লখিমপুৰ, 25 মে’:দিনবোৰ হয়তো ভাললৈ আহিছে ! হয়তো লাহে লাহে নোহোৱা হ’ব পশ্চিমীয়া সংস্কৃতিয়ে অসমীয়াক গ্ৰাস কৰাৰ অভিযোগ ৷ চহকী অসমীয়া সংস্কৃতিৰ বৰঘৰত এলান্ধু নলগাকৈ লোকবাদ্যসমূহ সযতনে ৰাখিব বিচাৰিছে এজন যুৱকে ৷ ককা-দেউতাৰ প্ৰাণৰ বাদ্যসমূহ এজন যুৱকে ধুনীয়াকৈ ধৰি ৰাখিব বিচাৰিছে ৷ দৃশ্যবোৰ দেখিলে আপোনাৰো নিশ্চয় ভাল লাগিব ৷ যুৱকজনে যিদৰে লোকবাদ্যসমূহ ধৰি ৰাখিছে, সেয়া দেখিবলৈ আপুনি নিশ্চয় ভাবিব যে এওঁলোকে কেতিয়াও হানি-বিঘিনি হ’বলৈ নিদিয়ে আমাৰ লোক-সংস্কৃতিক ৷
লোকবাদ্যৰ প্ৰেমত হাবু-ডুবু খাই থকা যুৱকজন লখিমপুৰৰ দিব্যজ্যোতি চুতীয়া ৷ লোকবাদ্যৰ প্ৰেমত দিব্যজ্যোতি কেতিয়া পৰিল, সেয়া তেৱোঁ নাজানে ৷ মুঠতে প্ৰাণভৰি ভালপায় বাদ্যসমূহক ৷ সেয়েহে লুপ্তপ্ৰায় লোকবাদ্যসমূহ নিৰ্মাণৰ লগতে প্ৰায়সমূহ বাদ্য বজাবলৈও চেষ্টা কৰি আহিছে যুৱকজনে ৷
ব্যৱসায়িকভাৱে যুৱকজনে বিশেষ সফলতা লাভ কৰা নাই ৷ তথাপিও টোকাৰী, একতাৰা, দোতাৰা, বীণকে ধৰি প্ৰায়সমূহ বাদ্য তেওঁ নিৰ্মাণ কৰি গৈছে ৷ পূৰ্বে যুৱকজনৰ ঘৰৰ পৰাই কোনো কোনোৱে লোকবাদ্যসমূহ ক্ৰয় কৰিছিল ৷ এইবাৰ পিছে ফাটবিহুতো প্ৰদৰ্শন কৰিছিল তেওঁ নিজেই নিৰ্মাণ কৰা লোকবাদ্যসমূহ৷ গ্ৰাহক তথা সংগীতপ্ৰিয় লোকৰ যথেষ্ট লোকৰ সঁহাৰি লাভ কৰা বুলিও ক’লে দিব্যজ্যোতিয়ে ৷