নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ:Royal Enfield এ ভাৰতৰ বজাৰত মুকলি কৰিছে 2024 চনৰ অন্যতম এখন শক্তিশালী বাইক Classic 350 । যাৰ মূল্য আৰম্ভ হৈছে 1.99 লাখ (এক্স শ্ব’ৰুম) ৰ পৰা । আনহাতে ইয়াৰ টপ-এণ্ড ভেৰিয়েণ্টৰ মূল্য 2.30 লাখ টকা (এক্স-শ্ব’ৰুম)। নতুন বাইকখনত নতুন ৰং, অতিৰিক্ত বৈশিষ্ট্য সংযোগ কৰা হৈছে । 2024 চনৰ নতুন ৰয়েল এনফিল্ড ক্লাছিক 350 ৰ বুকিং আৰম্ভ হৈছে ।
Royal Enfieldত নতুনত্ব কি আছে
Royal Enfield এ দুখন বাইক পাঁচটা ভেৰিয়েন্টত সাতটা নতুন ৰঙৰ বজাৰত মুকলি কৰিছে । ইয়াৰ ভিতৰত হেৰিটেজ (মাদ্ৰাজ ৰেড আৰু যোধপুৰ ব্লু), হেৰিটেজ প্ৰিমিয়াম (মেডেলিয়ন ব্ৰঞ্জ), চিগনেল (কমাণ্ডো ছেণ্ড), ডাৰ্ক (গান গ্ৰে আৰু ষ্টেলথ ব্লেক) আৰু ক্ৰ’ম (এমাৰ্ল্ড) আদি ৰং উল্লেখযোগ্য ।
নতুন বৈশিষ্ট্য
নতুন Royal Enfield classic 350 বহুতো কাৰ্যকৰী বৈশিষ্ট্যৰে ভৰপূৰ । ইয়াৰ ভিতৰত আছে LED হেডলেম্প, LED পাইলট লাইট, ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰত গিয়াৰ পজিচন ইনডিকেটৰ আৰু টাইপ চি ইউ এছ বি চাৰ্জিং প’ৰ্ট । এই সকলোবোৰ বৈশিষ্ট্যৰ সৈতে এই বাইকখন বজাৰত উপলব্ধ বিশেষ সৌন্দৰ্য আৰু চৰিত্ৰৰ সৈতে । ইয়াৰ উপৰিও ৰয়েল এনফিল্ড ক্লাছিক 350 ত প্ৰিমিয়াম ভেৰিয়েন্ট, এমাৰ্ল্ড আৰু ডাৰ্ক ছিৰিজ, ট্ৰিপাৰ পড, লিভাৰ আৰু এল ই ডি টাৰ্ণ চিগনেলৰ সৈতে সজ্জিত ।
বিশেষ অফাৰ
ইয়াৰ বাবে ৰয়েল এনফিল্ড ব্ৰেণ্ডেও ঘোষণা কৰিছে বিশেষ অফাৰ । 1-4 ছেপ্টেম্বৰৰ ভিতৰত নতুন ক্লাছিক 350 বুকিং কৰা গ্ৰাহকে ৰয়েল এনফিল্ড প্ৰস্তুত কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সুযোগ পাব । লগতে বাইকখনৰ ডিজাইনৰ বাবে চেন্নাই ভ্ৰমণৰ সুযোগ লাভ কৰিব ।