অসম

assam

ETV Bharat / technology

A17 chip iPad Mini নে M2 chip iPad Air - কোনটো উন্নত ?

শেহতীয়াকৈ এপলে মুকলি কৰিছে আইপেড মিনি । যিয়ে চলিত বৰ্ষৰ আৰম্ভণিতে মুকলি কৰা আইপেড এয়াৰক প্ৰত্যাহ্বান জনাইছে । কোনটো আপোনাৰ বাবে ভাল হ’ব জানক ?

By ETV Bharat Tech Team

Published : 10 hours ago

Etv Bharat
A17 chip iPad Mini নে M2 chip iPad Air - কোনটো উন্নত ? (Apple)

হায়দৰাবাদ: শেহতীয়াকৈ এপলে নিজৰ টেবলেটৰ চিৰিজ সম্প্ৰসাৰণ কৰি বজাৰত প্ৰৱেশ কৰিছে A17 চিপ চালিত আইপেড মিনিৰ সৈতে । যাৰ দামো অতি সুলভ । গ্ৰাহকে এপল ইনটেলিজেন্স আৰু এপল পেঞ্চিল প্ৰ’ সমৰ্থন লাভ কৰিব । অৱশ্যে আইপেড মিনিৰ বহু বৈশিষ্ট্য আইপেড এয়াৰৰ এম 2 চিপৰ সৈতে মিল থকাৰ বিপৰীতে দুয়োটাৰ দাম প্ৰায় সমান । ফলত এই দুটাৰ ভিতৰত কোনটো কিনিব সেই লৈ গ্ৰাহক বিভ্ৰান্ত ৷

দুয়োটা সামগ্ৰীৰ মাজত তুলনা

আইপেড মিনিৰ মূল্য 49 হাজাৰ টকা, এম 2 চিপ থকা আইপেড এয়াৰৰ মূল্য 11 ইঞ্চিৰ ভেৰিয়েণ্টৰ বাবে 59 হাজাৰ টকা আৰু 13 ইঞ্চিৰ মডেলৰ মূল্য 79 হাজাৰ টকা । যদিও দুয়োটাৰ মাজত কিছু পাৰ্থক্য আছে, বহু বৈশিষ্ট্য একে । গতিকে গ্ৰাহক বিমোৰত পৰাটো স্বাভাৱিক ।

আইপেড মিনি বনাম আইপেড এয়াৰ

ডিছপ্লে আৰু গুণগত মান: আইপেড মিনি 8.3 ইঞ্চিৰ লিকুইড ৰেটিনা ডিছপ্লেৰ সৈতে আহে । আনহাতে, আইপেড এয়াৰৰ সৈতে 2টা ভেৰিয়েন্ট আছে । গ্ৰাহকে লাভ কৰিব 11 ইঞ্চি আৰু 13 ইঞ্চিৰ লিকুইড ৰেটিনা ডিছপ্লে ।

প্ৰচেছৰৰ দক্ষতা: আইপেড মিনিত এপলৰ A17 Pro চিপ আছে, যিটো এপলৰ শক্তিশালী আইফোন 15 প্ৰ’তো উপস্থিত । এই চিপে দৈনন্দিন কাম আৰু আকস্মিক গেমিংৰ বাবে মসৃণ আৰু দ্ৰুত প্ৰদৰ্শন প্ৰদান কৰে । আনহাতে আইপেড এয়াৰত ব্যক্তিগত কম্পিউটাৰ আৰু হাই-এণ্ড টেবলেটৰ বাবে ডিজাইন কৰা এপলৰ এম 2 চিপ আছে । ইয়াত 8 কোৰ চিপিইউ আৰু 9 কোৰ জিপিইউ আছে । যিটো ভিডিঅ’ এডিটিং, গ্রাফিক ডিজাইন আৰু গেমিংৰ বাবে একেবাৰে উপযুক্ত ।

বৈশিষ্ট্য iPad Mini(A17 Pro) iPad (Air M2)
জোখ-মাপ 195.4 x 134.8 x 6.3 mm 247 x 178.5 x 6.1mm
ওজন 297 grams 462 grams
স্ক্ৰীণ 60Hz 60Hz
মূল্য 49,000 59,000
কেমেৰা 12MP F1.8 12MP front, ultra-wide, f/2.4 12MP F1.8 12MP front, ultra-wide, f/2.4
বেটাৰী 5708mAh 7606mAh, 9705mAh
চাৰ্জিং 20W wired USB-C 20W wired USB-C
প্ৰছেচৰ Apple A17 Pro (3nm) Apple M2 (5nm)

কেমেৰা: আইপেড মিনি আৰু আইপেড এয়াৰ দুয়োটাতে 12MP ৱাইড এংগল কেমেৰা আছে যিয়ে 4K ভিডিঅ’ শ্বুটিং কৰিব পাৰে । ইয়াৰ উপৰিও ইয়াত আছে 12MP আল্ট্ৰা-ৱাইড ফ্ৰন্ট কেমেৰা । অৰ্থাৎ দুয়োটা নিৰ্মাতাৰ কেমেৰা প্ৰায় একে ।

নেটৱৰ্ক: দুয়োটা সামগ্ৰীয়ে ৱাই-ফাই 6E আৰু 5G চেলুলাৰ সমৰ্থন কৰে । দুয়োটাই ইউএছবি-চি ফাষ্ট চাৰ্জিং, এপল পেঞ্চিল আৰু ব্লুটুথ কিবৰ্ড সমৰ্থন কৰে ।

দাম:এতিয়া দুয়োটাৰ দামৰ কথা ক’বলৈ গ’লে আইপেড মিনি ৱাই-ফাই মডেল 49,000 টকা আৰু ৱাই-ফাই প্লাছ চেলুলাৰ অপচনৰ বাবে 64,900 টকাত উপলব্ধ । আনহাতে, আইপেড এয়াৰৰ মূল্য 11 ইঞ্চিৰ ভেৰিয়েণ্টৰ বাবে 59,900 টকা আৰু 13 ইঞ্চিৰ ভেৰিয়েণ্টৰ মূল্য 79,900 টকা ।

কোনটো কিনিব?: আকাৰৰ ক্ষেত্ৰত আইপেড এয়াৰ প্ৰায় লেপটপৰ দৰেই । যিসকলে ডাঙৰ ডাঙৰ গেজেট ভাল নাপায় তেওঁলোকে নিশ্চিতভাৱে 300 গ্ৰামতকৈ কম ওজনৰ আইপেড মিনি কিনিব পাৰে । কিন্তু একে সময়তে যদি আপুনি ডাঙৰ স্ক্ৰীণ ভাল পায় আৰু বহুত ভিডিঅ’ চায় বা লেপটপত কোনো গুৰুত্বপূৰ্ণ কাম কৰে তেন্তে আপুনি আইপেড এয়াৰ ক্ৰয় কৰা উচিত ।

লগতে পঢ়ক:এপলে মুকলি কৰিলে নতুন iPad Mini

বজাৰত মুকলি realme ৰ নতুন টেবলেট - Lowest price tablets in India

গুগলে মুকলি কৰিলে Android 15

ABOUT THE AUTHOR

...view details