অসম

assam

ETV Bharat / technology

স্মাৰ্ট ৰিং নিৰ্মাণ নকৰে Apple এ; আঁৰৰ কাৰণ কি ? - Apple Smart Ring

Apple Ring Rumors: আইফোন নিৰ্মাতা কোম্পানী Apple এ স্মাৰ্ট ৰিং নিৰ্মাণ কৰিব বুলি চৰ্চা চলিছিল যদিও সেয়া সদ্যহতে উৰাবাতৰি বুলিহে জানিব পৰা গৈছে ৷

By ETV Bharat Tech Team

Published : 7 hours ago

Etv Bharat
স্মাৰ্ট ৰিং নিৰ্মাণ নকৰে Apple এ; আঁৰৰ কাৰণ কি ? (Samsung)

নিউজ ডেস্ক, 8 অক্টোবৰ:ছেমছাং গেলেক্সি ৰিং মুকলি হোৱাৰ পিছৰে পৰাই বিশ্বৰ আগশাৰীৰ গেজেট নিৰ্মাতা কোম্পানী Apple এ আঙঠি নিৰ্মাণ কৰিব বুলি উৰাবাতৰি চলা পৰিলক্ষিত হৈছিল । বৰ্তমান একাধিক ব্ৰেণ্ডে বিভিন্ন মূল্যৰ স্মাৰ্ট ৰিং নিৰ্মাণ কৰি আছে যদিও আইফোন নিৰ্মাতা কোম্পানীটোৱে এই আঙঠি নিৰ্মাণৰ পৰিকল্পনা ত্যাগ কৰা বুলি জানিব পৰা গৈছে ।

শেহতীয়া বছৰবোৰত আমি এপলে ইয়াৰ মিক্সড-ৰিয়েলিটি হেডছেট এপল ভিজন প্ৰ’ৰ বাবে হেণ্ড-ট্ৰেকিং বৈশিষ্ট্যৰ উপৰিও স্বাস্থ্য আৰু ফিটনেছ-ট্ৰেকিং বৈশিষ্ট্যযুক্ত স্মাৰ্ট ৱেয়াৰেবল ৰিং নিৰ্মাণ কৰা দেখিছো । এই আঙঠিটো এপল Watch ৰ স্ক্ৰীণ মুক্ত বিকল্প হ’ব আৰু কম খৰচত উপলব্ধ হ’ব বুলি আশা কৰা হৈছিল । কিন্তু শেহতীয়াকৈ Apple এ নিজৰ স্মাৰ্টৱাচৰ ভূখণ্ডত কোনো সামগ্ৰী প্ৰৱেশ কৰাৰ ধাৰণাটো ভাল নাপায় ।

Bloomberg ৰ মাৰ্ক গুৰমেনৰ মতে, "আইফোন নিৰ্মাতা কোম্পানীটোৱে নিবিচাৰে যে আঙঠিটোৱে এপল Watch ৰ বিক্ৰীত প্ৰভাৱ পেলাব । অৰ্থাৎ হ্ৰাস কৰিব ৷ এই কাৰণেই ই এটা স্মাৰ্ট ৰিং ‘সক্ৰিয়ভাৱে বিকশিত’ কৰা নাই, যিয়ে শেষত কোম্পানীটোৰ স্মাৰ্টৱাচৰ কম খৰচী বিকল্প হিচাপে কাম কৰিব পাৰে ।"

গুৰমানৰ মতে, আইফোন নিৰ্মাতা কোম্পানী এপল Watch ক ফিটনেছ ট্ৰেকিং উদ্যোগৰ ক্ষেত্ৰত অগ্ৰণী হিচাপে গণ্য কৰে আৰু এই ব্যৱসায় সম্প্ৰসাৰণৰ যথেষ্ট থল আছে । সেয়েহে আঙঠিৰ পৰিৱৰ্তে স্মাৰ্টৱাচৰ লাইনআপত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ।

স্মাৰ্ট ৰিং কি?

ব্যক্তিগৰাকীৰ কাৰ্যকলাপ আৰু সুস্থতাৰ ই হিচাপ ৰাখে । যেনে - খোজ আৰু হৃদস্পন্দন অনুসৰণ, শৰীৰৰ উষ্ণতা আৰু টোপনিৰ অনুসৰণ (হৃদস্পন্দন আৰু গতিবিধি জুখি) আৰু তেজৰ সোঁত । অৰ্থাৎ ই স্মাৰ্ট ৱাটচৰ দৰেই কাম কৰে ৷

লগতে পঢ়ক:আকৰ্ষণৰ কেন্দ্ৰবিন্দু iPhone 16 Pro Max ৰ উৎপাদন ব্যয় কিমান আপুনি জানেনে ? - iPhone 16 Pro Max Production Cost

শীঘ্ৰেই ভাৰতত মুকলি হ’ব 4 খনকৈ Apple ষ্ট’ৰ - Apple Stores In India

ABOUT THE AUTHOR

...view details