিকছ আৰু আইটি বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে ছেম অল্টমেনে ৷ সাক্ষাতৰ সময়ত সুলভ মূল্যৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) পৰিৱেশ তন্ত্ৰৰ বাবে ভাৰতৰ দৃষ্টিভংগী সন্দৰ্ভত আলোচনা কৰে । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনীয়ে কয়, "অ’পেনএআইয়ে ভাৰতৰ সৈতে সহযোগিতা কৰি গ্ৰাফিক্স প্ৰচেছিং ইউনিট, মডেল আৰু এপৰ সৈতে সম্পূৰ্ণ এআই মডেল তৈয়াৰ কৰিবলৈ আগ্ৰহী ।"

অশ্বিনী বৈষ্ণৱে তেওঁৰ এক্স একাউণ্টত পোষ্ট কৰি কয়, "জিপিইউ, মডেল আৰু এপৰ সৈতে ভাৰতৰ এআই ষ্টেক নিৰ্মাণৰ আমাৰ কৌশলৰ বিষয়ে ছেমৰ সৈতে আলোচনা কৰিলো । তেওঁ ভাৰতক সমৰ্থন কৰাৰ ইচ্ছা প্ৰকাশ কৰে । ছেম অল্টমেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, প্ৰযুক্তিক সকলো শ্ৰেণীৰ লোকৰ বাবে অধিক সুলভ কৰি তোলাৰ ধাৰণাকো প্ৰশংসা কৰে ।"

কম খৰচত এআই মডেল বিকাশৰ লক্ষ্য

আন দেশসমূহে এআই মডেল নিৰ্মাণৰ বাবে বহু ধন ব্যয় কৰিছে যদিও ভাৰতে কম খৰচত এআই মডেল প্ৰস্তুত কৰাৰ লক্ষ্য লৈছে । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, "আমাৰ দেশে বহু দেশতকৈ বহু কম খৰচত চন্দ্ৰলৈ এখন বাহন প্ৰেৰণ কৰিছিল । আন দেশতকৈ কম খৰচত নিৰ্মাণ কৰিব পৰা এআই মডেল আমি কিয় প্ৰস্তুত কৰিব নোৱাৰো ?" তেওঁ পুনৰ কয় যে উদ্ভাৱন আৰু নতুন ধাৰণাই খৰচৰ পৰিমাণ হ্ৰাস কৰিব পাৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভাৰতে এআই বিকাশৰ বাবে এক সমগ্ৰ পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিছে, য’ত চিপছেট নিৰ্মাণ, কম খৰচী কম্পিউটিং সুবিধা প্ৰদান আৰু ডাটা ছেটৰ কাম কৰা আদি অন্তৰ্ভুক্ত । ভাৰত চৰকাৰে ভাৰতীয় উদ্যোগ আৰু ষ্টাৰ্টআপক অত্যাধুনিক গ্রাফিক্স প্রচেছিং ইউনিট (জিপিইউ)সহ কম্পিউটাৰ যোগান ধৰাৰ পৰিকল্পনা কৰিছে ৷

সকলো ষ্টাৰ্টআপলৈ মন্ত্ৰীৰ আহ্বান

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী বৈষ্ণৱে দেশৰ সকলো ষ্টাৰ্টআপক আহ্বান জনাই কয় যে তেওঁলোকে স্বাস্থ্যসেৱা, শিক্ষা, কৃষি, বতৰৰ পূৰ্বাভাস, দুৰ্যোগ ব্যৱস্থাপনা, পৰিবহণ আৰু অন্যান্য খণ্ডৰ সমস্যা সমাধানৰ ক্ষেত্ৰত দেশক উপকৃত কৰিব পৰাকৈ অনন্য এআই সমাধান উলিয়াব লাগে ।

কি ক’লে OpenAIৰ চিইঅ’ অল্টমেনে?

ইফালে অল্টমেনে ভাৰতক AI ৰ বাবে উল্লেখযোগ্য বজাৰ আৰু বিশ্বজুৰি দ্বিতীয় বৃহত্তম বজাৰ বুলি অভিহিত কৰে । তেওঁ লগতে কয়, "ভাৰত AI দৌৰতো আগশাৰীৰ হ'ব লাগে । AI মডেল এতিয়াও সস্তীয়া নহয়, কিন্তু ই কাৰ্যক্ষম ।"

বাজেটত AI চেণ্টাৰৰ বাবে 500 কোটি টকাৰ অনুদান

2025-26 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এআই শিক্ষাৰ বাবে নতুন চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই) স্থাপনৰ বাবে 500 কোটি টকাৰ অনুদান ঘোষণা কৰে । ইয়াৰ জৰিয়তে ভাৰত চৰকাৰে AI গৱেষণা আৰু দেশৰ শিক্ষা ব্যৱস্থাত ইয়াৰ ব্যৱহাৰ শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লৈছে ।

লগতে পঢ়ক

ABOUT THE AUTHOR

...view details