অসম

assam

ETV Bharat / technology

সপ্তাহৰ পাঁচদিন কাৰ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক - শীৰ্ষ কাযৰ্বাহী বিষয়া,আমাজন

Work from home: সপ্তাহত পাঁচ দিন কাৰ্যালয়ত উপস্থিত থাকিবলৈ কৰ্মচাৰীক নিৰ্দেশ আমাজনৰ শীৰ্ষ কাযৰ্বাহী বিষয়াৰ ৷ পূৰ্বে তিনিদিন উপস্থিত থাকিছিল কৰ্মচাৰীয়ে ৷

By ETV Bharat Tech Team

Published : 11 hours ago

Etv Bharat
সপ্তাহৰ পাঁচদিন কাৰ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক - শীৰ্ষ কাযৰ্বাহী বিষয়া,আমাজন (ANI)

হায়দৰাবাদ: কোভিডৰ প্ৰাদুৰ্ভাৱৰ সময়ত বহু কোম্পানীয়ে নিজৰ কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ সুবিধা প্ৰদান কৰিছিল । ইয়াৰ পিছত এই ভাইৰাছৰ প্ৰভাৱ কমি অহাৰ লগে লগে কাৰ্যালয়লৈ আহিবলৈ পৰামৰ্শ দিয়ে । বৰ্তমান কোভিডজনিত অথবা তেনেধৰণৰ কোনো পৰিস্থিতি দেশত নাই । যাৰ ফলত ঘৰৰ পৰা কাম কৰা সংস্কৃতি তথা সকলো কৰ্মচাৰী কাৰ্যালয়লৈ অহাটো বাধ্যতামূলক ৷ কিন্তু এতিয়াও বহু কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰি ভাল পায় । বেছিভাগেই ঘৰৰ পৰাই কাম কৰাৰ প্ৰতি আকৰ্ষিত ।

তেনে কৰ্মচাৰীসকলৰ প্ৰতি এটা বেয়া খবৰ ৷ Amazon এ এনে কৰ্মচাৰীসকলৰ বাবে বৃহৎ ঘোষণা কৰিছে ৷ Amazon এ স্পষ্টকৈ কয় যে কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন অফিচলৈ আহিব লাগিব । ঘৰৰ পৰা কাম কৰিব বিচাৰিলে কৰ্মচাৰীসকলে আন এটা চাকৰি বিচাৰিবলৈ সিদ্ধান্ত লোৱা উচিত । আমাজনৰ শীৰ্ষ কাৰ্যবাহী বিষয়া এণ্ডী জেচীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে ঘৰৰ পৰা কাম বন্ধ কৰিব লাগে । কাৰ্যালয়ত আয়োজিত এখন সভাত ভাষণ দি কৰ্মচাৰীসকলক উদ্দেশ্যি তেওঁ কয় যে যিসকলে এই সিদ্ধান্ত ভাল নাপায় তেওঁলোকে চাকৰি এৰিব পাৰে ।

Amazon Web Services ৰ শীৰ্ষ কাৰ্যবাহী বিষয়া মেট গাৰ্মানে কয়,"সপ্তাহত পাঁচ দিন কাম কৰিবলৈ অফিচলৈ আহিব লাগিব । 10 জন কৰ্মচাৰীৰ ভিতৰত 9 জন কৰ্মচাৰীয়ে এই নীতিক আদৰণি জনাইছে । যিসকলে অফিচৰ পৰিৱেশত কাম কৰিব নিবিচাৰে আৰু ঘৰৰ পৰা কাম কৰিব বিচাৰে তেওঁলোকৰ বাবে বহু কোম্পানী আছে । ইয়াৰ বাবে আমি নতুন নীতি ৰূপায়ণৰ কাম কৰি আছো । ঘৰৰ পৰা কাম কৰি থকাৰ বাবে নতুন উদ্ভাৱন অনাৰ ক্ষেত্ৰত সহযোগিতা কঠিন হৈ পৰিছে । অফিচলৈ আহি তিনিদিন কাম কৰিলে কোম্পানীটোৰ লক্ষ্যত উপনীত হোৱাটো অতি কঠিন ।"

নতুন নীতি কেতিয়াৰ পৰা বাহাল হ’ব?: এণ্ডি জেচিয়ে চিইঅ’ হিচাপে দায়িত্ব লোৱাৰ পিছত আমাজনে ঘৰৰ পৰা কাম কৰা নীতি শেষ কৰাৰ সিদ্ধান্ত লয় । এসপ্তাহত তিনিদিন অফিচলৈ আহিবলৈ নিৰ্দেশ দিয়ে । যোৱা মাহত এণ্ডি জেছিয়ে ঘোষণা কৰিছিল যে কোম্পানীটোত উদ্ভাৱনৰ উন্নতিৰ বাবে পাঁচ দিনৰ বাবে কাৰ্যালয়লৈ অহাটো অতি প্ৰয়োজনীয় । অহা বছৰৰ পৰা এই নতুন নীতি কাৰ্যকৰী কৰাৰ আশা কৰিছে কোম্পানীটোৱে । বৰ্তমান আমাজনত সপ্তাহত তিনিদিন অফিচলৈ অহাৰ নীতি আছে ।

লগতে পঢ়ক:Sale এ আকৃষ্ট কৰিছে গ্ৰাহকক : বৃদ্ধি পাইছে ই-কমাৰ্চ কোম্পানীৰ বিক্ৰী - Festive shopping season

27 লাখ টকা দৰমহা, 50 দিনৰ ছুটী; চাকৰি বিচাৰি থকাসকলে কৰিব পাৰে আবেদন

চৰকাৰী কৰ্মচাৰীসকলৰ আছে পেন্সন, কিন্তু ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে বিকল্প কি !

ABOUT THE AUTHOR

...view details