অসম

assam

ETV Bharat / technology

এপলে মুকলি কৰিলে নতুন iPad Mini

iPad mini in India: এপলে ভাৰতত মুকলি কৰিছে নতুন আইপেড মিনি । কোম্পানীটোৱে ইয়াৰ আৰম্ভণিৰ মূল্য নিৰ্ধাৰণ কৰিছে 49,900 টকাত ।

By ETV Bharat Tech Team

Published : 5 hours ago

Etv Bharat
এপলে মুকলি কৰিলে নতুন iPad Mini (Apple India)

নিউজ ডেস্ক, 17 অক্টোবৰ:এপলে ভাৰতত মুকলি কৰিছে নতুন আইপেড মিনি । এপলৰ আটাইতকৈ সৰু আইপেডত A17 Pro চিপ ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ ই এপলৰ AI ৰ বৈশিষ্ট্যযুক্ত ।

এপল আইপেড মিনিৰ মূল্য আৰু উপলব্ধতা

নীলা, বেঙুনীয়া, ষ্টাৰলাইট আৰু স্পেচ গ্ৰে ৰঙত উপলব্ধ এই ডিভাইচ । ৱাই-ফাই মডেলৰ বাবে নতুন আইপেড মিনিৰ মূল্য 49,900 টকা, আনহাতে ৱাই-ফাই + চেলুলাৰ মডেলৰ মূল্য 64,900 টকা । নতুন আইপেড মিনিৰ ষ্ট’ৰেজ 128 GB - পূৰ্বৰ প্ৰজন্মৰ ষ্ট’ৰেজতকৈ দুগুণ ।

কেৱল এয়াই নহয়, নতুন আইপেড মিনি 256GB আৰু 512 GB কনফিগাৰেচনতো উপলব্ধ । গ্ৰাহকে বুধবাৰৰ পৰাই নতুন আইপেড মিনি প্ৰি-অৰ্ডাৰ কৰিব পাৰিব, যাক গ্ৰাহকে লাভ কৰিব 23 অক্টোবৰ বুধবাৰৰ পৰা ।

এপল আইপেড মিনিৰ মূল বৈশিষ্ট্যসমূহ

আইপেড মিনিত 8.3 ইঞ্চিৰ লিকুইড ৰেটিনা ডিছপ্লে আছে । এপলে কয় যে A17 Pro প্ৰচেছৰে আনকি অতি প্ৰয়োজনীয় কামৰ বাবেও উচ্চ পাৰফৰমেন্স প্ৰদান কৰে । ইয়াৰ চিপিইউ আৰু জিপিইউ দ্ৰুত, পূৰ্বৰ প্ৰজন্মৰ আইপেড মিনিতকৈ 2 গুণ দ্ৰুত নিউৰেল ইঞ্জিন আৰু এপল ইনটেলিজেন্সৰ সমৰ্থন ।

এপল আইপেড মিনিয়ে এপল পেঞ্চিল প্ৰ’ও সমৰ্থন কৰে । ইয়াত 12MP ৱাইড বেক কেমেৰা আছে যিয়ে স্মাৰ্ট এইচডিআৰ 4 সমৰ্থন কৰে । এটা শক্তিশালী 16-কোৰ নিউৰেল ইঞ্জিন ব্যৱহাৰ কৰি নতুন আইপেড মিনিয়ে কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি কেমেৰা এপত থকা নথিপত্ৰসমূহ স্বয়ংক্ৰিয়ভাৱে চিনাক্ত কৰে আৰু নতুন ট্ৰু টোন ফ্লেছ ব্যৱহাৰ কৰি ছাঁ আঁতৰাব পাৰে নথিপত্ৰৰ পৰা ।

ইয়াৰ উপৰিও ইয়াত আছে 12MP আল্ট্ৰা ৱাইড ফ্ৰন্ট ফেচিং কেমেৰা । এপলৰ মতে, নতুন আইপেড মিনিত আছে অল ডে বেটাৰী । নতুন আইপেড মিনিয়ে ৱাই-ফাই 6 E সমৰ্থন কৰে, যিয়ে পূৰ্বৰ প্ৰজন্মৰ তুলনাত দুগুণ প্ৰদৰ্শন প্ৰদান কৰে, যাৰ ফলত ব্যৱহাৰকাৰীয়ে পূৰ্বতকৈ অধিক দ্ৰুতভাৱে ফাইল ডাউনলোড কৰিব পাৰে, অনলাইন গেম খেলিব পাৰে আৰু চিনেমাও চাব পাৰিব ।

লগতে পঢ়ক:বৃদ্ধি পাইছে ব্যৱহৃত স্মাৰ্টফোনৰ চাহিদা; তালিকাৰ শীৰ্ষত Apple

শীঘ্ৰেই ভাৰতত মুকলি হ’ব 4 খনকৈ Apple ষ্ট’ৰ - Apple Stores In India

ABOUT THE AUTHOR

...view details